Monday, February 20, 2017

== মিউটাণ্ট ক্ৰনিকলচ==



আজিৰ দিনৰ ইণ্ডিয়ান টীমটোত যদি গাভাস্কাৰ, দুলীপ চৰদেশাই, বিজয় হাজাৰে, মনচুৰ আলি খান পাটাউডী, আন নেলাগে কপিল দেৱ আদিও থাকে.. আদি থাকে তেন্তে পুৰা খেলখন ৰোহিত আৰু বিৰাটেই খেলিব লাগিব তাত কোনো সন্দেহ নাই। তাৰিণী দা, প্ৰতিভূ দা, অগ্নি এই সকলোবোৰ এসময়ৰ বিখ্যাত কিন্তু আজিৰ ৰিটায়াৰ্ড প্লেয়াৰ। গতিকে দিগন্ত দা আৰু ময়েই ৰোহিত, বিৰাটৰ ভাৱত অৱতীৰ্ণ হৈছো। কিমান চিক্স ফৰ কোনফালে গৈছে তাৰ হিচাপ নোহোৱা হৈছে।

এইখন খেলৰ 'থীম' কি সোধাতকৈ, কি বাকী থাকিল সেইটো সোধাহে ভাল হব। GST ৰে আৰম্ভ কৰি পেপাৰ মিল, নুমলীগড় চুই, দীপা কৰ্মকাৰক লগ ধৰি এতিয়া আয়ুৰ্ৱেদত জমি উঠিছে এতিয়া।

কিডনীৰ কাম হল দেহৰ পৰা টক্সিন বিলাক পানীৰ লগত মিহলাই বাহিৰ কৰা। সেয়াই মূত্ৰ। তেন্তে সেই মূত্ৰ দেহৰ কাৰণে উপকাৰী হল কেনেকৈ?


কিন্তু ইমান ডাঙৰ মানুহে কৈছে যেতিয়া ইয়াত কিবা নিশ্চয় আছে। ৰহস্য কি ইয়াৰ?
দহ- বাৰটা মগজুৱে তীব্ৰ গতিত চিন্তা কৰিবলৈ লাগিল। কেটেলিষ্ট পৰি থকা মগজকেইটাই তো ফেৰাৰিৰ ৰেচিং কাৰখনত মাইকেল চুমাখাৰ বহি লোৱাৰ গতি ধৰিলে। শেষত এজনে চিঞৰি উঠিল ..
ইউৰেকা.........................

- কিয়!! ভেকচিনৰ দৰে কাম কৰিব আকৌ!!

- কেনেকৈ ?

- আৰে চিম্পল কথা! যিদৰে সাপৰ বিষ অলপ অলপ কৈ খাই থাকিলে এসময়ত মানুহেসেই বিষ হজম কৰিব পৰা হয়গৈ তেনেকে, বিষাক্ত মুত্ৰ অলপ অলপ কৈ বহুদিন খাই থাকিলে এদিন এইবোৰ বিষ হজম কৰিব পৰাকৈ মিউটেচন হৈ যাব। তেতিয়া তুমি মাৰ্কাৰী খোৱা, আৰ্চেনিক খোৱা খাই থাকিব পাৰিবা। এইবোৰে তোমাৰ নোম এডালো লৰাব নোৱাৰিব।
 
- কিন্তু, এটা সমস্যা আছে। এই মূত্ৰ-মিউটাণ্ট বোৰ ডেঞ্জাৰাছ মাল হোৱাৰ সম্ভাৱনা আছে।
 
- মানে? 

- কিয় সৰ্পকণ্যা দেখা নাই চিনেমাত? তেওলোকে সাপৰ বিষ খাই, দেখিবলৈয়ো ধুনীয়া, কিন্তু কেনেবাকে তোমাক চুমা এটা খাই দিলে তুমি ফিনিছ, মৰিলা তুমি...... এফালৰ পৰা নীলা পৰি যাবা।
 
- কথাত যুক্তি আছে!! হয় হয় !! ডেঞ্জাৰাছ মাল হব সেইবিলাক!!
 
ইমানেলেকে ঠিকেই আছিল, হঠাৎ লাগিল লেঠাতো। দিগন্তদাই সৰ্পকণ্যাৰ ৰূপ বৰ্ণনা কৰি থাকোতে অলপ আবেগিক হৈ পৰিল আৰু তেওলোকে জিভাখন উলিয়াই কিদৰে লিকলিকাই থাকে সেইটো অভিনয় কৰি দেখুৱালে। লগে লগে সদনত প্ৰশ্ন উঠিল
 
- সৰ্পকণ্যাৰ যদি জিভাখন সাপৰ নিচিনা হৈ যায় তেনে এই গোমূত্ৰ খাই মিউটেচন হোৱা গোকণ্যা বা গোপুত্ৰ আদি বিলাকৰ ৰূপ বা ব্যৱহাৰ কেনে হব? 

খেলৰ পাৱাৰ প্লে' আৰম্ভ হৈ গল।
 
কোনোৰ মতে তেওলোক মাজবাটত পেট পেলাই শুই থাকিব, হাজাৰ হৰ্ন মাৰিলেও নুঠে। কোনোৱে হাম্বা হাম্বা কৈ কথা পাতিব বুলিও কলে। প্ৰতিভূদাই বিশেষ নকৈ, তেওলোকে খানাবোৰ এবাৰ খোৱাৰ পাছত আকৌ উকলিয়াই পাগুলি পাগুলি (মানে ভালকৈ চোবাই) খাব বুলি নিজৰ গম্ভীৰ মন্তব্য ৰাখিলে।
  মই আৰু এঢাপ আগুৱাই মাটিত লঠিয়াই ফোৰোহনি মাৰি শিং জোকাৰি দেখুৱালো।
 
পিছে শেষত গৈ কোনটো সিদ্ধান্ত হলগৈ সেইটো মনত নাই পৰা পিছে এতিয়া!!

No comments:

Post a Comment