Thursday, February 18, 2016

অলপ অফবীট চিন্তা

কালি ছোৱালীজনীক শিক্ষা দি আছো- 

মাঘ বিহুৰ দিনা ৰাতিপূৱা ইমান কষ্টেৰে সঁজা ভেলাঘৰটো জ্বলাই দিয়ে কিয়? বহাগত হুঁচৰি উৰুৱা দিনা ঢোলৰ কোবনি চালখন ফুটাই দিয়ে কিয়? 



ইয়াৰ অৰ্থ হ'ল - ৰং ধেমালি/ ফুৰ্তি ফাৰ্তা কৰা প্ৰয়োজন, ই জীৱনৰ এৰাব নোৱাৰা অংগ। কিন্তু সকলো নিৰ্দিষ্ট সময়ৰ ভিতৰত, নিৰ্দিষ্ট সীমাৰ ভিতৰত। সাত দিন বিহু মাৰিলা হুঁচৰি গালা, এতিয়া হ'ল আৰু। এইদৰে সদায় ঢোল বজাই থাকিলে খাবা কি? বিহু গ'ল; এতিয়া ঢোল এৰি খেতিৰ কামত লাগা।আকৌ, খেতি চপোৱা হ'ল, ফুৰ্তিতে, পিঠাই পনাই, মাছে, মাংসই অলপ বেছি কৈয়ে খাই দিলা- --খালা আৰু। কিন্তু সদায় নহয়, এনেকে খাই থাকিলে চাউল কেইটা শাওনতে শেষে হবগৈ দেখোন। এতিয়া আন কামত মন দিয়া। 

আমাৰ সংস্কৃতিয়ে আমাক যিদৰে আনন্দ কৰিবলৈ শিকাইছে, সেইদৰে সংযমো শিকাইছে। সংস্কৃতি ৰক্ষা বুলি এই দুইটা দিশ ৰক্ষা কৰাই বুজায়। 

আমি হ'লো 'তামাম' বুধিয়ক মানুহ- গতিকে সংস্কৃতি ৰক্ষাৰ নামত অকল ফুৰ্তিখিনিকে কৰি আছো- সময় নাই, অসময় নাই। কোনোবাই কিবা বিৰোধ কৰিলেই - দেশদ্ৰোহী, জাতিদ্ৰোহী আদি উপাধি প্ৰদান কৰি 'চুপ' কৰি দিছো। বছৰটোৰ দহ মাহেই ' ভোগালী আৰু ৰঙালী ' মিক্স কৰি এটা খিছিৰি বিহু পাতি আছো, .. আৰু পতিয়েই থাকিম। লাগিলে সিফালে তলি উদং হ'লেও হওক।

No comments:

Post a Comment