Monday, February 20, 2017

==পদ্মপতি চাৰ==

-মে' আই কাম ইন চাৰ?


- গে'ট আউট 

কিন্তু সকলোৱে ভৱাৰ দৰে কথাটো ইয়াতে শেষ নহয়। মোৰ যদি কামটো সঁচাকৈয়ে বৰ জৰুৰী..আৰু যদি আন কোনো ৰাষ্টা নাই, মই আকৌ এবাৰ চেষ্টা কৰিবই লাগিব। মই আকৌ দুৱাৰখনৰ ওচৰলে যাম আৰু কম....

- চাৰ মই আপোনাৰ লগত কথা পাতিবই লাগিব!

- কি লাগে? 

ইয়াৰ পাছত আৰু কোনো সমস্যা নাই। যিমানেই ডাঙৰ অসুবিধা নহওক..যিয়েই সমস্যা নহওক...কোনো নিৰাশ হৈ ঘুৰি অহাৰ উদাহৰণ নাই। 

***

ষষ্ঠ চেমিষ্টাৰৰ পৰীক্ষা চলি আছে, কেমিকেলৰ সঞ্জয় মিত্ৰ হঠাৎ গুৰুতৰ ভাৱে অসুষ্ঠ হৈ পৰিল। বিদ্যুৎহঁতে প্ৰিন্সিপালৰ ওচৰলৈ গ'ল এম্বুলেন্স বিছাৰি- আৰু গালি খাই ঘুৰি আহিল। হোষ্টেলত আমাৰ বেটচৰ কেইটাৰ বাবে কোনো নাই। উপায়বিহীন হৈ আমি ৰিক্সা এখন মাতি আনিলো, আৰু মই ৰিক্সাখনত সঞ্জয়ক লৈ কলেজ ডিচপেচেৰীখনলৈকে ওলালো, বাকীবোৰ পিছে পিছে খোজকাঢ়ি আহি আছে। 



হঠাৎ দেখিলো সিফালৰ পৰা এম্বুলেন্স খন আহি আছে, আগৰ ছিটত প্ৰিন্সিপাল চাৰ! ৰিক্সাখন দেখি তেওৰ গাড়ীৰ পৰা নামি আহিল, আৰু পোনে পোনে মোক সুধিলে

- তুমি হেল্থ মণিটৰ নেকি? 

- নহয় চাৰ।

- তোমাৰ পৰীক্ষা চলি থকা নাই জানো?

- হয় চাৰ। 

- তেন্তে এইবোৰ কি কৰি আছা? তেওক এম্বুলেন্সত উঠাই দিয়া আৰু হোষ্টেললৈ যোৱাগৈ। 

তেও নিজে সঞ্জয়ৰ চিকৎসা কৰাই গধূলি তাৰ হোষ্টেলত নমাই থৈ গ'লহি।

****


৭ম চেমিষ্টাৰৰ কথা। আমাৰ বেটচৰ কেইটা মাঘবিহুত ঘৰলে যাব পৰা নাই, বিহুৰ পিছতে পৰীক্ষা। প্ৰকাণ্ড ছয় নম্বৰ হোষ্টেলটোত মাত্ৰ আমি পাঁচটা। ঘৰলে যাবলৈ নোপোৱাৰ খং, পৰীক্ষাৰ টেনচন...সকলো মিলাই এটা অদ্ভূত মানসিক অৱস্থা। কলেজখনলৈকে খং উঠি আছে। দুই এজনে ষ্ট্ৰীট লাইটলৈ শিলগুটি মাৰিলেই।
শিক্ষকসকলো প্ৰায়বোৰ নাই, প্ৰিন্সিপাল চাৰ আছে বুলি জানো। কলেজ কেম্পাছত সেই সময়ত এসোপামান নাৰিকল গছ আছিল,ভৰি ভৰি লাগিছিল। আমি প্ৰিন্সিপালে সেই কেইজোপাকে ৰখি আছে বুলি কৌতুকো কৰিলো। দুজোপামান শুকান গছো কাটি থোৱা আছে। প্ৰিন্সিপাল নেথাকিলে মোটামোটি মেজি এটা জ্বলাবই পাৰিলোহেতেন আমি। 


উৰুকাৰ দিনা গধূলি, হোষ্টেললৈ ট্ৰেইলাৰ লগোৱা ট্ৰেক্টৰ এখন সোমাই আহিল। প্ৰিন্সিপালে গোটেই হোষ্টেল কেইটালৈকে শুকান খৰি আৰু নাৰিকল দি পঠাইছে। লগতে আদেশ দিছে যাতে গধূলি আমি মেজি জ্বলাও। তেও হেনো ৰাতি আহি চাব, সঁচাকে আমি মেজি জ্বলাইছো নে নাই!

মোটামোটি ভালেই হ'লগৈ আমাৰ মেজি ভোজটো। 

*****
এনে কাহিনীৰ শেষ নাই। আৰু এইবোৰ কাহিনীৰ কেন্দ্ৰীয় চৰিত্ৰ এটাই।

অপৰ্ণ কুমাৰ পদ্মপতি চাৰ..হয়তো অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ সকলোতকৈ বৰ্ণিল চৰিত্ৰৰ অধ্যক্ষ- অসমৰ সৰ্ব-প্ৰথম পৰিবেশকৰ্মী সকলৰ এজন, দেশ বিদেশৰ হাজাৰ হাজাৰ ছাত্ৰ ছাত্ৰীৰ পথ প্ৰদৰ্শক, বন্ধু, যোৱা ১৬ চেপ্টেম্বৰত আমাৰ মাজৰ পৰা হেৰাই গ'ল। অন্ত পৰিল এক সাগৰসম ব্যক্তিত্ত্বৰ অসাধাৰণ জীৱন কাহিনীৰ।

কিছুদিনৰ আগৰ কথা, উমৰংছুলৈ আমুৰ ফেলকনৰ আগমণ সম্পৰ্কীয় মোৰ এটা প্ৰৱন্ধ প্ৰকাশ পাইছিল আমাৰ অসম কাকতত। সেই প্ৰৱন্ধ পঢ়ি তেজপুৰৰ পৰা এজন ব্যক্তিয়ে মোলৈ ফোন কৰিলে, কথা প্ৰসংগত মই অসম অভিযান্ত্ৰিক মাহাবিদ্যলয়ত পঢ়া বুলি গম পাই, তেও মোক পদ্মপতি চাৰৰ কথা ক'লে-তেওলোকৰ এটা পৰিবেশ সম্পৰ্কীয় NGO আছে, আৰু চাৰো তাৰ সক্ৰিয় সদস্য। ঘটনাক্ৰমে তেওলোক সেই NGO ৰ অফিচতে আছে আৰু লগতে চাৰো বহি আছে। মই ফোনটো চাৰক দিবলৈ ক'লো।

চাৰৰ মাত শুনিলো প্ৰায় বিছ বছৰৰ মুৰত, দুই এটা ঘটনাৰ ৰেফাৰেন্স দিয়াত মোক চিনিও পাই গ'ল।(চাৰৰ স্মৃতিশক্তি অসাধাৰণ আছিল, হেজাৰ হেজাৰ ছাত্ৰ ছাত্ৰীৰ প্ৰায়বোৰকে মনত পেলাব পাৰিছিল চাৰে)। 

তাৰ পাছত চলিল সুদীৰ্ঘ আলোচনা। কপিলী জলবিদ্যুৎ প্ৰকল্পত চাৰৰো যথেষ্ট অৰিহণা আছিল। তাৰ পাছত আহিল প্ৰকৃতি সম্পৰ্কীয় কথা বতৰা। উমৰংছুত পৰ্যটনৰ সম্ভাৱনীয়তা আৰু আমি কি কৰিব পাৰো সেই বিষয়ে বহুতো উপদেশ পৰামৰ্শ দিলে। (তাকে আধাৰ কৰি মই এটা প্ৰৱন্ধও লিখিলো, আলোচনীত প্ৰকাশ হৈছিল)। ঘৰৰ কথা, স্বাস্থ্যৰ কথা, চাকৰি, সামগ্ৰিক পৰিস্থিতি, সকলো বিষয়ে। জীৱনত প্ৰথম বাৰৰ বাবে চাৰ লগত বন্ধুৰ দৰে কথা পাতিলো- অনুভৱ কৰিলো চাৰৰ ভিতৰত এতিয়াও তগবগাই আছে অফুৰন্ত প্ৰাণশক্তি। মোৰ ফোনত বেটেৰী শেষ হ'লগৈ..উমৰংছুলৈ অহাৰ প্ৰতিশ্ৰুতি দি চাৰে ফোন ৰাখিলে। 

পিছে শাৰিৰীক অসুস্থতাই চাৰক সেই প্ৰতিশ্ৰুতি ৰক্ষা কৰিবলৈ নিদিলে। অসুস্থতাৰ মাজতো নিজৰ কৰ্মময় জীৱন অব্যাহত ৰখা মানুহজন গ'লগৈ। এটা কথা ঠিক, এইচিৰ হাজাৰ হাজাৰ ছাত্ৰ ছাত্ৰীৰ মাজত এজনো এনে ছাত্ৰ নোলাব, যি এ ই খবৰটো শুনি বুকুত অলপ বিষ অনুভৱ নকৰিব!!

No comments:

Post a Comment