Monday, February 20, 2017

==সাঁচিপাত ==


আজি ৰঞ্জিত হাজৰিকাদেৱৰ ফেচবুক আপডেট এটাই বহু কথা ভাবিবলৈ বাধ্য কৰি দিলে, আপডেটটো আছিল হাতেৰে লিখা লিখনি সম্পৰ্কীয়। পিছে, আন এটা কথাহে কবলৈ বিছাৰিছো। 

বিবৰ্তনৰ কালছোৱাত নিজকে আনতকৈ অলপ বুদ্ধিমান বুলি আৱিষ্কাৰ কৰাৰ লগে লগেই 'লিখনি' ৰ প্ৰয়োজন উপলব্ধি কৰিছিল। গুহাবাসী মানৱৰ পুৰ্বপুৰুষে শিলত ছৱি আঁকি নিজৰ অভিজ্ঞতাক পিছৰ প্ৰজন্মৰ বাবে সংৰক্ষণ কৰাৰ প্ৰচেষ্টা কৰিছিল, আৰু আচৰিত ভাৱে এই কথাটো সকলো প্ৰাথমিক মানৱ সভ্যতাৰ ক্ষেত্ৰতে শুদ্ধ। গতিকে এই লিখা নামৰ কাৰ্যটোক আমি মানুহ হিচাপে পৰিচিত হোৱাৰ অন্যতম কাৰণ তথা উদাহৰণ বুলি কব পাৰো। 

কামৰূপী লিপি নামেৰে জনাজাত আমাৰ এই অঞ্চলটোৰ আদিলিপি, যি অসমীয়া, বাংলা, মৈথিলী, আনকি উড়িয়া লিপিৰো উৎস বুলি মানি লোৱা হয়, সেই লিপিৰ প্ৰথম আৱিষ্কৃত পৰিচয়, গোলাঘাট জিলাৰ সৰুপথাৰত পোৱা ৫ম শতিকাৰ মাজভাগৰ নাগজৰী-খনিকৰ শিলালিপিৰ জৰিয়তে পোৱা হয়। কিন্তু এই লিখনি লিপিৰ বিষয়ে নহয়, লিখাৰ উপায় সমূহৰ বিষয়েহে। প্ৰথমৱস্থাত মানুহে গুহাৰ উলম্ব শিলৰ দেৱাল বিলাকত লিখা আৰম্ভ কৰিছিল। ই হয়তো এক প্ৰাকৃতিক প্ৰক্ৰিয়া, কাৰণ আজিকালিও প্ৰায় সকলো শিশুৱে ঘৰৰ দেৱালতেই প্ৰথম লিখা বা অঁকাৰ প্ৰচেষ্টা চলায়। শিশু মনস্তত্ত্ববিদ সকলেও ঘৰৰ দেৱালৰ এটা অংশ শিশুৱে আঁক-বাক কৰি 'লেতেৰা' কৰিবলৈ এৰি দিয়াৰে পোষকতা কৰে। আদিম মানৱেও আন আন বহু ঠাইত লিখাৰ প্ৰচেষ্টা কৰি কৰি শেষত বুজি পালে শিলৰ উলম্ব দেৱালত লিখিলেহে সেই লিখনি স্থায়ী হব। তাৰ পাছত ক্ৰমে ফলিৰ আকৃতিৰ শিলত লিখিবলৈ ল'লে, লিখাৰ সুবিধাৰ লগতে 'লেখনি' ইঠাইৰ পৰা সিঠাইলৈ লৈ যোৱাৰো সুবিধা হ'ল। কিন্তু লিখাৰ আৰু উন্নত সাধনৰ বাবে মানৱৰ প্ৰচেষ্টা অব্যাহত থাকিল, আৰু আধুনিক যুগত 'কাগজ' ৰ আৱিষ্কাৰ হ'লগৈ। মধ্যৱৰ্তী সময়চোৱাত মানুহে গছৰ পাতত, বাকলিত লিখিলে, নানান উপায় উলিয়ালে, মিছৰীয় সকলে পেপিৰাছৰ উদ্ভাৱন কৰিলে। 


অসমৰ স্থানীয় প্ৰযুক্তিয়ে অসমীয়া লিপি -সাহিত্যৰ বিকাশৰ এই ওপৰত কোৱাৰ দৰে কালছোৱাত 'সাঁচিপাত' ৰ উদ্ভাৱন কৰিলে, সম্পূৰ্ণ স্থানীয় উপাদানৰ ওপৰত নিৰ্ভৰ কৰি। উড়িয়াসকলে তেনেকৈ 'তালপত্ৰ' উদ্ভাৱন কৰিলে, তালগছৰ পাতক সংশ্লেষণ কৰি বহুদিনলৈ স্থায়ী কৰাৰ ব্যৱস্থা কৰিলে। সাঁচিপাতৰ উদ্ভাৱনে অসমীয়া ভাষা-সাহিত্যক এক অভাৱনীয় গতি প্ৰদান কৰিলে- ই ভাৰতৰ এক অগ্ৰণী সাহিত্যশক্তি ৰূপে পৰিচিত হৈ পৰিল। সাঁচিপাতৰ উদ্ভাৱন আমাৰ বাবে এক অতি গুৰুত্বপূৰ্ণ আৰু গৌৰৱোজ্জ্বল ক্ষণ। সাঁচিপাতৰ লগে লগে অসমীয়া লিপিয়েও আধুনিকতাৰ দিশলৈ গতি কৰিলে, বহু প্ৰাতঃস্মৰণীয় লেখকৰ জন্ম দিলে আৰু বৰ্তমান ভাৰতৰ বহুত অগ্ৰণী ভাষাতকৈ কেইবা শতিকা আগতেই অসমীয়া ভাষা-লিপিয়ে পূৰ্ণাংগ ৰূপ লাভ কৰিলে। ১৯ শতিকাৰ শেষভাগলৈকে, চপা মাধ্যমৰ অগ্ৰগতিৰ লগে লগে 'সাঁচিপতীয়া হাতে লিখা' পুথিয়ে তাল মিলাই গৈ থাকিল। কিন্তু এসময়ত চপা মাধ্যমৰ অনেক সা-সুবিধাৰ তুলনাত সাঁচিপাতে হাৰ মানিলে, আমি 'হাতে লিখা'ৰ পৰা 'চপা' মাধ্যমলৈ এক আৱশ্ব্যম্ভাৱী পৰিবৰ্তনৰ পথত ভৰি দিলো। যিহেতু 'মেইনলেণ্ড ইণ্ডিয়া'ৰ তুলনাত অসম প্ৰায় দেৰ দশকৰ পিছত পশ্চিমীয়া প্ৰয়ুক্তিৰ সংস্পৰ্শলৈ আহিল, আমি হঠাতে ভাৰতৰ এক অগ্ৰণী সাহিত্যৰ পৰা এক 'অতিকৈ পিছপৰা' সাহিত্য হিচাপে পৰিচিত হৈ গ'লো। ই অন্য এক কাহিনী। 

সেয়া হয়তো আমাৰ নিয়তি আছিল, তাক অস্বীকাৰ কৰাৰ উপায় নাই। কিন্তু কথা হ'লগৈ আমাৰ এক সুন্দৰ ঐতিহ্যক আমি হেলাৰঙে পাহৰি পেলোৱাৰ ঘটনাটোতহে। আজিৰ হিচাপতো সাঁচিপাত এক উন্নত প্ৰযুক্তি, লগতে মহী, হেঙুল- হাইতাল সকলো। মোৰ ওচৰত এখন সাঁচিপতীয়া পুথি আছে ১৮৫০ চন মানতে লিখা, আজিও উজ্জল, আজিও পৰিষ্কাৰ। কালৰ কোনো চাপেই পৰা নাই পুথিখনৰ ওপৰত। কিন্তু আমি প্ৰয়োজন নাই বাবেই সাঁচিপাতক একেবাৰে এলাগী কৰি পেলালো। 

কিছুবছৰ আগতে প্ৰান্তিকত সাঁচিপাত সম্পৰ্কীয় এটা লেখা ওলাইছিল। বৰ্তমান সাঁচিপাত আৰু মহী তৈয়াৰ কৰিব জনা মাত্ৰ এজন মানুহেই জীৱিত আছে(আজিও আছে নে নাই নেজানো)। তেওৰ মৃত্যুৰ পাছত এই কলা চিৰদিনৰ বাবে হেৰাই যাব। লগতে হেৰাই যাব অসমীয়াৰ গৌৰৱোজ্জ্বল ইতিহাসৰ এক সাক্ষী। আমাৰ বাবে এই ঐতিহ্য আজি এলাগী, কাৰণ তাৰ কোনো ব্যৱসায়িক সম্ভাৱনা নাই!

নাইনে? আমি সাঁচিপাতক লৈ এতিয়াও ব্যৱসায় কৰিব নোৱাৰোনে? যিদৰে আজিও উড়িষ্যাত তালপত্ৰক লৈ ৰমৰমীয়া ব্যৱসায় চলি আছে, তালপত্ৰত আজিও মানুহে লিখি আছে আৰু পৰ্যটকক বহু দামত বিক্ৰী কৰি আছে। আমিও হয়তো পুৰীৰ জগন্নাথ মন্দিৰ চাবলৈ গৈ তালপত্ৰৰ পুথি কিনি আনি গৌৰৱেৰে ড্ৰৱিং ৰূমত সজাই ৰাখিছো। কিন্তু আমাৰ হাততে থকা সাঁচিপাতৰ কবৰ লবলৈ আমাৰ সময় নাই। 

এটা সপোন দেখো কেতিয়াবা, কাৰোবাক কৈছোও আগতে। সাঁচিপাত এক হস্তশিল্প হওক, মহী, হেঙুল -হাইতালেৰে আমি তাত ছৱি আঁকো, কিবা কিবি লিখো, আৰু পৰ্যটকে সেইবোৰ কিনক। বহুতৰে সংস্থাপন হোৱাৰ লগতে আমাৰ এক গৌৰৱজ্জ্বল ইতিহাস অমৰ হৈ ৰওক। সাঁচিপাত 'কালেক্টৰচ আইটেম' হওক, সাঁচিপতীয়া আখৰৰ ডিজাইনেৰে এটা অসমীয়া ইউনিক'ড ফণ্ট হওক (এইটো কাম অলপমান কৰি ধনৰ অভাৱত এৰি দিলো), ধনী লোকে নিজৰ পুতেকৰ বিয়াৰ চিঠি সাঁচিপাতৰ লিখি (বা প্ৰিণ্ট কৰি) দিয়া এক সম্ভ্ৰান্ত আৰু সন্মানীয় কাম বুলি পৰিচিত হওক। অসম সাহিত্য সভাৰ মানপত্ৰ, চৰকাৰী পুৰষ্কাৰ আদি সাঁচিপাতত লিখা হওক। দামী বস্তু হওক, নিৰ্মাণকৰা সকলে যথাযোগ্য মাননি পাওক। আমাৰ স্থানীয় এটা প্ৰাচীন প্ৰযুক্তি জীয়াই থাকক, আৰু সসন্মানে থাকক। 

কৰো বুলিলে একো কৰিব নোৱাৰা কাম নহয়, কিন্তু প্ৰথমতে আমি নিজকে চিনি পোৱা আৰু স্বকীয় ঐতিহ্যৰ বাবে গৌৰৱবোধ কৰাৰ অভ্যাসটো গঢ়ি তুলিব লাগিব।

বি. দ্ৰ. : ৰঞ্জিত হাজৰিকা দেৱে ইউনিক'ড টাইপিঙৰ ধামখুমীয়াত সুন্দৰ হাতেৰ আখৰেৰে লিখা লিখিনিবোৰ হেৰাই যোৱাৰ উপক্ৰম হোৱাৰ কথা লিখিছিল। হয়তো সাঁচিপাতৰ দৰে এদিন হাতৰ আখৰ বোলা বস্তুটোও হেৰাই যাবগৈ। ময়ো হয়তো সেই দোষৰ জান-নিজান ভাগীদাৰ হম।

No comments:

Post a Comment