Thursday, February 18, 2016

==== পুণৰ্মুচিকো ভৱঃ =====





আকাশবাণীৰ (এফ এম) বিজ্ঞাপন ...
মহিলাঃ- কামিনী, তই বৰ ভালকৈ কাপোৰ বব জান নহয়, মোৰ ভাগিনীজনীৰ বিয়া, কেইজোৰ মান ভাল কাপোৰ বৈ দিবি দেই। 

কামিনীঃ- বাইদেউ, আপোনাৰ ঘৰত তাঁতশাল আছে নহয়? মই আপোনাৰ ঘৰতে গৈ কাপোৰ বৈ দিম ।

মহিলাঃ- কি, তোৰ নিজৰ তাঁতশাল নাই নেকি? 


কামিনীঃ- (অলপ দুখেৰে)আমাৰ দৰে মানুহৰ আৰু ক’ত তাঁতশাল কিনিবলৈ ধন হব বাইদেউ! 

মহিলাঃ- কিয়, চৰকাৰে তঁহতৰ দৰে মানুহবিলাকৰ বাবে তাঁতশাল বিনামূলীয়াকৈ দিয়ে নহয়। তই তহঁতৰ পঞ্চায়তৰ সভাপতিৰ লগত ব্লকৰ বি.ডি.অ’. ক লগ ধৰিবিছোন।

(গীতঃ- গাঁৱে গাঁৱে উন্নতি হব ধৰিছে .. লা লা লা...)

×××××××

অ’কে- ইমানলেকে গ’ল বিজ্ঞাপনৰ কথা; কিন্তু যদি আমি এই কথোপকথন পুৰাকৈ শুনিবলে পালোহেঁতেন – হয়তো এনেকুৱা হ’ল হেঁতেন 

×××××

(ওপৰৰ মহিলাগৰাকীৰ সংলাপৰ পিছত) 

কামিনীঃ- এহ, সেই অনা ডেলে বাইদেউ। সেইবোৰ আমি নোপও। হওতে কথাটো গম পাইছিলো মই, বোলে হেনো তাতশাল দিব।দুই এজনক লগো ধৰিলোো। বিডিঅ’ চাৰকহে নেপালো..তেওবোলে গুৱাহাটিতহে থাকে, বলক (ব্লক) লে নাহেই। পিছে মোৰ গিয়ান বুধিৰে যি বুজিলো, তাঁতশাল নহগৈ মোৰ। 

মহিলাঃ- কিয়?

কামিনীঃ- কেলৈ পঞ্চায়তৰ সভাপতি আকৌ হাত পাৰ্টিৰ নহয় জানো,? পিছে আমাৰ চুবুৰীটোৰ মানুহখিনিয়ে হেনো কাৰোবাৰ উচতনিত ভোল গৈ হাতীত ভোট দিছিলে। হওতে ময়ো নিদিয়া নহয়। পিছে সেইকাৰণেই, আমি বোলে একো সা-সুবিধা নেপাও। পিছে সেই যে মহেন, অঁ’, কনপাই ঠিকাদাৰৰ মাজুটো পুতেক, সি ক’লে বোলে – টকা দুহেজাৰ লাগিব, কাম হৈ যাব।সি হেনো এমেলে চাৰৰ একেবাৰে খাচ মানুহ। এতিয়া মই মানুহজনীয়ে লাগ বুলিলেনো ইমানসোপা টকা ক’ৰপৰা পাও কওকচোন? তাতে মহেন মানুহটোও ভাল নহয়, বহুতৰে পইচা খাই কাম কৰি দিয়া নাই বুলি শুনিছো। 

মহিলাঃ- এ, এনেকুৱাহে নেকি কথাটো? 

কামিনীঃ- মানে বাইদেউ, মই জানো নহয়, খৰছ নকৰিলে চৰকাৰী কাম কেনেকে হব?চৰকাৰখনে আৰু আমাৰ পেট ভৰাবলে বহি আছেনে? সিবাৰ বি পি এল আৰু খন জব কাৰ্ডখন উলিয়াবলেকে মানুহজনে কিমানসোপা ধন ভাঙিব লগা হ’ল- আপুনি জানেইচোন। বাটৰ দাঁতিৰ মাটি দুকঠা বন্ধকত গ’ল। পিছে এই জব কাৰ্ডখন পাই বৰ উপকাৰ হ’ল দেই আমাৰ।

মহিলাঃ- হয় নেকি? 

কামিনীঃ- হয় হয় বাইদেউ, বৰ ভাল কাম কৰিছে চৰকাৰে। জব কাৰ্ড খন পোৱাৰ পাছত এনেই পইচা কেইটা আহি থাকে, - একো কাম বন কৰিব নেলাগে। কেৱল চেক্ৰেটেৰী, প্ৰেচিডেন্টক তেওলোকৰ ভাগটো দি, টিপচহী এটা মাৰিলেই হৈ যায়। পিছে আমাৰ কপালতনো সুখ ক’ত বাইদেউ- জবকাৰ্ডৰ পইচাখিনি মানুহটোৱে চুলাইতে উৰুৱায়। মানুহটোৱে আগতে হাজিৰা কৰি দুই-এপইচা আনিছিলে, আজিকালি সেয়াও নেচেল।বিপিএল চাউল পাই, খেতি বাতিও নকৰা হ’ল। আগতে, নিজৰ নহ’লেও, আনৰ আধি- বন্ধকী খেতিৰে বছৰটোৰ চাউলকেইটাৰ যোগাৰ হৈছিল।আজিকালি সেয়াও নাই, ... মইহে মানুহজনীয়ে দুইহাতে আজুৰি যেনেতেনে ল’-ছালি কেইটাক পেটে ভাতে খুৱাই ৰাখিছো। 

মহিলাঃ- কি কৰিবি আৰু, উপায় নাই। 

কামিনীঃ- হয় বাইদেউ, এইবোৰ কথা নো কাক কম, কোনে পতিয়াব? ল’-ছালি কেইটাও তেনেই গুছিল। ডাঙৰজনী ছোৱালী ডং ডং কে গাভৰু হ’ল- পিছে ঘৰখনত কামৰ নামত কুটা এগছ নকৰে। ভূঁই ৰুবলে, চোতাল সাৰিবলে লাজ পায়, ইচকুলত পঢ়া ছোৱালী যে। এতিয়া মই ভাতকে ৰান্ধো নে, বাহিৰত বন-বাত কৰি ঘৰ চলাও, আপুনিয়েই কওকচোন? এই ছোৱালীজনীলেহে মোৰ চিন্তা বেছি.. জানো কোনোবাই মোবাইল নে কিবা এটা দিলে হব পায় ,দিনৰ দিনটো সেইটোকে পিতিকি থাকে.. কি পায় তাইহে জানে? হেৰৌ কাইলে পৰহিলে বিয়া হব, ঘৰ এখন চলাব লাগিব। বোলো তেতিয়া কৰিবি কি? নাই.. নুশুনে?

মহিলাঃ- আৰু তোৰ ল’ৰা এটাও আছে নহয়, ডাঙৰেই হ’ল ছাগে! পঢ়া-শুনা কৰি আছেনে সি? 

কামিনীঃ- ইইইই.. বাইদেউ, ল’ৰাটোৱে ইচকুল বাদেই দিলে কেতিয়াবাই- পিছে হেডমাষ্টৰে এনেই নামটো লিখি ৰাখিছে, কিবা বোলে মিড-ডে মীল নে কিটোত হিচাপ দিব লাগে। একো কামবনতো নকৰেই, আজিকালি বাপেককে দেখি চুলাই খাবলেও শিকিছে। সেইদিনা কিবা পুলিচ কেচো লগালে.. ঘৰৰ পৰাই পুলিচে নিলেহি .... 

মহিলাঃ- তই বুজাবি আকৌ সিহঁতক!

কামিনীঃ- মই কিবা ক’লে ভেকাহি মাৰি হে দিয়ে। বোলে খুৱাব পিন্ধাব নোৱাৰ যদি ফুকাইছিলি কেলে? চাওকচোন বাইদেউ, এইবোৰ সিহঁতৰ কথা। 

মহিলাঃ- হব দে আৰু, এইবোৰ কথা পাতি কি লাভ? কপালত যি আছে আৰু- পিছে তই কাপোৰখিনি ধুই, পাচলি কেইটামান কাটি থৈ যাবি। যোৱাৰ আগতে ঘৰটো আকৌ এবাৰ ঝাড়ু মাৰিবি। মই পতকৈ চিৰিয়েল এখন চাই লও- 

বি.দ্ৰ.- বিজ্ঞপনৰ কথাখিনি স্মৃতিৰ পৰা লিখা, গতিকে শব্দ দুই এটা ইফাল সিফাল হব পাৰে। কিন্তু অৰ্থ একদম ঠিক আছে।

No comments:

Post a Comment