Monday, February 20, 2017

== বালি- শিলগুটিৰ সাধু ==


কলেজৰ শ্ৰেণীকোঠাটোলে প্ৰফেচাৰ সোমাই আহিল, হাতত এটা ডাঙৰ মোনা। তেও ধীৰে সুস্থিৰে এটা এটাকৈ মোনাৰ পৰা অদ্ভূত বস্তু কিছুমান উলিয়াই টেবুলৰ ওপৰত ৰাখিবলৈ আৰম্ভ কৰিলে। প্ৰথমতে উলিয়ালে এটা ডাঙৰ আইনাৰ বৈয়াম। তাৰ পাছত কিছুমান ডাঙৰ ডাঙৰ শিলগুটিত উলিয়াই তেও বৈয়ামটোত ভৰাবলৈ লাগিল। শিলগুটি আৰু নোজোৰা হোৱাত তেও ছাত্ৰসকলক সুধিলে 

- বৈয়ামটো ভৰ্তি হ’লনে?

- হ’ল চাৰ।

এইবাৰ তেও আৰু কিছুমান সৰু সৰু শিলগুটি বৈয়ামটোত ভৰাবলৈ লাগিল। ডাঙৰ শিলগুটিবোৰৰ মাজে মাজে আৰু বহুত সৰু শিলগুটি সোমাল। তেও বৈয়ামটো জোকাৰি জোকাৰি যিমান পাৰে সৰু শিলগুটি সুমুৱালে।

-এইবাৰ হ’ল নে?


- ভৰ্তি হৈ গ’ল চাৰ। 

ছাত্ৰ-ছাত্ৰীসকলক অলপ ৰবলৈ কৈ তেও এইবাৰ মোনাৰ পৰা বালি এগাল উলিয়ালে, আৰু বৈয়ামটোত অলপ অলপকৈ বালি দি তেও জোকাৰিবলৈ ধৰিলে। ডাঙৰ আৰু সৰু শিলগুটিৰ মাজে মাজে বহুখিনি বালি সোমাল।বৈয়ামৰ একেবাৰে মুখলৈকে বালি ভৰাই তেও হাতেৰে হেঁচি সমান কৰি দিলে। নিশ্চিত কৰিলে যাতে তাত আৰু একো নোসোমায়!

- এতিয়া একা।

- হয় চাৰ, এইবাৰহে পুৰা ভৰ্তি হ’ল আৰু একো সুমুৱাব নোৱাৰি। 

এইবাৰ প্ৰফেচাৰে মোনাৰ পৰা বিয়েৰৰ বটল এটা উলিয়ালে, আৰু লাহে লাহে বৈয়ামত বাকী দিলে। শুকান বালিয়ে গোটেই বটল বিয়েৰ শুহি ল’লে। 

ছাত্ৰ-ছাত্ৰীসকল প্ৰফেচাৰৰ ব্যাখ্যা শুনিবলৈ উৎসুক হৈ পৰিল, তেওলোকক অলপ সময় নিজে চিন্তা কৰিবলৈ এৰি দি প্ৰফেচাৰে এটা নাটকীয় বিৰতি ল’লে; আৰু তাৰ পাছত আৰম্ভ কৰিলে

- এইগোটেই প্ৰক্ৰিয়াটো মই ওলোটাকৈ কৰিব পাৰিম নে? বিয়েৰ বাৰু বাদ দিয়া, বাকী খিনি, মানে বালি প্ৰথমতে আৰু ডাঙৰ শিলবোৰ শেষত। 

নোৱাৰি চাৰ, প্ৰথমতেই বালি ভৰাই দিলে তাত আৰু একো নোসোমায়। 

প্ৰফেচাৰৰ মুখত জান নেজান হাঁহিৰ ৰেখা, তেও ভৱামতেই কথাবোৰ আগবাঢ়িছে।

- মই এতিয়া তোমালোকক কম, এই বালি আৰু শিলবোৰ আচলতে কি? এইযে বালিবোৰ, সেইবোৰ হ’ল আমাৰ জীৱনৰ সৰু সুৰা প্ৰয়োজনবোৰ, যেনে ভাল মাছেৰে এসাজ ভাত, নতুন ডিজাইনৰ চোলা এটা, বন্ধুৱান্ধৱৰ সৈতে পিকনিক এটা, এটা আমোদ ভ্ৰমণ, ইত্যাদি। আৰু এই সৰু সৰু শিলগুটিবোৰ হ’ল তোমালোকৰ পঢ়া-শুনা কেৰিয়াৰ, অন্ন- বস্ত্ৰ-বাসস্থানৰ চিকিউৰিটি, কাৰো বোজা হৈ জীয়াই থাকিব নলগা অৱস্থা এটা, এইবোৰ কথা। প্ৰয়োজন দুইটাৰে আছে, বালিৰো, সৰু শিলগুটিৰো। সৰু সৰু আনন্দইহে জীৱন সুখৰ কৰি তোলে। কিন্তু তোমালোকে যদি জীৱনৰূপী বৈয়ামটো প্ৰথমতেই বালিৰে ভৰাই দিয়া, তেনে তাত সৰু শিলগুটিৰ বাবে ঠায়েই নাইকীয়া হব। 

- বুজিলো চাৰ, প্ৰায়ৰিটি মতে কাম কৰিব লাগিব। কিন্তু চাৰ এই ডাঙৰ শিলগুটি বোৰে কি বুজায়?

- সেইটোৱেই সকলোতকৈ ডাঙৰ প্ৰশ্ন। সেইবোৰ হ’ল তুমি মানুহ হিচাপে জন্ম লোৱাৰ কাৰণ- your very reason of being. মনত ৰাখিবা আমি সকলোৱেই এক বিশেষ উদ্দেশ্য আৰু প্ৰতিভা লৈ জন্ম গ্ৰহণ কৰিছো, আৰু পৃথিৱীখনে আমাৰ পৰা কিবা আশা কৰে, সেইটো আমাৰ জীৱনৰ মূল দ্বায়িত্ব। বালি আৰু সৰু শিলৰ কথা আমি সকলোৱেই উপলব্ধি কৰো, আৰু সেইমতে আহোপুৰুষাৰ্থও কৰো, সফলো হও। কিন্তু সেই সফলতাই পৃথিৱীখনক একো দি যাব নোৱাৰে। মই জন্ম হ’লো, পঢ়ি শুনি কিবা কাম কৰিলো, উপাৰ্জন কৰিলো, ঘৰ এটা সাজিলো, গাড়ী কিনিলো, আনন্দ কৰিলো, আৰু এদিন মৰি থাকিলো। কিন্তু এইটো জীৱনৰ পৰা পৃথিৱীখনে কি পালে? মই জন্ম নোহোৱা হ’লে পৃথিৱীখনৰ কি লোকচান হ’ল হেতেন? মোৰ জীৱনৰ শেষ তহবিলত প্ৰকাণ্ড শূন্য এটাৰ বাদে কি বাকী থাকিল?
তোমালোকে নিশ্চয় মন কৰিলা, এই ডাঙৰ শিলগুটিৰেই আমি জীৱনটো প্ৰথমতে ভৰাব লাগে। সদায় কিবা এনে কাম কৰিব লাগে যাতে আমি এই পৃথিৱীখন এৰি থৈ যোৱাৰ পাছত কিবা হ’লেও অকণমান যোগাত্মক শক্তি থাকি যায়, যাৰ পৰা সকলোৰে উপকাৰ হয়, আৰু মানুহেও আমাক মনত ৰাখে। সেইটো কৰিব পৰা ক্ষমতা আমাৰ সকলোৰে আছে, কিন্তু আমি সদায় এই ডাঙৰ শিলগুটি বিলাকক উপেক্ষা কৰো। 

এই ক্ৰমত সজাব পাৰিলেহে আমাৰ জীৱনটো সফল হব। বহু মানুহ দেখিবা তুমি, জীৱনটো কেৱল বালিৰেই ভৰা, কাৰোবাৰ লগতে দুই এটা সৰু শিলগুটি। কিন্তু ডাঙৰ শিলগুটিৰে জীৱনটো প্ৰথমতে পৰিপূৰ্ণ কৰা লোক কমেই দেখিবা, কিন্তু তাৰ অৰ্থ এইটো নহয় যে তেওলোকে নিজৰ জীৱনৰ বালি আৰু সৰু শিলগুটি ভৰাবই নোৱাৰিব। 

শ্ৰেণীকোঠাত কিছুসময় নীৰৱতা। হঠাতে এজনে প্ৰশ্ন কৰিলে-

-চাৰ, আপুনি যে বিয়েৰ ঢালিলে, তাৰ তাৎপৰ্য কি?

প্ৰফেচাৰে এইবাৰ খোলাকৈয়ে হাঁহিলে

- মই বালি শিলেৰে বৈয়ামটো পুৰা ভৰ্তি কৰাৰ পাছতো বিয়েৰখিনি তাত সোমাই গ’ল। বিয়েৰখিনিয়ে ফুৰ্তি বুজাইছে। তোমাৰ জীৱনটো যিমানেই ব্যস্ততাৰে ভৰপুৰ নহওক কিয়, তাত সদায় অলপমান ফুৰ্তি আনন্দৰ কাৰণে ঠাই থাকেই। 

এই সাধুটো ইণ্টাৰনেটত বহুল প্ৰচলিত। মই মোৰ ব্লগটো আৰম্ভ কৰিছিলো এই সাধুটোৰ কথাৰে...সাধুটোৰ অৰ্থ বুজিছিলো ঠিকেই, কিন্তু তাক কাৰ্যকৰী কৰিব খোজোতে বহু কিছু সমস্যা আহিল। সেই সমস্যাবোৰ আজিও তেনেকৈয়ে আছে।
মোৰ জীৱনৰ ডাঙৰ শিলগুটি কেইটা বহুদিনৰ পৰা বিছাৰিয়েই উলিয়াব পৰা নাই, লগৰ চিনাকী মানুহবোৰৰো একেই গতি। 

অলপ ব্যক্তিগত কথাৰে আলোচনা আগবঢ়োৱা হওক, 

এটা নিম্ন মধ্যবিত্ত পৰিয়ালত জন্ম হৈ মই এটা সাধাৰণ বাল্যৱস্থাই কটাইছিলো, মানে বহু প্ৰয়োজন পুৰণ নোহোৱাকৈ আছিল। পিছে এই পুৰা নোহোৱাকৈ থকা ইচ্ছা বা প্ৰয়োজন বিলাকেই আছিল আমাৰ দৰে মানুহ জীৱনৰ চালিকা শক্তি। আমাক শিকোৱা হৈছিল, জীৱনত উন্নতি কৰিবলৈ হ’লে এতিয়া বহুত কষ্ট কৰিব লাগিব। কষ্ট নকৰাও নহয়, সামাজিক ভাৱে গ্ৰহণযোগ্য পথটোতে থাকিবৰ বাবে বহুতো প্ৰলোভনৰ পৰা নিজকে ৰক্ষা কৰি নথকাও নহয়; কিন্তু সেই ‘জীৱনত উন্নতি’ বোলা কথাষাৰৰ সংজ্ঞা স্পষ্ট নোহোৱাকৈয়ে থাকি গ’ল। 

আমাৰ প্ৰায়বোৰৰে এই উন্নতি বোলা শব্দটোৰ সংজ্ঞাই সাধাৰণতে মাত্ৰ কেইটামান বস্তুহে সামৰি লৈছিল- এটা বৃত্তিমূলক শিক্ষা, এটা ভাল দৰমহা পোৱা চাকৰি, আৰু তাৰ পাছত অৱধাৰিত ভাৱে এখন নিজা গাড়ী, ৰঙীন টিভি, প্ৰত্যেক সাজতে চিকেন ইত্যাদি। কিন্তু মনকৰিবলগীয়া কথা, এই সপোনবোৰ আমি দেখিছিলো কৈশোৰ যৌৱনৰ সন্ধিক্ষণত, মানে ইংৰাজীত যাম Formative years বুলি কোৱা হয়। আৰু অলপ ব্যক্তিগত কথা কও, অষ্টম শ্ৰেণীত পঢ়ি থাকোতে হঠাতে মই সিদ্ধান্ত কৰিলো, মই ইঞ্জিনিয়াৰ হব পাৰিলে ভাল, একমাত্ৰ কাৰণ সেই সময়ত মই চকুৰে দেখা ইঞ্জিনিয়াৰ সকলৰ জীৱনশৈলীয়ে মোক আকৰ্ষণ কৰিছিল। মোৰ দৰে আন কোনোবাই আন আন বৃ্ত্তিধাৰী হোৱাৰ সপোন দেখিছিল- পিছে সকলোৰে পিছত কাৰণ আছিল এটাই, - বেছি ধনৰ মালিক হোৱা। অন্তৰত এইযে সমৃদ্ধিশালী হোৱাৰ অদম্য ইচ্ছাটোৱে বাঁহ বান্ধিলে, সেইটো কিন্তু আজি মই বেয়া কথা হ’ল বুলি নেভাৱো। সেই ইচ্ছাটোৱেই আমাক বহু প্ৰলোভনৰ পৰা বচাই ৰাখিলে, পৰাজয়ৰ মুখত আকৌ নতুনকৈ আৰম্ভ কৰিবলৈ সাহস দিলে, আৰু মোৰ সকলো শক্তি-প্ৰতিভা এই মোক এজন বৃত্তিধাৰী ৰূপে গঢ়ি তোলাত লগাই দিবলৈ অনুপ্ৰেৰণা দিলে। আজি মই কিমান সফল হ’লো সেইটো যদিও মোৰ বাবেই এক উত্তৰবিহীন প্ৰশ্ন যদিও এইটো কথা ঠিক যে মই ভগৱানৰ কৃপা, অলপ ভাগ্য আৰু মোৰ অঁকৰা মৈত উঠাৰ দৰে কৰা প্ৰচেষ্টাৰ বলত এই বৃত্তিমূলক ডিগ্ৰীটো ঘটিলোগৈ আৰু বহু উত্থান পতনৰ মূৰত চৰকাৰী চাকৰি এটাও পালোগৈ। এই চাকৰিটোৱে মোক পৰিয়াল, মা-দেউতাক বৃদ্ধ বয়সত চাব পৰাকৈ ধনো দিয়ে।আৰু ১০০% ন্যায়সংগত ভাৱে আজি মই ইচ্ছা কৰিলে প্ৰত্যেক সাঁজতে চিকেন খাব পাৰো(তাকো ডাক্তৰে হকাবাধা নকৰিলে)। মানে সৰুকালত মই যিবিলাক অপুৰ্ণ ইচ্ছাৰ বাবে এই বৃত্তিধাৰী শিক্ষাৰ প্ৰতি আকৰ্ষিত হৈছিলো, সেইবোৰ প্ৰায়বোৰেই পুৰণ হ’লগৈ। 

কিন্তু কথাটো সঁচানে? কেৱল পইচাই মোৰ জীৱনত ডাঙৰ শিলগুটি হ’লগৈ নেকি শেষত? তেন্তে আজি মোৰ মনত শান্তি নাই কিয়?

সমস্যাটো আৰম্ভ হৈছিল সৰুতেই, আমাক ৰচনা লিখিবলৈ দিয়া হৈছিল, “ তোমাৰ জীৱনৰ লক্ষ্য” ! আনে আন কিবা কিবি লিখিছিল, কিন্তু সৰুতেই মই ইঞ্জিনিয়াৰ সকলক দেখি মন্ত্ৰমুগ্ধ হৈ পৰা বাবে মোৰ প্ৰিয় উত্তৰ আছিল, “ মই এজন অভিযন্তা হব বিছাৰো”। আৰু সেইদৰেই মই ২২ বছৰ বয়সত ডিগ্ৰীটো লাভ কৰিলো, ২৪ বছৰ হোৱাৰ আগে আগে চাকৰিটোও পাই গ’লো। আৰু বেছি পঢ়া শুনা কৰিবলৈ বা ইয়াতকৈয়ো ভাল চাকৰি বিছাৰিবলৈ মোৰ এলাহ লাগিল। 

ইয়াৰ অৰ্থ এইটোৱেই হ’লগৈ যে ২৪ বছৰ বয়সতে মই মোৰ ‘তথাকথিত’ জীৱনৰ লক্ষ্যত উপনীত হ’লো..মোৰ হাতত তেতিয়াও আৰু আধা শতিকা মান জীয়াই থাকিব লগা আছিল, আনহাতে মোৰ কোনো লক্ষ্য নাছিল। মনেৰে সাজি লোৱা মাউণ্ট এভাৰেষ্টটোত মই এক তৃতীয়াংশ জীৱনতে উঠি গ’লো, এতিয়া মই তাতে গোটেই জীৱন বহি থাকিব লাগিব, কিয় বহি আছো নজনাকৈ। হয় সৰু সুৰা কাম আছে, যি সমুখত আহে কৰি গ’লেই হ’ল, সৰু সুৰা সফলতা বিফলতা আহে। চলি থাকে। সময়ে সময়ে আৰু অলপ বেছিকৈ পইচা ঘটাতে মোৰ শক্তিখিনি লগাও, এমৱে কৰো, ইউনিপে’টুইউ ত পইচা লগাই লোকচান খাও, ফ্লেটৰ দৰদাম কৰো, লগৰ জনতকৈ ডাঙৰ গাড়ী এখন কিনাৰ চিন্তাত মোৰ টোপনি হৰে। এইবোৰ কিন্তু সকলো কেৱল টাইম পাছ, ইয়াৰ মই সুখী হোৱাৰ লগত কোনো সম্পৰ্ক নাই।

আজি মই নিজকে সুখী বুলি দাবী কৰিব নোৱাৰো, বৰঞ্চ, সেই অপূৰ্ণ সপোন থকা দিনবোৰতকৈ মই বহু বেছি অসুখী বুলিহে ভাৱো। 

ইয়াৰ কাৰণ হয়তো মই মোৰ বৈয়ামটোত “ডাঙৰ শিলগুটি” ভৰাবলৈ পাহৰি গ’লো, আৰু কোনেও মোক সোঁৱৰাইয়ো নিদিলে। এতিয়া আৰু বালি আৰু সৰু শিলগুটিৰে বৈয়াম ভৰ্তি, আৰু ঠায়েই নাই তাত।


****

ফেচবুকৰ কিছুমান মন্তব্য
Jyotirupam Dutta

জীৱনৰ অনুভৱ ৷ হয়তো বহুতৰে ৷ মোৰো ৷ জোকাৰি দিয়া বাবে ধন্যবাদ ৷

 Hemanta Kumar Borah

Fortunately, being the most intelligent creation, humans, one can empty n fill it with bigger stones on a later date too. Apt example being Gautam Buddha...Akash Pradip Borah

আপোনাৰ লিখনি পঢ়ি মই আকৌ ১৩/১৪ বছৰ বয়সলৈ ঘূৰি গৈ ভাবিবলৈ বাধ্য হলো । কিন্তু মই ভাবো আমি সকলোৱে নিজে গম নোপোৱাকৈ আমাৰ "জীৱন "নামৰ বৈয়ামটোত কিছুমান "ডাঙৰ শিলগুটি" ভৰাইছো । আপোনাৰ প্ৰিয়জনে , আপোনাক বেছিকৈ ভালপোৱা জনে এই কথা ভালদৰে জানে । আপোনাৰ এই লিখনি পঢ়ি মই কিন্তু অলপ আবেগিক হৈ পৰিলো ।
 অপূৰ্ব সুন্দৰ । অন্তৰ চুই গ'ল। আজিলৈকে মই পঢ়া ভাল লগা পোষ্ট বিলাকৰ এইটোও এটা ।

২০০০ চনতে পোন্ধৰ বছৰৰ প্লেনিং কৰি পেলাইছিলোঁ। অৰ্থাৎ, ২০১৫ চনলৈ কি কৰিম বা জীৱনটোত কি আৰ্জিম ঠিৰাং হৈ গৈছিল। সেই নক্সাৰেই পোন্ধৰ বছৰ বাট বাটকুৰি বাই আহিলোঁ ঠিক ভাবি থোৱাৰ দৰেই। লক্ষ্যবোৰো এটা এটাকৈ সচাঁ হ'ল। কিন্তু ২০১৫ ত আহি পাইহে উপলব্ধি কৰিলোঁ যে , এই লক্ষ্যবোৰ লৈ ইমানেই কঠোৰ হৈ থাকিলো যে, যাত্ৰাটো উপভোগ কৰাই নহ'ল। আৰু আটাইতকৈ ডাঙৰ কথা, পোন্ধৰ বছৰ পিছত কি কৰিম তাৰো একো প্লেন কৰাই নহ'ল। অৱশ্যে, এতিয়া এই ডাঙৰ, সৰু শিল, বালি আৰু বিয়েৰৰ অৰ্থ আৰু পাৰ্থ্যক্যবোৰ বুজি পোৱা হৈছোঁ। গতিকে এইবাৰ ঠিৰাং কৰিছোঁ, এইবাৰৰ পৰিকল্প্নাত আৰু কামত জীৱনৰ বৈয়ামটোত ডাঙৰ শিল আৰু বিয়েৰৰ পৰিমাণ বেছি হ'ব। :) বহুত বেছি ভাল লাগিল আপোনাৰ পোষ্টটো অভিজিত দা। ধন্যবাদ এনেকুৱা এটা অন্তৰস্পৰ্শী পোষ্ট লিখা বাবে। লগতে আপোনাক অনুৰোধ কৰিলোঁ পোষ্টটোৰ প্ৰথম অংশখিনি (কাহিনীখিনি) পাৰিলে 'মইনা-মেল' গ্ৰূপটোত পোষ্ট কৰিবলৈ।


Rashmi Ranjan
  Abhijit da.. I appreciate your honesty. To be frank, in my formative years, I too thought about making movies. Alas, the kind of place from where i come had no place for such "Bhengusali". Nevertheless, I am still struggling and I know that this will continue. Till then, we can only smile and move on :) ( Sharing it for everyones sake)

 Samudra Kajal Saikia
ভাবখিনি বাৰু ভালেই পালোঁ কিন্তু কিবা কাৰণত যেন সন্তুষ্ট হ'ব নোৱাৰিলোঁ। বহু ভাবি ভাবি এটা বুদ্ধি উলিয়াইছোঁ। বৈয়ামটো অলপ গৰম হ'বলৈ দিয়ক। গৰম হ'লে বস্তুৰ সম্প্ৰসাৰণ ঘটে। সম্প্ৰসাৰণ ঘটি বৈয়ামটোৰ আকাৰ বাঢ়িবলৈ ল'ব আৰু নতুন ঠাই ওলাব।


ভাল লিখিলা ৷ পঢি মজা লাগিল ৷
এতিয়া মুল কথালৈ আহো ৷ ডাঙৰ শিল, সৰু শিল, বালি আৰু বিয়েৰৰ চিকুৱেন্স টো বৈয়ামৰ বাবে ঠিক আছে ৷ কিন্তু আমাৰ জীৱন দৰ্শনত ইয়াক জাপি দিয়াত অলপ আপত্তি আছে ৷(কনফিউজন বুলি কোৱা ভাল) ৷ কথা হল আমাৰ জীৱনৰ লক্ষ্য আৰু উদ্যেশ্য সকলোয়ে ঠিক কৰিব নোৱাৰাটোহে ৷ যিমানে বয়স বাঢে আমাৰ হেপাহ, লোভ, আশা আকাংক্ষা সকলো বাঢি গৈ থাকে ৷ এই মায়াময় জীৱনত সৰু কালৰ ডাঙৰ শিলৰ লক্ষ্য পিচৰ বয়সত বালি হেন লাগে ৷ এতিয়াৰ ডাঙৰ শিল হেন বস্তুবোৰ হয়তো আৰু আগলৈ বালি হব ৷ গতিকে সৰু সৰু লক্ষ্য বনাই আগবঢা টোহে বুদ্ধিমানৰ কাম ৷ টকা পইচা সম্পত্তিয়ে বহুদিনলৈ কিছু মানুহক সুখ দিয়ে আৰু কিছুলোকক সোনকালে আমুৱাই ৷ কিছু লোকে নিজৰ প্ৰতিভা ৰে জীৱনত আগুৱাই, কিছুলোক হাৱাতে যায় ৷ ইমান ভিতৰলৈ নাযাও, এইবোৰ টপিক বৈয়ামত বিয়েৰ ঢালিহে আলোচনা হয় ৷ কেতিয়াবা বহিম ৷


অভিজিৎ, তোমাৰ এই লেখাটোৱে মোক অলপ আবেগিক কৰি তুলিছে । অলপ নহয় বাৰুকৈয়ে । মোৰ কথাা জনাই জানে । বহুত কিবাকিবি কৰাৰ মন । এইচি ৰ লেকচাৰাৰ হৈ থাকোতে যেতিয়া মানুহজনক এইবোৰ কথা কওঁ সদায়েই এটা কথা কয় যে এইবোৰ কৰিবলৈ হ'লে তুমি বৃত্তৰ বাহিৰলৈ যাব লাগিব । মোৰ জীৱনৰ বৈয়ামটোত বালি বা বিয়াৰ সোমাইছে নাই নোচোৱাকৈ মই ডাঙৰ শিল কেইটাৰ পিছত পৰিলো । এটা কথা অভিজিৎ, এই ডাঙৰ শিল কেইটাৰ কোনটো তোমাৰ জীৱনৰ বৈয়ামটোত ভৰাবা সেইটো ঠাৱৰ কৰাটো খুব কঠিন । মই এতিয়া উভটি চাই ভাবো বিচৰাটো দেখোন নেপাওঁ, কেতিয়াবা পালেও দেই আহো । মানে গোটেইখন খেলিমেলি । মই কিন্তু সুখী । ধৰি লৈছো এইয়া জীৱনৰ মহিমা ।

 বহুত ভাল লাগিল পঢ়ি অভিজিত দা। দৈনন্দিন খাম খেয়ালি নোপোৱাবোৰে এই জীৱনত পোৱা বোৰক যেন কুঁৱলীৰে ঢাকি পেলালে। পঢ়িবলৈ বহুত থাকিল, কিন্তু তাৰ ঠাইত মানুহ পঢ়িলোঁ। ধন ঘটিবলৈ গৈ মুখ ঠেকেছা কেইবাবাৰো খালোঁ কিন্তু তাৰ ঠাইত বন্ধুত্ব ঘতিলো। আকৌ rewind কৰিব মন গল আপোনাৰ লিখনি পঢ়ি। ধন্যবাদ । ভাগৰে জুৰুলা কৰিছে, কিন্তু আপোনাৰ লিখনিয়ে মুখত মিচিকিয়া হাঁহি এটাও দিলে, কৌতুকৰ হাঁহি নহয়, নিজৰ প্ৰতি সন্তোষৰ হাঁহি।


ভাল লাগিল দাদা । 'তোমাৰ জীৱনৰ লক্ষ' ৰে কৈশোৰকালীন উদ্দাম আৰু উন্মাদনাৰে অবিৰাম ভাবে বৈয়ামটো ভৰ্তি কৰাৰ যি Race আৰম্ভ হয়, ভৰ্তি হওঁ হওঁ অৱস্থাতহে বাধ্যবাধকতা নথকাকৈ উপলব্ধি কৰিব পৰা সকলে অনুভৱ কৰে বৈয়ামটো দেখোন বোজা হৈ পৰিছে, অথচ উল্লেখযোগ্য 'গধুৰ' বস্তু নাই বুলিলেও হয় । 'বায়ু' ৰ পৰিমাণ কমি কমি বৈয়ামটো হৈ পৰিছে যেন ভালুকৰ সাঙী


আপুনি মোৰ ডাঙৰ উপকাৰ এটা কৰিলে | মই কৰি থকা কিছুমান কামৰ ব্যাখ্যা মোৰ হাতত নাছিল | আজি পাই গলো !!

What a wonderful writing, Abhijit Da!!! Thoroughly enjoyed and keep thinking, what are the big stones in my life.....As Bob Marley said " Love the life you live , Live the life you love"Sarbeswar Khanikar ·

আজি কিছুদিন ধৰি বৰ অশান্ত হৈ আছিলোl ভাগ্য ভাল আছিল আপোনাৰ লেখাটো পাই গলোl অশেষ ধন্যবাদl share নিশ্চয় কৰিম পাৰিম কিজানি?
  ·

Very interesting story. I never heard this story. Really motivating. But I do not agree with you regarding your personal experience/feeling/thought. though you can compare life with the jar in the example, it is not exactly the same. Even assuming that it is same, then also you can easily remove some sand and put some big stone in it. Moreover, it is not necessary that one has to do some great works to feel that he has done something which can be termed as true meaning of life. One can starts with some small works like- if one plant a tree in every month, helping a meritorious but poor student, helping some deserted parents, helping physically disabled person( providing a wheel chair to a person who can not walk) etc etc. It is not necessary that one should help in large it bulk amount. It is sufficient if one can help without affecting his personal enjoyment. but we do no do that also. If we start doing these simple practices, at the end of out life, we will see many more big stones in our life jar. I am just expressing my feeling and do not think that I am advising you in any way. Thanks anyway for posting such a nice post.
বৰ ধুনীয়াকৈ অতি দৰকাৰী কথা লিখিছা!সুপাঠ্য আৰু অৰ্থবহ। তোমাৰ সুন্দৰ জীৱনবোধো ফুটি উঠিছে।
 Geetali Borah
 খুব ভাল লাগিল পঢ়ি। কিছু কথা নতুনকৈ উপলব্ধি কৰিলো। Thanks Abhijit Kalita for this wounderful post

No comments:

Post a Comment