Thursday, February 18, 2016

ফকৰা-যোজনা ৰিমিক্সড

আমাৰ ফকৰা-যোজনা আৰু প্ৰবচনবোৰ আজিকালি আউটডেটেড হৈ যোৱা দেখি অলপ আপ টু ডেট কৰি দিলোঁ.. ৰাইজৰ কামত আহিলে শ্ৰম সাৰ্থক হব। 

১।মা-মছলা বেছিকে ঢালিবা, ভিনেগাৰেৰে মেৰিনেট কৰিবা,
তাপ কমাবা, সময় বঢ়াবা, চিকেন তন্দুৰীৰ সোৱাদ তেৱেসে পাবা।


২। প্ৰেচাৰ বুলি নেখায় লোণ, চাকনাত যায় তিনিগুণ

৩। মোবাইল চাবা গধুলি, লেপটপ চাবা পূৱা,
ফেচবুকতে ছোৱালী চাবা, কোন কেনেকুৱা




৪। ঘনাই দিবা আপডেট
থাকিবা পলিটিকেলী আপ-টু-ডেট
জনাই নজনাই কমেণ্ট মাৰিবা
চেলিব্ৰিটি ষ্টেটাছ ঘৰতে পাবা। 


৫। প্ৰফাইল পিকচাৰ দেখিয়েই নিদিবা ধ্যান,
গুগল ইমেজত আপলোডাই লবা তিনি প্ৰমাণ।


৬। টিভিত দেখিবা বৰ চুৰিয়াৰ ফেৰ,
ঘৰত আকৌ জাত পাতৰ বেৰ৷


৭। ৰাগাত আশ, বনত বাস।

৮। সাত সেৰিয়া কাঁহী খুদ চাউলৰ ভাত,
হিন্দী ইংৰাজীত ক’লেহে ওলাই মিঠা মাত। 


৯। মদ খাই মদাহী গৃহলে গমিল, চাকনা খোৱা জন খালত পৰিল।

১০। মূৰ্খ পত্নী হয় যদি এশ বা হেজাৰ,
সিহঁতৰ পৰা নাই কোনো অপকাৰ।


১১। গাই কিনিবা পিঠি বেঁকা চাই,
ছোৱালী আনিবা যাৰ বয়ফ্ৰেণ্ড নাই।


১২। কাকনো বুলিবা ডেকা
প্ৰেচাৰ, চুগাৰ, পকা চুলি,
দুখোজ দিলেই ককাল বেঁকা। 


১৩। ফেচবুক, হোৱাটচ এপত বছৰ লাগি পতালোগৈ যাক,
ডেটিং মাৰোতেহে গম পালো দুটা ল’ৰাৰ মাক।


১৪। ৰহাৰ ৰহদৈ, তিপামৰ ভাদৈ, শলগুৰিৰ আঘোনী বাই
সকলোকে ৰিকুয়েষ্ট দিবা ভাল দিনবাৰ চাই।


১৫। একেদিনাই সাতজনী ঘটিলো, লোকক নকলো লাজে,
ফে’ক একাউণ্টে ‘হাই’ বুলি ক’লে, তাতে জয়ঢোল বাজে।

No comments:

Post a Comment