Thursday, February 18, 2016

== দুঃসহ ==


(হৰৰ গল্প, পেৰেনচিয়েল ডিচক্ৰিচন এডভাইজড) 



সদায়ৰ দৰেই,.... তাই মোৰ বিছনাখনৰ ভৰিৰ ফালে চকী এখনত বহি একেথৰে মোলে চাই আছে, সেই একেই তীব্ৰ ঘৃণা ভৰা ভয়ংকৰ চাৱনিটোৰে। তাইৰ গাৰ আঘাতৰ দাগবোৰ শুকুৱাতো নায়েই বৰঞ্চ গেলিবলেহে আৰম্ভ কৰিছে, ভাঁহি আহিছে অকটা দূৰ্গন্ধ...চকুৰ পৰা বৈ অহা তেজবোৰ শুকাই কৰাল মাৰিছে, আউল বাউল চুলিবোৰে মূখখনৰ আধা ঢাকিয়েই পেলাইছে। সেই ধূলি ময় ,ফটা, বগা চুৰিদাৰজোৰেই তেতিয়াৰ পৰাই পিন্ধি আছে তাই। যোৱা প্ৰাহ দুমাহ ধৰি তাইক মই আন একো কৰা দেখা নাই, কেৱল মোক চাই থকাৰ বাদে। মই যলৈকে গৈছো, যিহকে কৰিছো, তাই সকলোতে মোৰ পিছফালে থিয় হৈ আছে, আৰু মোলে সেই ঘোলা চকুকেইটাৰে চাই আছে। চকুৰ দৃষ্টি নহয় যেন ঘৃণাৰ দাবানল, শব্দৰে বুজাব নোৱাৰা এক অসহ্যকৰ চাৱনি। দিন ৰাতি সকলো সময়তে, কেৱল চাই আছে, চায়েই আছে ...এটা কথাও কোৱা নাই, চকুৰ পলক এটাও পেলোৱা নাই। 



কিন্তু আজিলৈকে মই এই কথাটোৰ লগত বুজাবুজি কৰিব পৰা নাই, মানি লব পৰা নাই ঘটনাটো। বৰঞ্চ দিনক দিনে মোৰ ভয় আৰু বিৰক্তি বাঢ়িছেহে, অসহ্য হৈ পৰিছে .. হয়তো মানসিক বিকৃতিও ঘটিছে মোৰ। দিনক দিনে মোৰ মৃত্য কামনা বাঢ়ি আহিছে, কিন্তু নাই.... মৃত্যুৱেও মোক প্ৰতাৰণা কৰিছে। যোৱা দুমাহত পাঁচ বাৰ আত্মহত্যাৰ প্ৰচেষ্টা কৰি বিফল হৈছো। আজি কিমান দিন ধৰি মই শোৱা নাই .. তাৰ হিচাপ হেৰাই গৈছে। উস্ ...অসহ্য...আৰু নোৱাৰো মই....মোক নিস্তাৰ লাগে.... এই ছোৱালীজনীৰ পৰা... ।আহ্ ..... কি ভয়ংকৰ যান্ত্ৰণা ..কি চূড়ান্ত শাস্তি।


*****************

প্ৰায় দুমাহ,... হয় প্ৰায় দুমাহ মানেই হ’ল ছাগে ঘটনাটোৰ, মই আজিকালি সময়ৰ হিচাপ পাহৰি গৈছো। কলেজ বন্ধ আছিল সেইদিনা, দেৰিলৈকে শুই থকাৰ ইচ্ছা আছিল, কিন্তু ৯ বজাতে ৰক্তিমৰ ফোন আহিল

- ধুৰ কাণীয়া, পিকনিক যাও ব’ল...উঠ উঠ জলদি। প্ৰণৱ আৰু সুৰজিত আহিলেই, আমি বয়- বস্তু লৈ গৈ আছো, তই তোৰ বাপেৰৰ গাড়ীখন মেনেজ কৰ। 

ইয়াৰ পাছত আৰু শুই থাকিব নোৱাৰি। গাড়ীৰ সমস্যা নাই, ঘৰত তিনিখন আছেই, “স্ক’ৰপিঅ” খন ময়েই ব্যৱহাৰ কৰোঁ। দেউতাই অফিচৰ গাড়ীতে অহা যোৱা কৰে। পুলিচ অফিচাৰ হিচাপে দেউতাৰ খুব পাৱাৰফুল মানুহ, বহুত মানুহৰ লগত লিংক আছে, ইনকামো ভাল। আচলতে দেউতাৰ কিমান সা-সম্পত্তি আছে মোৰ একো ধাৰণাই নাই। ময়েই যেতিয়া সেইবোৰৰ একমাত্ৰ উত্তৰাধীকাৰী, গতিকে খৰছো ময়েই কৰিব লাগিব। এই কাৰণটোৰ বাবেই মোৰ বন্ধুমহল আৰু কলেজতো ভাল ফিল্ড আছে মোৰ। 


পিকনিক খাবলে কলৈ যাম, কি খাম সেইবোৰ চিন্তা কৰিব লগা নাই, আছল উদ্দেশ্য এটাই- কৰবালৈ গৈ “মাল” টানিব লাগে, আৰু যিমান পাৰি সিমান টানিব লাগে। লগত “চাকনা” হিচাপে লৈ যোৱা বস্তুবোৰেই পেট ভৰি যাব- বচ হৈ গ’ল। বাকী ‘ফুলটু মস্তি’ ....

১১ মান বজাত ওলাই গ’লো চাৰিওটা, গাড়ীত উঠিয়েই আৰম্ভ কৰি দিয়া হ’ল – আচল কাম এইটোহে ! আধাঘণ্টামানৰ পাছতহে হিচাপ ওলাল কলৈ যাম এতিয়া? সুৰজিতৰ আইডিয়া মতে সেই বিশেষ ঠাই ডোখৰলৈকে যোৱাৰ সিদ্ধান্ত হ’ল। মানুহ দুনুহ বৰ বেছি নহয়, অলপ আওহতীয়া, নদী এখনো আছে সৰুকৈ- আমাৰ কাৰণে পাৰফেক্ট। 

আমাৰ এজ ইউজুৱেল পিকনিক বিলাকৰ দৰেই দিনটো গ’ল- পিছে গধূলি চাৰি মান বজালৈ গোটেই কেইটাৰে অলপ বেছি নিচা লাগিল। হব আৰু ঘুৰি যাব লাগে...ৰাষ্টাও আমি বৰ ভালকৈ চিনি নেপাও, গতিকে ৰাতি হ’লে দিগদাৰ হব। বাটটোত কিবা সমস্যা হ’লে সুধিবলেও জনপ্ৰাণী এটা পোৱা নেযাব।

পিকনিকৰ ঠাইডোখৰৰ পৰা প্ৰায় পোন্ধৰ মিনিট মান আহিছোহে, তেনেতে বুঢ়া মানুহে আমাৰ গাড়ীখন হাত দি ৰখাবলে চেষ্টা কৰিলে, এইখিনিতে দুখন মান জনজাতীয় গাও আছে । ৰক্তিমে গাড়ী চলাই আছিল, এনেই বাটত কাৰোবাক সহায় কৰাৰ তাৰ অভ্যাস নাই, কিন্তু হঠাৎ ব্ৰেক মাৰি সি গাড়ীখন ৰাখি দিলে। তেতিয়াহে দেখিলো, বুঢ়াৰ লগত ছোৱালী এজনী, - ব্ৰেক মৰাৰ কাৰণটো মানে এইটোহে। বুঢ়া মানুহজন দৌৰি আহিল আমাৰ ওচৰলে

- “বাবু , বৰ বিপদ হৈছে ছোৱালীজনীৰ। তাইৰ একমাত্ৰ ভায়েকটো গাড়ীত হেন্দিমেনৰ কাম কৰে, টাওনত তাৰ কিবা এক্সিডেণ্ট হ’ল বোলে, গাৰ্জেন নোহোৱা কাৰণে চিকিৎসা পোৱা নাই। আপোনালোকে এইক লগত লৈ গৈ টাওনৰ চিভিল হস্পিটালত নমাই দিলে বৰ উপকাৰ হব। বেছেৰীৰ আৰু কোনো নাই। আৰু এতিয়া এইফালৰ পৰা কোনো গাড়ী গুৰাও পোৱা নেযায়। আমি দুঘণ্টাৰ পৰা ইয়াত ৰৈ আছো। আপোনালোক পাই বৰ ৰক্ষা পৰিলো, অসুবিধা নহয় যদি এইকণ সহায় কৰক।“ 

তেতিয়াহে মন কৰিলো, ছোৱালীজনীয়ে কান্দি আছে। 

- “নাই নাই, আমাৰ গাড়ীত দুজন মানুহ যাবলে ঠায়েই নাই “- ৰক্তিমে আপত্তি কৰিলে

- “নহয় বাবু, মই নেযাও, তাই অকলেহে যাব। মই বুঢ়া মানুহটো গৈ কি কৰিম? আৰু তাই টাওনতে পঢ়া, সকলো চিনি পায়।
বাকী তিনিটাই চকুৰ থাঁৰেৰে কিবা কথা পতা যেন পালো, ইহঁত কেইটাক মই ভালদৰে জানো। পিছত কিবা গন্দগোল কৰিবও পাৰে। মোৰ ইচ্ছা নাছিলেই বুলিব পাৰি, তাইক লৈ যোৱাৰ, পিছে একো নেমাতিলো- তিনিওটাকে পিছৰ চিটলৈ যাবলে ক’লো,আৰু তাইক আগফালে বহুৱাই মই ড্ৰাইভ কৰিবলে ল’লো। পিছফালৰ চিটত ইঁহত কেইটাৰ ফুচফুচীয়া আলোচনা আৰম্ভ হ’ল – মই বুজি পালোঁ সিহঁতৰ মতলব কি? খংটো উঠি আহিল- ছাল্লা ...খালি একেটাই ধাণ্ডা!! 

ছোৱালীজনীৰ কিন্তু এইবোৰ কথাৰ একো ভূ-ভা নেপায়, সৰলচিতীয়া মৰম লগা জনজাতীয় ছোৱালী। তাইৰ লগত দুটামান কথা পাতি তাইক অলপ প্ৰবোধ দিয়াৰ চেষ্টা কৰিলো। মোৰ লগত লাহে লাহে ছোৱালীজনী সহজ হৈ পৰিল। তাইক অলপ স্বস্তি পোৱা যেনো লাগিল, দুই এবাৰ মিচিকিয়াই হাঁহিলেও। 

পিছৰ ছিটত পৰিকল্পনা আৰু ঘণীভূত হ’বলৈ আৰম্ভ কৰিলে - মই ইংগিতেৰে দুবাৰ মান ধমকিও দিলো- ফাল্টু ধাণ্ডা নকৰিবলৈ। কিন্তু যিমানেই নহওক ... নাৰী সহজাত অনুভূতি খুব শক্তিশালী।তাই ছাগে ... এইবাৰ ইঁহতৰ পৰিকল্পনাৰ কিবা অলপ উমান পালে। অলপ সন্ত্ৰস্ত হে পৰিল আৰু - আৰু ভয় ভয় ভাবেৰে মোৰ ফালে চালে। মই চকুৰ ইংগিতেৰে প্ৰবোধ দিলো- মই আছো। অকণমান নিৰাপদ অনুভৱ কৰিলে ছাগে তাই.... তথাপিও সংকোচ নাইকীয়া নহ’ল তাইৰ। মই আকৌ কথা বতৰা পাতি তাইক সহজ কৰাৰ চেষ্টা কৰিলো। 

অলপ পাছতে হাবিখন আৰম্ভ হ’ল – এই পোন্ধৰ কিলোমিটাৰ মান বাট একেবাৰে জনশূণ্য। এতিয়াহে মোৰ খুব জোৰেৰে প্ৰস্ৰাৱ লাগিল, এই হাবিখনৰ মাজত ৰবলে বেয়া লাগে যদিও উপায় নাই। আজি দিনটোত নাই বুলিও মদৰ লগত ৫ লিটাৰ মান পানী খাইছো, প্ৰস্ৰাৱ লাগিবই। গাড়ীখন ৰাখি দিলো- ছোৱালীজনীক বাওহাঁতৰ কেঞা আঙুলিটো দেখুৱাই কাৰণটো বুজাই দিলো, তাই লাজকুৰীয়াকৈ হাঁহিলে। পিছে এই কেইটা দেখোন গাড়ীৰ পৰা ননমা হ’ল, 

- “আব্বে কাৰ কাৰ মুতিব লাগিছে, কৰি ল। আৰু গাড়ী নেৰাখো মই।“ - মই ক’লো

- “নাই নাই , আমাৰ লগা নাই... তই যা” - সমস্বৰে চিঞৰি উঠিল গোটেইকেইটাই।

কথাটো মোৰ বৰ ভাল নেলাগিল । হ’লেও চিগাৰেট এটা জ্বলাই হাবিৰ মাজলে অলপ আগুৱাই গ’লো। উসস- দুই লিটাৰ মান জমা হৈ আছিল যেন পাও পেটত।

হঠাৎ ছোৱালী জনীয়ে এটা তীব্ৰ চিঞৰ মাৰিল উঠিল। বগৰা বাগৰিৰ দৰে কিবা শব্দ হ’ল..দুপ- দাপ... মই বুজিলো গ'লো, কথা কি? ছাল্লা ..কুকুৰহঁতে ছোৱালীজনীৰ গাত হাত দিছে নিশ্চয়? ইমান সাহস? আজি তিনিওটাৰে অৱস্থা বেয়া কৰি দিম। মোক চিনি পোৱা নাই....

হঠাত ছোৱালীজনী হাবি বন ভাঙি দুপদুপাই দৌৰি আহি মোৰ ওচৰতে ওলালেহি...পিছে পিছে তিনিওটাই খেদি আহিছে তাইক .... হিংস্ৰ শ্বাপদৰ দৰে। ছোৱালীজনীয়ে হয়তো হাবিৰ মাজলে পলাব খুজিছিলে..মোক দেখি মোৰ ওচৰলৈকে দৌৰি আহিল... ... আৰু দুই হাত জুৰি চিঞৰি উঠিল ....

- “দাদা, মোক বচাওক....দাদা...”

মই ছোৱালীজনী আৰু সিহঁত তিনিটাৰ মাজত থিয় দিলো, ...হাত খন ডাঙি সিহঁতক ক্ষান্ত হবলৈ নিৰ্দেশ কৰিলোঁ.. সিঁহত ৰৈ গ'ল ...অলপ পিছুৱাইয়ো গ’ল। আজি পোন্ধৰ বছৰে মোৰ বন্ধু....সিহঁতে মোক চিনি পায়, ভালদৰে জানে। জানে, মোৰ মতে কাম নহ’লে, মই কি কৰিব পাৰোঁ? 

মইহে সিহঁতৰ লীডাৰ, .... গতিকে চিকাৰত প্ৰথম ভাগ মোৰ...এইটেৱেই নিয়ম...ইয়াৰ কেতিয়াও অন্যথা নহয়, হব নোৱাৰে... মই ছোৱালীজনীক ডাঙি ধৰিলো..........

.আৰু একেটানে.................................তাইৰ সস্তীয়া বগা কুৰ্টাটো ফালি পেলালো.......... তিনিওটাৰ বিকট কিৰিলিত ছোৱালীজনীৰ চিঞৰ হেৰাই গ'ল! 

আচলতে পৰিকল্পনা তাই গাড়ীত উঠাৰ লগে লগেই ফাইনেল হৈছিল; মোৰ চিন্তা হৈছিল, কেনেবাকে সিহঁতে মোতকৈ আগতেই হাত দিব নেকি? সেইটো মই কেতিয়াও সহ্য নকৰোঁ। প্ৰথমতে মই..তাৰ পাছতহে বাকী বোৰৰ চান্স আহিব।
এটা এটাকৈ আমি সকলোৱে চিকাৰৰ ভাগ ল’লো...চিকাৰে প্ৰতিৰোধ কৰিলেহে চিকাৰীৰ মজা বেছি। তাৰ মাজতে এবাৰ ছোৱালীজনীয়ে মোলে চোৱা যেন লাগিল –

বন্য উল্লাসত মতলীয়া হৈ থাকোতে আমি গমেই নেপালো- কেতিয়া ছোৱালীজনী মৰি থাকিল। অৱশ্যে এনেকুৱা আগতে হৈছে কেইবাবাৰো .. এই বিলাক কেছত মগজ ঠাণ্ডা ৰাখিলে চব ঠিক হৈ যায়। 

- “কি কৰিবি এতিয়া? আকৌ তোৰ বাপেৰেই গতি “ – সুৰজিতে চাৰ্টৰ বুটাম মাৰি মাৰি ক’লে।

- “হব আৰু কিবা এটা, অলপ পইচা যাব আৰু, মেনেজ হৈ যাব। ব’ল এতিয়া, বেছি দেৰি ইয়াত থকা ঠিক নহব। চিন্তা নকৰিবি, মোৰ লগত থকালৈকে এ'ছ কৰিবি...চবতে বাচি যাবি, বুজিছ?“ – মই ক’লো।

হয়, কথামতেই তিনিওটা বাচি গ’ল, কেৱল ৰক্ষা নেপালো মই। ঘটনাটোৰ এসপ্তাহৰ ভিতৰতে তিনিওটাৰে অদ্ভুৎ পৰিবেশত মৃত্যু হ’ল- আৰু যাক কয়, অতি বীভৎস মৃত্যু। ৰক্তিমৰ ডিঙিটো কোনোবাই এনেকে পকাই দিলে যে মুখখন পিঠিৰ ফালে হৈ গ’ল তাৰ। সুৰজিতক দেহটো হাতীয়ে কলগছ ফলাৰ দৰে মাজে মাজে দুফাল কৰি দিয়া হ’ল, প্ৰণৱৰ সেই বিশেষ অংগটো ধাৰ নথকা অস্ত্ৰেৰে ৰেপি ৰেপি কটা হ’ল, তেজ গৈ গৈ তাৰ মৃত্যু হ’ল- উলংগ অৱস্থাত..চহৰৰ গেলা ডাষ্টবিন এটাত। 

প্ৰত্যেক হত্যাৰ আগতেই সিঁহতক বহু সময় জুৰি অবৰ্ণনীয় অত্যাচাৰ কৰাৰ প্ৰমাণ পোৱা গ’ল। 

কিন্তু মোৰ বাবে আজি তেনে মৃত্যুও ইৰ্ষণীয়; ....নহয় ..আচলতে মোৰ একমাত্ৰ কাম্য,.. এনে মৃত্যু এই যান্ত্ৰণাতকৈ বহুগুণে শ্ৰেয়..। মোক পৰিত্ৰাণ লাগে, .. এই ছোৱালীজনীৰ পৰা.. তাই ঘৃণাভৰা দৃষ্টিৰ পৰা...আস...অসহ্য হৈ পৰিছে.. নোৱাৰিছো আৰু... মোক মৰিবলে লাগে...মোক কোনোবাই অনুগ্ৰহ কৰি মাৰি পেলাওক..প্লীজ ? ..দৰকাৰ হ’লে মোক পৃথিৱীৰ সকলোতকৈ নৃশংস মৃত্যু দিয়ক...কিন্তু মাৰক মোক... কিন্তু কিয় নেজানো, তাই মোক মৰিবলেও নিদিয়ে................. প্ৰত্যেকবাৰ আত্মহত্যাৰ চেষ্টা কৰোতে তাই মোক বাধা দিয়ে.. মোক জীয়াই ৰাখে। 

*************

মোৰ কোঠাটোলৈ দুজন মানুহ সোমাই আহিল, হয়তো ডাক্তৰ, এজনক আগতে দেখিছো। মোৰ চিনাকী ডাক্তৰ জনে আনজনক ক’লে –

- “চিমচ টু বি এ কেচ অৱ চ্ছিজ’ফ্ৰেনিয়া, বাট টু এন এক্সট্ৰীম ডিগ্ৰী... কোনোবা ছোৱালী এজনী দেখো বুলি কয়, নোশোৱে, নেখায়..আগতে কেইবাবাৰো চুইচাইড এটেমপ্ট কৰিছিল, লাক ভাল আছিল...আচৰিত ভাৱে বাচি গ’ল, । ফেমিলি হিষ্টৰীটো এনে কোনো কেচ দেখা নাই । আমাৰ কোনো ট্ৰিটমেণ্টেই ফল ধৰা নাই, আনকি ষ্ট্ৰং চেডাটিভ দিলেও পেচেণ্টৰ টোপনি নাহে।“

- “ কুকুৰহঁত... কি চ্ছিজ’ফ্ৰেনিয়াৰ কথা কবলে আহিছ? মই কি পাগলামিৰ কাৰণেহে তাইক দেখিছো... ছাল্লা অন্ধ হঁত..চা..সেইজনী চা..চা ...চকীখনত বহি আছে..দেখা নাই? নিজে পাগল তহঁত..আৰু মোক চ্ছিজ’ফ্ৰেনিয়াক বুলি কব আহিছ? আৰু কি ক’লি? চাল্লাহঁত... মোৰ ‘লাক ভাল’ ... ননচেন্স..তহঁতে বুজি নেপাৱ কিয়...মোক মৃত্যুৱেই লাগে। কিন্তু এইজনীয়ে মোক মৰিব নিদিয়ে...চা.. সেই জনী ..সেইজনী.... ছাল্লী .কুকুৰণী ..... তই মোক মাৰি নেপেলাৱ কিয়? প্ৰণৱহঁতৰ দৰে মোকো মাৰি পেলালে তোৰ কি হানি হয়? মাৰি পেলা মোক..প্লীজ, মই হাত জুৰিছো...মোৰ ভুলৰ শাস্তি বহুত পালো ..এতিয়া প্লীজ মোক এৰি দে.............

মই প্ৰাণপনে চিঞৰি উঠিব খুজিলো, কিন্তু নোৱাৰিলোঁ। শেষবাৰ আত্মহত্যাৰ প্ৰচেষ্টাৰ পাছত হোৱা স্নায়বিক বিকলতাই মোৰ মগজু, চকুদুটা আৰু হৃৎপিণ্ডৰ বাদে সমগ্ৰ দেহ অসাৰ কৰি পেলাইছে। তাই সেই ঘৃণাভৰা দৃষ্টিৰে মোলে একেৰাহে চাই আছে...সকলো সময়তে, আৰু ........

............মই তাইৰ সেই দৃষ্টি সহ্য কৰি  থাকিবলৈ বাধ্য, চকু মুদিবও নোৱাৰো মই!!...

(ধৰ্ষণ হত্যাতকৈয়ো বেছি ঘৃণনীয় অপৰাধ, মৃত্যুৰ শাস্তি আচলতে ধৰ্ষণকাৰীৰ বাবে মুক্তিহে)

No comments:

Post a Comment