Wednesday, June 29, 2016

=== মহান আৱিষ্কাৰ নাম্বাৰ ৩ ===

এই এক্সিট প’ল বোলা বস্তুটোৱে মোক সদায় কনফিউজ কৰে, প্ৰথম কথা নামটোৱেই গন্দগোলীয়া, কোনটো এক্সিটতনো এই হিচাপটো কৰে সেইটো মই আজিলৈকে বুজিয়েই পোৱা নাই। কিন্তু সি যি কি নহওক, টিভিত বস্তুটো চাই মজা লাগে, ৰাইজে এনেকৈ কথাবোৰ কয় যেন, কাউণ্টিং কৰাৰ দৰকাৰেই নাই, জিকিব নে হাৰিব সেইটোটো বাদেই, কোনে কিমান ভোট পাব সেইটোৱো তেওলোকে আগতীয়াকৈয়ে জানেই। মোৰদৰে স্থূলবুদ্ধিৰ মানুহে তেওলোকক সৰবজান বুলি ভবাত কোনো দোষ নাই।

এইবাৰো ৰাতি টোপনি খতি কৰি এক্সিট প’ল চাই পৰম আনন্দ লভিলোঁ, বি‍শেষকৈ দুই মেৰুত অৱস্থান কৰা চেনেল দুটাৰ মাজত ইফাল সিফাল কৰি।দুইটাই পুৰাদমে দাবী জনাই আছিল যে তেওলোকৰ ‘এক্সিট পল’ৰ ফলাফল সদায় ‘আখৰে আখৰে’ মিলে, আৰু এইবাৰো মিলিব। ফলাফলৰ পাছত ‘জিকা’ চেনেলটোৱে বাৰে বাৰে সোঁৱাৰাই আছে


- চোৱা, মই কি কৈছিলো? মিলিলেনে এতিয়া? কি বুলি ভাৱিছা আমাক?

‘হৰা’ চেনেলটোৱে মোটাপা কমোৱাৰ দৰব, বেল্ট, শক্তিবৰ্ধক হাৰ্বেল টনিক আদিৰ বিজ্ঞাপন প্ৰচাৰ কৰি আছে সেই সময়চোৱাত।

‘জিকা’ পাৰ্টিৰ কথা পাতি লাভ নাই। হয় তেওলোকে কোৱাও হয়, ফলাফল সেইমতে হোৱাও হয়। গতিকে সেইফালে সেৱা এভাগ জনাই মই ‘হৰা’ চেনেলটোৰ বিশ্লষণত লাগিলো।

‘হৰা’ চেনেলটোত ভূঁঞাদাৰ ভৱিষ্যতবাণী একদম নাটকীয় ইম্পেক্ট দি প্ৰচাৰ কৰা হৈছিল- অনুষ্ঠানৰ আগতেই বাৰে বাৰে কৈ আছিল- যোৱাবাৰ ভূঁঞাদাৰ অনুমান ‘আখৰে আখৰে’ মিলিছিল, তাৰত প্ৰমাণো দিছিল। এনেকৈ আখৰে আখৰে মিলি যোৱা ভৱিষ্যতবাণী কৰোতাজনৰ নিশ্চয় কিবা গুণ আছে, নহ’লে পাৰিব নে? 

পিছে এইবাৰ ক’ত লাগিল গন্দগোলটো? নিমিলিলযে? আগৰবাৰ যি অলৌকিক শক্তিৰে ভৱিষ্যতবাণী কৰিছিল, ক’ত হেৰাল সেই শক্তি?


এই চিন্তাতে মই মানুহটো কেইবাদিনো মুজুৰা মাৰি বহি আছো। ভোক, পিয়াহ, টোপনি তেনেই নাইকিয়া হৈছে।

শেষত আজি পূৱা প্ৰাতঃকৃত কৰি থকা সময়ত যেনিবা মোৰ কঠোৰ সাধনাত সিদ্ধি লাভ হ’লগৈ।(প্ৰায়ে এই সময়টোতে হয় মোৰ সিদ্ধিলাভ বিলাক, যদিহে মানুহজনীয়ে টইলেটৰ দু্ৱাৰত নঢকিয়াই)। বুজি পাই গ’লো মই খেলটো।

যোৱাবাৰ ভূঁঞাদাৰ কথা আখৰে আখৰে মিলিছিল, কাৰণ সেইবাৰ তেওৰ পাৰ্টিটো জিকিছিল। এইবাৰ নিমিলিল, কাৰণ আনটো পাৰ্টি জিকিল।

তেওৰ ভৱিষ্যতবাণী হ’ল একেটাই, সেইটো ফলিয়াব নে নফলিয়াই কথাটো নিৰ্ভৰ কৰিব,-- কোনটো পাৰ্টি ইলেকচনত জিকে, তাৰ ওপৰত।

মই গেৰাণ্টি দি কব পাৰো, আকৌ যদি কেতিয়াবা অসমত কংগ্ৰে‍ছ পাৰ্টি জিকে, সেইবাৰো ভূঁঞাদাৰ ‘এক্সিট প’ল’ আখৰে আখৰে মিলিব।

চাবজেক্ট টু দা কণ্ডিচন ডেট “চেনেল মেৰু সলনি নহব লাগিব।“

No comments:

Post a Comment