Saturday, February 25, 2017

== আগতে চাউল কঠা, তাৰ পিছতহে হৰি কথা==


এই কথাটো মই মনে প্ৰাণে বিশ্বাস কৰো আৰু সদায় মানি চলিবলৈ চেষ্ট কৰো।
কিছুলোকে এই কথাটো নমনাৰ বাবেই মোৰ শৈশৱ বোলা সময়চোৱাৰ একো সুখকৰ সোঁৱৰণি আজি মোৰ ওচৰত জমা নাই। সোণালী শৈশব বোলা শব্দটো মোৰ বাবে সদায়েই এটা ' অহৌবলীয়া কবিৰ অহেতুক সাহিত্য" হৈয়েই থাকিল। সেয়ে এই বিষয়টোত মই জোখতকৈ অলপ বেছি সংবেদনশীল। মোক বেয়া পাব খোজা সকলক নকও, কিন্তু ভাল পাব খুজিও বেয়া পোৱা সকলক কথাটো জনাই থলো।
হতাশ হে ভাগি পৰিব খোজা সময়চোৱাতে মই 'বিন্দাছ' হোৱাৰ কৌশলটো কেনেবাকে শিকি পেলালো, গতিকে চলি থাকিলো, চলাই থাকিলো আৰু চলি যাম বুলিও বিশ্বাস এটা গঢ়ি তুলিলো। 


ফেচবুকত কিছুমান লোকৰ সাময়িকীৰ ওপৰত প্ৰতিক্ৰিয়াই মোক উৎসাহিত কৰে, পিছে খুচৰিলে দেখা পাও 'আগফালে দুৱাৰ ডাং, পিছফালে ঢোবাং বাং' ( সকলো নহয় অৱশ্যে)। আকৌ কিছুমানে হতাশ কৰিলেও এন্ধাৰৰ মাজতে এজোলোকা অচিনাকী পোহৰ বিছাৰি পাও। বিবুদ্ধিত পৰো। 

মই দৃঢ় বিশ্বাস, নিজৰ জাতিটো শক্তিশালী কৰিবলৈ হ'লে পোনতে নিজকে শক্তিশালী কৰি লোৱা প্ৰয়োজন। মাহী আইৰ চকু, শোষণ- নিস্পেষণ হয়তো আছে, আৰু থাকিবও। কিন্তু এইবোৰ বোধহয় আমি নিজে 'Allow' কৰিছো কাৰণেহে বেছিকে হৈছে। পৰিবেশ লাগে যিমানেই প্ৰতিকূল নহওক কিয়,(আৰু জোখতকৈ বেছি প্ৰতিকূল হোৱাতো সত্য) আমি পোন প্ৰথমে নিজৰ 'চাউল কথা' যোগাৰ কৰাতহে সৰ্বশক্তি প্ৰয়োগ কৰিব লাগে। আৰু এইটো এটা প্ৰত্যাহ্বান ৰূপে লব লাগে। যি কৰিব পাৰে, তেওহে 'হৰি কথা' কোৱাৰ যোগ্যতা অৰ্জন কৰে, অন্ততঃ মোৰ হিচাপত। আৰু ইয়াত চাউল কঠা মানে চাউল কঠাই, টয়টা ফৰ্চুনাৰ নহয়। 

চাৰ্ভাইভ কৰিব লাগিব, আৰু Those who are the fittest, they will only survive. আৰু আনৰ ওপৰত সকলো দোষ জাপি দি কান্দি থকাক চাৰ্ভাইভ কৰা বুলি নকয়। বুজাত কঠিন হ'লে গুগলত কুৰ্দ বিলাকৰ অৱস্থাৰ বিষয়ে অলপ খুঁচৰি চালেই হ'ল। 

এজনে মোলৈ এদিন এটা বাৰ্তা পঠালে, মই অলপ 'গাধা খাটন' দিয়া ধৰণৰ মানুহ বুলি তেও জানে। বাৰ্তাটোৰ মতে- সিংহই একো কাম নকৰে, কেৱল সপ্তাহত এবাৰ চিকাৰ কৰে। তথাপিও সিংহ অৰণ্যৰ ৰজা। গাধই দিনে ৰাতিয়ে পৰিশ্ৰম কৰে। কিন্তু সি সদায় 'গাধ'ই, তাৰ একো উন্নতি নাই। 

মোৰ উত্তৰ আছিল- বন্ধু! তুমি কেতিয়াবা 'চৰকাৰী গাধ সুৰক্ষা আঁচনি'ৰ কথা শুনিছানে? পিছে সিংহ, বাঘ সকলোকে সুৰক্ষা দিবৰ বাবে চৰকাৰে বহু আঁচনি কৰিছে,লাখ লাখ টকা খৰছ কৰিব লগা হৈছে। মোক আনৰ বলত সুৰক্ষিত হৈ থাকিবলে নেলাগে। তাতকৈ গাধই হম মই। 

যি বেকগ্ৰাউণ্ড, যি শিক্ষা বা যি সুবিধাই নেপাওক লাগে, যেনে তেনে নিজৰ চাউল কঠা পোন প্ৰথমতে যোগাৰ কৰিব পৰা সকলৰ পৰাহে হৰি কথা শুনাৰ ইচ্ছা হয় মোৰ। চৰকাৰী(অহেতুক) সুবিধা এসোপাৰ বাবে নিজকে শোষিত নিষ্পেষিত বুলি প্ৰতিপন্ন কৰিবলৈ চেষ্টা কৰি থকা সকলক শ্ৰদ্ধা কৰিব নোৱাৰো।

No comments:

Post a Comment