Friday, October 12, 2018

প্ৰফাইল বিচাৰ (সংকলন আৰু সম্পাদনা) - (ফটাঢোল আলোচনীৰ 'জুলাই-২০১৭ সংখ্যাত প্ৰকাশিত)

আগতে কোৱা গৈছিল- “আপোনাৰ ব্যৱহাৰেই আপোনাৰ পৰিচয়”; কিন্তু আজিকালি এই বাক্যটো – “আপোনাৰ ফেচবুক প্ৰফাইলেই আপোনাৰ পৰিচয়”- বুলি ক’লেহে যথোপোযুক্ত হব বুলি ভাৱ হয়। চৰিত্ৰ বিচাৰৰ এই নব্য-ধাৰাৰ লগত সংগতি ৰাখি এই ফটাঢোলৰ পৃষ্ঠপোষক সকলে কম্পিউটাৰ প্ৰগ্ৰেমৰ জৰিয়তে ফে’চবুক প্ৰফাইল বিশ্লেষণৰ বাবে প্ৰচেষ্টা চলাই আহিছে। যি কোনো ব্যক্তিৰ ফেচবুক প্ৰফাইলৰ লিংকটো এই ছফটৱেৰে পোৱাৰ লগে লগে – সেইজনাৰ ইতিবৃত্ব, চৰিত্ৰ, স্বভাৱ, বেকগ্ৰাউণ্ড আদি সকলো ফটফটীয়াকৈ ওলিয়াই পেলায়।
এই ছফটৱেৰৰ সহায়ত বিশ্লেষণ কৰে কেইটামান প্ৰফাইল বিচাৰ এই শিতানত সন্বিৱিষ্ট কৰা হৈছে।

(বি. দ্ৰ. :- কানি মুণি বাই বাই, কাৰোবাৰ গাত লাগিলে আমাৰ গাত দোষ নাই, সকলো দোষ সেই ছফটৱেৰটোৰ)

অতিথি নং ১:- শ্ৰী ডেমকেয়াৰ দত্ত


বিতৰ্ক এটা মাৰ্কেটত অহা বুলি শুনিলেই বহাগত কুলিৰ মাত শুনাৰ দৰেই আপোনাৰ দেহা মন ৰাইজাই কৰে ৷ হেৰিৰ পৰা পৰমালৈ, চাকিৰাৰ পৰা ডোনাল্ড ট্ৰাম্প লৈ হোৱাই নোহোৱাই “টেপেক” কৈ মতা স্বভাব টো আপোনাৰ ক’ত কেতিয়া কেনেকৈ আৰম্ভ হৈছিল সেই বিষয়ে বুৰঞ্জী নিমাত যদিও, আমাৰ সুক্ষ্ম চফ্টৱেৰ বিশ্লেষণ অনুযায়ী প্ৰায় নব্বৈৰ দশকতে কোনোবা এটা হোষ্টেলতে কোনো বিদেহী আত্মাৰ কোপ দৃষ্টিৰ কৱলত পৰিয়েই এই চমৎকাৰী গুণৰ আৰম্ভ হৈছিল বুলি কৈছে ৷ নলঙা জেঙত লগা, খাল খান্দি ঘৰিয়াল ছপাই লোৱা আদি কামবোৰ আপোনাৰ প্ৰায় এশ বত্ৰিশ টা কামৰ ভিতৰত মুখ্য স্থান (priority) লাভ কৰে ৷ প্ৰায় তিনি দশক যোৰা এই প্ৰভাৱ ইমানেই সুবিশাল আৰু বিস্তীৰ্ণ আছিল যে তাৰ অভেদ্য প্ৰাচীৰ ভাঙি মুক্তি লাভ কৰাৰ কথা কৈ কৈ মনস্তত্ববিদ স্বয়ং চিগমণ্ড ফ্ৰয়েড মৰি ভুত হৈ গ’ল কিন্তু আপোনাক সন্মত কৰিব নোৱাৰিলে ৷


ক্ৰিকেট আপোনাৰ প্ৰিয় খেল ৷ বলিঙত কে বেটিঙত আপোনাৰ বুৎপত্তি অতুলনীয় ৷ বাও হতীয়া ব’লাৰ আহিলেই আপুনি ক্ৰিজ এৰি খেদি খেদি গৈ চিক্সাৰ মাৰি ৰাইজৰ প্ৰিয় বেটচমেন হিচাবে সুখ্যাতি লাভ কৰিছে ৷ গুগলী, স্পিন, আণ্ডাৰ আৰ্ম, বাউন্সাৰ, চায়নামেন সকলো বিধ্বংশী বলিঙ এটেক অনায়াসে বাউণ্ডেৰী পাৰ কৰি অপ’নেন্টক ভীতিবিহ্বল কৰি তোলাত সিদ্ধহস্ত আপুনি ৷ অপেনিং স্লট আপোনাৰ প্ৰিয় যদিও আজি কিছুদিনৰ পৰা ছহীদ আফ্ৰিদিৰ দৰে মাজে মাজে দায়িত্বজ্ঞানহীন বেটিং কৰি দৰ্শকক নিৰাশ কৰা বাবে কমপিউটাৰ মহাশয়ে আপোনাক সোঁহাতৰ তৰ্জনী আঙুলিত ছয় ৰতিৰ গোমেজ পৰিধান কৰিবলৈ উপদেশ দিছে ৷ তুলনামুলক ভাবে বলিঙ ডিপাৰ্টমেন্টো আপোনাৰ অলপ দুৰ্বল ৷ “দাদা য’ত আমি ত’ত” মতবাদত আপুনি বিশ্বাসী যদিও দাদাৰ ভুয়সী প্ৰশংসা নকৰি দুই এটা ৱাইড আউট চাইড ডা অফ স্টাম্প বল পেলাই আপুনি আশা কৰি থাকে যাতে বেটচ মেনে বলেই চুবই নোৱাৰে ৷

আমাৰ কমপিউটাৰৰ মনস্তত্ব বিশ্লেষণ অনুযায়ী সৰুকালত ঘটা এটি ঘটনাই আপোনাৰ মনত তীব্ৰভাবে ৰেখাপাত কৰা বুলি ধাৰণা লোৱা হয় ৷ স্কুলত পঢা অৱস্থাত “Sleeping with the enemy” বুলি হলীউডৰ চিনেমা এখনে আপোনাৰ স্বভাৱত এক আমুল পৰিবৰ্তন আনে ৷ সেয়া হল আপুনি শত্ৰুপক্ষক এসেকা দিম বুলি নিজে মাতি আনি যুঁজ কৰাৰ অত্যাধিক স্পৃহা ৷ এই সিদ্ধান্তৰ আধাৰতে সকলো শত্ৰুবাহিনীক আপুনি আপোনাৰ ফেইচবুক ফ্ৰেণ্ডলিষ্টতে পুহি ৰাখিছে যাতে মন গলেই মাতি আনি এঘড়ী যুঁজিব পাৰে ৷

বাকী ভিতৰ-বাকচ কলা সম্পৰ্কে কমপিউটাৰে বিশেষ তথ্য লাভ কৰা নাই যদিও অসমলৈ আহি দুই এক গুপ্তস্থানত আপোনাৰ মহিলা অনুৰাগী সকলৰ লগত একো জেং নাই কৰা বুলি নদি কব পৰা অৱস্থাত নাই ৷ এই বিষয়ে অধিক তথ্যৰ বাবে ডেটা প্ৰচেচিং ইউনিটৰ লগত যোগাযোগ কৰি থকা হৈছে ৷

অতিথি নং ২:- শ্ৰীমান ধদুৱাধাৰী অধিকাৰী
 
অধিকাৰীদেৱ, আপোনাৰ প্ৰফাইলৰ সমগ্ৰ তথ্য আমাৰ কম্পিউটাৰত ফীড কৰাৰ পাছত- আমাৰ কম্পিউটাৰটোত অলপ যান্ত্ৰিক বিজুঁটি ‌ঘটে- ফলত কম্পিউটাৰটোৱে আমাৰ অপাৰেটৰ সকলক অশ্ৰাব্য ভাষাৰে গালি পৰা আৰম্ভ কৰে। সেই গালি বিলাকত আপোনাক উদ্দেশ্য কৰি কিছুমান বিতৰ্কিত কথা কোৱা হৈছিল, যিবোৰ চেন্সৰৰ নিয়ম অনুসৰি আমি এই ৰিপৰ্টৰ পৰা আঁতৰাই দিছো। শেষত Control+Alt+Del মাৰি কম্পিউটাৰটো re-boot কৰি Safe Mode তহে আপোনাৰ প্ৰফাইল বিশ্লেষণ কৰিব পৰা হয়।
সি যি কি নহওক, আপোনাৰ প্ৰফাইল বিচাৰ এনেধৰণৰ

আপুনি কাম কৰি বেয়া নেপায়, কেৱল “দৰকাৰী” কাম কৰিহে বেয়া পায়। বাকী ফেচবুক কৰা, ছোৱালী জোকোৱা আদিত আপোনাৰ ডেডিকেচন দেখিলে আপোনাৰক কৰ্মবীৰ উপাধিও দিব পাৰি।

আপোনাৰ জিভাখনত কিবা এটা পুৰণা বিসংগতি আছে- ই আপোনা আপুনি কিছুমান ঝেং লগোৱা কথা কৈ থাকে। আপোনাৰ জিভাৰ কোনো নিয়ন্ত্ৰণ নাই- যি কেতিয়াবা স্বাস্থ্যৰ পক্ষে ক্ষতিকাৰক হব পাৰে। নলগা জেঙাত লাগি ফুৰাত আপোনাৰ সমকক্ষ পাবলৈ টান। আৰু সুবিধা পালেই অশ্ৰাব্য গালি গালাজেৰে আপুনি সুসজ্জিত সেনাবাহিনী একোটাকো সুৰ সুৰকৈ পলাবলৈ বাধ্য কৰিব পাৰে।
আপুনি ইংৰাজীত বৰ দূৰ্বল। গোটেই প্ৰফাইলত এটাও ইংৰাজী আখৰ দেখা পোৱা নগ’ল। বিদেশী ভাষা ইংৰাজীৰ বাবেই আপুনি প্ৰবেশিকা পৰীক্ষাত কেইবাবাৰো মুখথেকেছা খোৱাৰ পাছত, আপুনি জাতিয়তাবাদী ভাৱধাৰাৰে জাগ্ৰত হয় আৰু ভুলে শুদ্ধই অসমীয়াৰ বাদে আন কোনো ভাষা ব্যৱহাৰ নকৰিবলৈ সংকল্পবদ্ধ হয়।
আপোনাৰ কৈশোৰৰ পৰা যৌৱন হৈ বৃদ্ধাৱস্থালৈকে বৰ বেছি তিনিখন মান চাব পৰা ফটো আছে, সেইকেইখনকে সদায় ইফাল সিফাল কৰি ডি পি কৰি থাকে। ২৪ ঘণ্টা ফেচবুকত সতৰ্ক দৃষ্টি ৰখা মানুহ হৈ আপুনি দিপি সলনি নকৰা ঘটনাটোৱে ভু ৰখা মহলত উদ্বিগ্নতা সৃষ্টি কৰিছে।

অতিথি নং ৩:- শ্ৰী বিত্তবিধান বৰবৰুৱা
 
প্ৰফাইলবিচাৰ শিতানত আজি আমাৰ অতিথি শ্ৰী বিত্তবিধান বৰবৰুৱা।তেওঁৰ প্ৰফাইল ফটো মোৰ কম্পিউটাৰত ফীড কৰাৰ লগে লগে কম্পিউটাৰটো অবিশ্বাস্যভাবে শীতল হৈ গ’ল, বহুত দেৰি তাৰ সাৰ-সুৰ নাই । তাৰপিছত তাৰ পৰা বিভিন্ন দেশৰ কাৰেন্সিসমুহৰ ফটো আহিল, কিউবা আৰু ভেনিজুৱেলাৰ কাৰেন্সি দুটা বহুত দেৰি কম্পিউটাৰৰ মনিটৰত থিৰ হৈ ৰ’ল । দুটা বাঘঢকা মনিটৰত দিয়াৰ পিছত হে তাৰ পৰা তলৰ তথ্যখিনি উদ্ধাৰ কৰিব পৰা গ’ল ।
আপোনাৰ বিষয়ে মোৰ কম্পিউটাৰে যুগুতোৱা তথ্যবোৰ এনেধৰণৰ:

আপোনাৰ দৰে শান্ত-সমাহিত প্ৰাণী সমগ্ৰ এচিয়াতে বিৰল, সেয়ে ইউনেস্কো’ই আপোনাল ইতিমধ্যে “বিৰল আৰু এনদেঞ্জাৰড স্পেচিজ” বুলি ঘোষণা কৰিছে । এওঁ ইমানেই শান্তিপ্ৰিয় যে শ্ৰীমতীৰ পৰা দৈনিক ৭৫টা গালি খোৱাৰ পিছতো তেওঁৰ শ্ৰীমতীয়েই অসমৰ আটাইতকৈ শান্তিপ্ৰিয় পত্নী বুলি মানুহৰ আগত জহাই ফুৰে । কথিত আছে যে আপুনি জন্ম হোৱাৰ দিনাও হস্পিটেলত এবাৰলৈও কন্দা নাছিল, ওচৰত থকা মানুহৰ অসুবিধা হয় বুলি । নাৰ্চ-ডাক্তৰ যোৱাৰ পিছত মাক শুই থাকোতেই হেনো অলপ উচুপি কান্দি ল’লে, নিয়মটো কৰিব লাগে বুলি । বৰ্ষচক্ৰ গণনা মতে, শাওনৰ পুৰ্ণিমাৰ ৰাতি তৃতীয় প্ৰহৰত জন্ম হোৱা বাবে ৰাহু-কেতু আৰু শনিদেৱৰ বক্ৰদৃষ্টিৰ পৰা আপুনি বাচি যাবলৈ সক্ষম হয় (নজনা সকলৰ জ্ঞাতাৰ্থে জনাই থওঁ, পুৰ্ণিমা আৰু অমাবস্যাৰ ৰাতিৰ তৃতীয় প্ৰহৰটোত ৰাহু, কেতু আৰু শনিদেৱৰ ছুটী থাকে, অকল মাহেকত সেই দুদিনৰ সেই প্ৰহৰটোত তেওঁলোকে সোমৰস অকণ খাই ৰম্ভা-মেনকাৰ নৃত্য উপভোগ কৰিবলৈ অনুমতি পাই) ।

অবশ্যে আপোনাৰ এই খং-ৰাগ নথকা স্বভাৱটোৰ বাবে একো বিশেষ লাভ হোৱা নাই, লাভৰ মুৰত ঘৰত থকাৰ সময়খিনিত শ্ৰীমতীৰ অনৰ্গল মিত-ভাষ শুনি থাকিব লগা হয় । কম্পিউটাৰে দিয়া তথ্য অনুসৰি সেইটো কাৰণতে আপুনি ৰাতিপুৱা ছয় বজাত চেম্বাৰলৈ ওলাই যায় আৰু ৰাতি দহ বজাত ঘৰ সোমাই শ্ৰীমতীয়ে ঢাকি থোৱা ভাত কেইটা খাই সমগ্ৰ বাচন-বৰ্তন ধুই, ঘৰটো এবাৰ সাৰি-মুছি আজৰি হৈ ৰাতি এক বজাত শুই থাকে ।

বৰ্ষচক্ৰ গণনা মতে অষ্ট-ৰিপুৰ অন্যতম প্ৰেম-মায়া-মোহ আদিৰ পৰাও আপুনি বঞ্চিত, তাৰ মুখ্য কাৰণ শুক্ৰৰ বক্ৰদৃষ্টি । তথ্য অনুসৰি, কলেজত পঢ়ি থকা দিনটো আপুনি বেছি সময় “ডেবিট দ্য ৰিচিভাৰ, ক্ৰেডিট দ্য গিভাৰ”, “ল অব দিমিনিচিং মাৰ্জিনেল ইউটিলিটি” মুখস্থ কৰিয়েই কটালে । কলেজৰ দিনত তেওঁৰ দুজনী ষোড়শীৰ লগত অলপ চাৰিচকুৰ মিলন হৈছিল, কিন্তু কোনজনীত ইনভেষ্ট কৰিলে বেছি চিকিউৰ হ’ব, সেইয়া চিন্তা কৰি থাকোতেই দুইজনী চাৰিটা ছলি-পলিৰ মাক হ’ল গৈ বুলি কম্পিউটাৰে তথ্য দিছে । শেহতীয়া ভাবেও ফেচবুকত বহুজনীয়ে তেওঁৰ শান্ত-সমাহিত ৰুপত মুগ্ধ হৈ তেওঁলৈ তীক্ষ্ন নজৰ দি আছে বুলি কম্পিউটাৰে উমান দিছে যদিও কিন্তু শুক্ৰৰ বক্ৰদৃষ্টি এতিয়াও বিৰাজ কৰি থকা বাবে আপনাৰ এইক্ষেত্ৰতো সফলতাৰ আশা নাই।

তিথি নং ৪ :- শ্ৰীমতী কাব্যশ্ৰী সৌকাধৰা
 
প্লীজে ৱেলকাম দ্য ব’ল্ড এণ্ড বিউটিফুল মিটজ চাবুকধৰা। আপুনি অত্যন্ত প্ৰতিভাশালী মানুহজনী, টেলেন্টৰ কোবতে জন্ম লগ্নত কিছু দেৰি হল ৷ মানে এনেকুৱা হ’ল যে ডক্টৰে বিবুদ্ধিত পৰিছিল যে মাতৃগৰ্ভৰ পৰা আগতে যদি অলপ এক্সট্ৰা টেলেন্ট বাহিৰ কৰি দিয়া নহয় আপুনি ভুমিষ্ঠ হোৱাটো নিশ্চিত নাছিল ৷ ডাক্টৰে আপোনাৰ গাৰ্জেনক অপচন দিছিল যে কি কৰিম ? বয়োবৃদ্ধ সকলে বিচাৰ খোচাৰ কৰি কলে যে সন্তানক কে টেলেন্ট ডাঙৰ নহয়, গতিকে সেইখিনি ৰিস্ক লোৱা যাওক ৷ এনেদৰে সকলোৰে সন্মতি ক্ৰমে আপুনি পৃথিবীলৈ আহিল ৷ সেই সুত্ৰে আপোনাৰ টেলেন্ট কিছু কমি গল যদিও ডক্টৰে নিৰ্ভয় দি কৈ গৈছিল যে এক্সট্ৰা বস্তুখিনি তেও মাইনৰ অপাৰেচন এটা কৰি পুনৰ সংস্থাপিত কৰি দিব আৰু দিলেও ৷ সেই ডাক্তৰৰ কৃপাতে লাহে লাহে দিনেৰাতি ক্ষিপ্ৰ গতিত আকৌ প্ৰতিভাৰ বিকাশ হল ৷

আপোনাৰ বহুমুখী প্ৰতিভাৰ প্ৰথম চিকাৰ হৈছিল আপোনাৰ প্ৰাক্তন প্ৰেমিক ৷ গাভৰু কালতে কাব্যিক ভাৱধাৰাৰে লিখা প্ৰেমপত্ৰ বিলাকৰ পাঠোদ্ধাৰ কৰিব নোৱাৰি একো বুজি নাপায় ঘুৰাই দিছিল চিঠি পত্ৰবোৰ ৷ প্ৰথম প্ৰেম তাতেই মৰহি গল আৰু আপোনাৰ কাব্য প্ৰতিভাও লেপ তুলি লৈ শুই থাকিল। পিছত বিয়া বাৰু পাতি “ছেটল” হোৱাৰ পাছত আপোনাৰ হাতলৈ অফুৰন্ত ‘ফ্ৰী’ সময় অহাত আপুনি আকৌ নিজৰ কাব্য প্ৰতিভা জাগ্ৰত কৰি তুলিলে।

কিছুদিনৰ ভিতৰতে অনায়াসে আপুনি হৈ পৰিল ফেচবুকৰ জনপ্ৰিয় কবি। অসমীয়া ইউনিক’ড লিখিবলৈ শিকাৰ দিন ধৰি আজি যোৱা তিনিবছৰে আপুনি দিনে সাতটাকৈ কবিতা লিখি ৱালত পোষ্ট কৰি আহিছে। সেই কবিতাবোৰত গড়ে ৪৭.৮৭ জনকৈ লোকক টেগ কৰি আপুনি লাভ কৰিছে এক অনাবিল ৰচনাত্মক আসুৰিক তৃপ্তি ৷ আৰু আপোনাৰ কবিতাক উপলুঙা কৰাসকলৰ বিৰূদ্ধে আপুনি তুলি লৈছে শাণিত চাবুক।

আবেলি আপোনাৰ প্ৰিয় সময় ৷ কাৰণ এই সময় খিনিতেই কিবা লিখি মেলি ব’ৰ হলে অলপ লগৰী কেইজনীৰ লগত পৰচৰ্চা কৰিবলৈ সময় পায় ৷ কোন আপীৰ কাৰ লগত জেং, কোনে গৈ নৈৰ পাৰত কাৰ পুতেকৰ লগত ফুচফুচাই কি কথা পাতিলে এইবোৰ কথা আপোনাৰ নখ দৰ্পনত ৷ গাৱৰ ছোৱালীৰ বিয়া বাৰুৰ “ৰিষ্টা” লৈ কোনোবা আহিলে চিধাই দৰাঘৰৰ মানুহে আপোনাৰ পৰাই কাৰেক্ট ইনফৰ্মেচন টো পায় যায় ৷

অতিথি নং ৬:- শ্ৰীনিত্য সুৰাকাৰ
 
ফুলৰ প্ৰতি আপোনাৰ এক অদ্ভুত দুৰ্বলতা আছে ৷ বাহিৰত কঠুৱা যেন লাগিলেও আপোনাৰ অন্তৰখন আছলতে ফুলৰ দৰেই কোমল ৷ ফুল নেপালে আপুনি হাফ বা কোৱাৰ্টাৰেৰে কাম চলোৱাৰ পক্ষপাতি নহয়। এক্সট্ৰিম ডেকাকালত আপুনি নাৰীসমাজত বৰ জনপ্ৰিয় আছিল ৷ কিন্তু নাৰীসকলে সাহস কৰি আগবাঢ়ি নহাৰ বাবে আপোনাৰ বিয়া পাতিবলৈকে টনাটনি হৈছিল। তেতিয়াৰ পৰাই আপোনৰ ফুলৰ প্ৰতি দুৰ্বলতা বৃদ্ধি পায়।  ধৰ্মীয় স্থানবোৰ আপোনাৰ অতি প্ৰিয় ৷ বহুত বিচাৰ খোচাৰ কৰি 1947 চনতে লিখা আপনাৰ ডায়েৰী এখনৰ পাঠোদ্ধাৰ কৰা গ’ল। তাত লিখা আছিল “আজি আকৌ মন্দিৰ গ’লো, মন্দিৰ মই বহুত ভাল পাওঁ, কাৰণ মন্দিৰ হৈছে থৌগা আপীবোৰৰ ৰম্যভুমি!!”

ছফটৱেৰে বিশ্লেষণ কৰি পাইছে যে আপুনি দিনৰ দিনটো কলমতিয়াই থাকি ৰাতি চাৰে এঘাৰ মান বজাৰ পৰাহে ফে’চবুকত সক্ৰিয় হয়। সেইখিনি সময় আপুনি আপোনাৰ ‘ফুল’ ক্ৰিয়েটিভ ম’ড’ত থাকে। ইনবক্সিং নামৰ খেল খেলি থকাৰ লগে লগে আপুনি কবিতা লিখে, কমেণ্ট মাৰে, গৰমা গৰম আপডেট দিয়ে, বেমাৰৰ বিধান দিয়ে, গালি পাৰে আৰু যিকোনো বিষয়ৰ ওপৰতে চূড়ান্ত সিদ্ধান্ত দিয়ে। পিছে সেই সময়ত ইনচমনিয়াত ভোগা আপোনাৰ দৰে দুই এজনৰ বাদে বাকী বোৰে এঘুমটি মাৰিও সাৰ পোৱাৰ বাবে ৰাতি আঢ়ৈ মান বজাত আপুনি হতাশ হৈ শুই যায়।

আপুনি ইতিমধ্যে আপোনাৰ প্ৰথমখন গ্ৰন্থৰ কাম সম্পূৰ্ণ কৰিছে- যিখনৰ নাম কম্পিউটাৰে অনুমান কৰা মতে “ শ্ৰীমতীক টুপী পিন্ধাই সদায় গধুলি সুৰাপান কৰাৰ এশ এটা সহজ উপায়”

অতিথি নং ৭ : প্ৰিন্সেচ হানী কিউটি পাই এঞ্জেল চুইটি”
 
কম্পিউটাৰ সহায়ত আপোনাৰ প্ৰফাইল বিছাৰ কৰাত এইবাৰ আমাৰ বৰ বিশেষ অসুবিধা হোৱা নাই, আপোনাৰ প্ৰফাইল ডাটা ইনপুট কৰাৰ লগে লগে তলত দিয়া বিশ্লেষণ সমূহ গুগলৰ ৰিজাল্টতকৈতয়ো তৰিৎ গতিৰে আমাৰ সমুখত আহি পৰিছে।

– আপোনাৰ নামটো দেখি আপোনাক বগা পৰা ছালৰ ফিৰিঙি ব্ল’ণ্ড যেন লাগিলেও ছফটৱেৰ নিশ্চিত যে আপুনি আচলতে আমাৰ জাকৈ গাঁৱৰ খালৈ চুবুৰীৰ গৰৈ গলিৰ বাসিন্দা।

– আপোনাৰ মুঠ ৫ খন প্ৰফাইল পিকচাৰ আছে, প্ৰত্যেকখনেই ভিন ভিন অখ্যাত ভোজপুৰী চিনেমাৰ ‘হট’ ভেম্পৰ বুলি আমাৰ কম্পিউটাৰে চিহ্নিত কৰিছে। তাৰে এখন চানী লিঅ’নিৰ ডেকা কালৰ বুলিও অনুমান কৰা হৈছে।

– প্ৰফাইলৰ হিচাপত আপুনি স্ত্ৰীলিংগ যদিও আপোনাৰ প্ৰফাইলত ক্লিক কৰাৰ পাছত ব্ৰাউজাৰৰ ‘এড্ৰেছ’ লিখা ঠাইত https://www.facebook.com/jogen chandra borah বুলি লিখা থকা দেখাৰ পাছত আপোনাৰ লিংগ নিৰ্ণয় কৰাত কম্পিউটাৰৰ অসুবিধা হৈছে। সাধাৰণতে যোগেন নামৰ স্ত্ৰীলিংগৰ মানুহ পোৱা কঠিন যদিও ‘হবই নোৱাৰে’ বুলি কোনো গেৰাণ্টি দিব নোৱাৰে বাবে কম্পিউটাৰে আপোনাক বেনিফিট অৱ ডাউট দিবলৈ সিদ্ধান্ত কৰিছে।

– আপুনি ৫০৬৬ টা গ্ৰুপৰ সদস্য আৰু লগতে আপুনি ৪২৯৪২৩৭৪ টা পে’জ লাইক কৰি আপুনি ৰেকৰ্ড গঢ়ি থৈছে। গ্ৰুপ আৰু পে’জ বিলাকৰ নাম আপোনাৰ ‘প্ৰাইভেচী’ আৰু সন্মান ৰক্ষাৰ্থে গোপন কৰি ৰখা হ’ল।

– আপুনি শেষনিশা ইনবক্সত বৰ বেছিকৈ এক্টিভ হয়, সেই সময়ত আপুনি সুৰামত্ত অৱস্থাত থাকে বুলিও অভিযোগ আছে। আপোনাৰ ইনবক্স মেচেজ বিলাকত প্ৰায়েই -I m hndsm boy, not girl, plz talk to me. এই বাক্যাংশ দেখা পোৱা গৈছে। এই বাক্যাংশবিলাকৰ পাথোদ্ধাৰ পৰৱৰ্তী সময়ত কৰা হব।

– আপোনাৰ প্ৰফাইলত আপুনি নিজে দিয়া কোনো আপডেট পোৱা হোৱা নাই, বৰঞ্চ ইয়াত খাজুৰাহো, কোনাৰ্ক আদিৰ ভাস্কৰ্য্য বিলাকৰ মডাৰ্ণ ভাৰ্চন কিছুমানত আপোনাক টেগ কৰা দেখা যায়। ইয়াৰ পৰাই আপোনাৰ চৰিত্ৰৰ এক বিশেষ দিশৰ অনুমান কৰিব পাৰি

– আপুনি হয় নিজে এক জধামূৰ্খ , নহ’লে আপুনি এই দুনীয়াখনকে জধামূৰ্খ বুলি ভৱাৰ ভুল কৰিছে।

অতিথি নং ৮ :- শ্ৰীমান শৰ্কৰা শৰ্মা
 
আপোনাৰ প্ৰফাইলৰ সমগ্ৰ তথ্য আমাৰ কম্পিউটাৰ ফীড কৰাৰ লগে লগে কম্পিউটাৰটোৰ মনিটৰ, চিপিইউ সকলোতে পৰুৱাৰ এটা বৃহৎ দ’লে সংঘবদ্ধ ভাবে আক্ৰমণ কৰে । তিতাবৰৰ পৰা পৰা জাৰি অনা তিতাকেৰেলাৰ পানী ছতিয়াই হে যেনেতেনে কম্পিউটাৰটোক পৰুৱাৰ আক্ৰমনৰ পৰা ৰক্ষা কৰিবলৈ সক্ষম হোৱা যায় ।

সি যি কি নহওক, আপোনাৰ প্ৰফাইলবিচাৰ এনেধৰণৰ:-

ফেচবুক জইন কৰাৰ পৰা আপুনি সৰ্বমুঠ ৪০৩৩ নাৰীলৈ ফ্ৰেণ্ড ৰিকুৱেষ্ট পথাইছে, সৰ্বমুঠ ১৯৬৭জনী ছোৱালীক ইনবক্সত মিঠা মিঠা মেচেজ দিছে । কিন্তু উপৰিপুৰুষৰ গ্ৰহদোষ, কালদোষ ইত্যাদি ভালদৰে খণ্ডন নকৰা বাবে আপোনাৰ এই প্ৰচেষ্টাত আপুনি সফল হোৱা নাই । আমাৰ কম্পিউটাৰৰ ডাটাবেচ অনুসৰি ফ্ৰেণ্ড ৰিকুৱেষ্ট পথোৱা ৪০৩৩জনী ছোৱালীৰ ভিতৰত মাত্ৰ ৩৩জনীয়ে আপোনাৰ অনুৰোধ গ্ৰহণ কৰিছে যদিও সকলোৱে আপোনাক আনফ’ল’’ কৰি থৈছে । ইনবক্সত মেচেজ দিয়া ১৯৬৭জনীৰ ১৯৬৫জনীয়েই আপোনাক ব্লক কৰিছে আৰু ৰিপ্লাই কৰা দুজনীৰ একাউণ্ট আপোনাৰ দুজন কলেজ অগ্ৰজৰ ফে’ক একাউণ্ট বুলি আমাৰ কম্পিউটাৰে ধৰা পেলাইছে ।

চৰকাৰৰ মোটা দৰমহা লাভ কৰা উচ্চপদস্থ বিষয়া যদিও আপোনাৰ আঙুলিৰ ফাকেৰে পানী নসৰকা স্বভাৱটোৰ কাৰনে আপুনি ইতিমধ্যে নিজৰ পত্নী আৰু বন্ধুসমাজৰ পৰা ককৰ্থনা খাইছে । কিন্তু তথাপিও আপোনাৰ স্বভাৱৰ পৰিবৰ্তন হোৱা নাই । কম্পিউটাৰৰ পৰা পোৱা ডাটা অনুসৰি, বিহু/পুজা আদিটো আপুনি আপোনাৰ ল’ৰা পোৱালিকেইটাক গেঞ্জী এটা কিনি নিদিয়ে । কথিত আছে যে, তাৰ গেঞ্জীৰ পুৰণা হ’লে অপুনি পেলাই নিদিয়ে আৰু তাৰ তলফালে মাৰ্কিন কাপোৰ লগাই আপুনি আপোনাৰ অন্তৰ্বাস হিচাপে ব্যবহাৰ কৰে । এই বিষয় লৈ বহুবাৰ আপুনি পত্নীৰ দ্বাৰা প্ৰহৃত হৈছে, তথাপিও আপোনাৰ গা লৰা নাই ।

কম্পিউটাৰৰ বিশ্লেষণ মতে আপুনি কেইগৰাকীমান বিশিষ্টা মহিলাক আজি চাৰি বছৰে এদিনো খতি নোহোৱাকৈ ইনবক্সত ‘গুড মৰ্ণিং’, ‘হাই’, ‘হেপ্পী নিউ য়েৰ’ আদি ‘ৱিছ’ কৰি আহিছে, কিন্তু এবাৰো উত্তৰ পোৱা নাই, আৰু পোৱাৰ আশাও নাই। কিন্তু এইদৰে ফলাফলৰ আশা নকৰি আপুনি একাগ্ৰতাৰে নিজৰ কাম কৰি গৈ আছে। আপোনাৰ দৰে লোকক দেখি অনুপ্ৰাণিত হৈয়ে “কৰ্মন্যেৱাধিকাৰমস্তে মা ফলেসু কদাচন” শ্লোকটো ৰচনা কৰা হৈছিল বুলি কম্পিউটাৰে অনুমান কৰিছে।

কলেজৰ দিনত আপোনাৰ প্ৰিয় টাইম পাছ আছিল পেকেট চাধা । এতিয়া চাকৰি পোৱাৰ পিছতো আপুনি তাৰ মোহ এৰিব পৰা নাই । কিন্তু আপুনি তেতিয়াও চাধা কিনি খোৱা নাছিল, আজিও কিনি খাই পোৱা নাই । চাধা মুখত ভৰাই শ্ৰীমতীয়ে গম নোপোৱাকৈ তাৰ ওপৰতে চাহ-ভাত খাব পৰা, গোটেই ৰাতি চাধা মুখত লৈ শুই থাকিব পৰা-আদি আপোনাৰ প্ৰধান প্লাচ পইণ্ট । কম্পিউটাৰৰ পৰা পোৱা ডাটা অনুসৰি, এতিয়াও অফিচত লান্স কৰাৰ পিছত আপুনি ৰাস্তাত ৰৈ থাকেহি, কোনোবা ৰিক্সাৱালা-থেলাৱালা সন্মুখেদি যোৱা দেখিলে সিহঁতক ৰখাই আপুনি চাধা খুজি খায় । কিন্তু সৌভাগ্যবশতঃ আপুনি আজিলৈ পত্নীৰ ওচৰত চাধা খাই ধৰা পৰা নাই, কিন্তু অচিৰেই ধৰা পৰাৰ সম্ভাৱনা আছে ।

অতিথি নং ৯ :- শ্ৰীমতী বিউটিপ্লাছ বিশ্বসুন্দৰী
 
কম্পিউটাৰটো অন কৰি ছফটৱেৰটো ৰাণ কৰি আপোনাৰ ডাটা এন্ট্ৰি কৰোঁতে বহুসময় ছফটৱেৰটোৱে বহুসময় “please-enter-valid-photographic-data” বুলি দেখুৱাই আছিল ৷ পিছত যেনিবা ছফটৱেৰটোৰ ভুল ভাঙিল ৷ আউটপুট দি থাকোতে আচৰিতভাৱে কম্পিউটাৰত ডিডিএলজেৰ মিউজিক বাজি আছিল “তুঝে দেখা তো য়ে….”(কোনো এমপিথ্ৰি চফটৱেৰ ৰাণ নকৰাকৈয়ে) পিছত প্ৰ’গ্ৰামটোৰ নিৰ্মাতা চাইনিজ প্ৰ’গ্ৰামাৰ ভদ্ৰলোক চুং মিং হোৱাক এই বিষয়ে প্ৰশ্ন কৰোঁতে তেওঁ পিছে তেওঁ ছফটৱেৰটোৰ এনেকুৱা ফিচাৰৰ বিষয়ে অজ্ঞতা প্ৰকাশ কৰিছিল ৷ যাহওঁক ছফটৱেৰটোৱে পোৱা আউটপুটসমূহ এইধৰণৰ ;

প্ৰফাইলৰ গৰাকীৰ বয়স সম্পৰ্কে ছফটৱেৰটোৱে একো একো ভালদৰে ক’ব নোৱাৰিলে ৷ আমি দিয়া ইনপুটৰ ভিত্তিত তেওঁ প্ৰফাইলৰ গৰাকীৰ ডিএনএ পৰীক্ষা কৰি এইটো সিদ্ধান্তত উপনীত হ’ল যে তেওঁৰ জেনিটিক গঠনত বয়স বৃদ্ধি কৰা জিনসমূহৰ সংখ্যা আচৰিতভাৱে কম। ৷

প্ৰফাইলৰ গৰাকীৰ ৰন্ধন-ক্ষমতাৰ বিষয়ে ছফটৱেৰ সন্দিহান ৷ তেওঁৰ ফেচবুকৰ প্ৰ’ফাইলত দিয়া ৰন্ধন প্ৰকৰণৰ ফটোবোৰ দেখি তেওঁ এগৰাকী পাকৈত ৰান্ধনী বুলি ছফটৱেৰটোৱে বিশ্বাস কৰে যদিও সেইসমূহৰ সোৱাদ সম্পৰ্কে ছফটৱেৰে কোনো নিৰ্দিষ্ট সিদ্ধান্ত দিব নোৱাৰিলে। আপুনি আজিলৈকে ৩৪৫৬৭ জন ল’ৰাক ফ্ৰে’ণ্ডজ’নড আৰু ২৩৫৬৭ জন ল’ৰাক ‘দাদাজনড’ কৰিলে বুলি ডাটা এনালাইচিচৰ দ্বাৰা ছফটৱেৰটোৱে হিচাপ কৰি উলিয়াইছে ৷ সৰ্বমুঠ ৩৭৫ জন ল’ৰা ‘ডিএচএলআৰজন’ড’ হ’ল বুলিও ছফটৱেৰজনায়ে হিচাব কৰি উলিয়াইছে

আপোনাক ‘সচেতন নাগৰিক মঞ্চ’ৰ ফালৰ পৰা ‘চেলফি সাম্ৰাজ্ঞী’ (নে চেলফি মৌ-কুঁৱৰী, সেইটো সিদ্ধান্ত লোৱাত অসুবিধা হৈছে) বঁটা প্ৰদান কৰিবলৈ যো –জা চলাই থকা বুলি জনা গৈছে। যোৱা চাৰিবছৰত আপুনি কোটিৰ ওপৰত চেলফি তুলি আপলোড কৰাৰ বাবে ‘ফেচবুক’ৰ চাৰ্ভাৰ বিলাক হেং হৈ যোৱাত তেওলোকে ৫০০০ কোটি আমেৰিকান ডলাৰ খৰছ কৰি নতুনকৈ উচ্চশক্তিসম্পন্ন চাৰ্ভাৰ লগাব লগা হৈছিল। এইটো কাৰণতে আপোনাৰ ওপৰত আমেৰিকাৰ আদালতত ৫ টা গোচৰ পঞ্জীয়ন কৰা হৈছে।

অতিথি নং ১০ :- শ্ৰীযুত বিপ্লৱপ্ৰাণ ‘অসম’
 
পোন প্ৰথমতে আমাৰ কম্পিউটাৰে আপোনাৰ প্ৰফাইল বিশ্লেষণ কৰিবলৈ অনিচ্ছা প্ৰকাশ কৰিছিল। কাৰণ কেনেবাকৈ দুই এটা কথা আপোনাৰ মনঃপুত নহ’লে আপুনি জংগী কাৰ্যসূচী হাতত তুলি লব বুলি নিশ্চিত ভাৱে অনুমান কৰিব পৰা গৈছিল। আপুনি হাড়ে হিমজুৱে বিপ্লৱী। আপোনাৰ দেহৰ অংগে অংগে বিপ্লৱৰ জ্বলন্ত সূৰ্য বিৰাজমান। কিন্তু আপুনি ছফিষ্টিকেটেড বিপ্লৱী। ৰাজপথলৈ গৈ গেলা গৰমত ধৰ্ণা দি, শোভাযাত্ৰা কৰি, বা হাবিত সোমাই মহৰ কামোৰ খাই সশস্ত্ৰ বিপ্লৱ কৰাৰ আপুনি পক্ষপাতি নহয়। আপুনি বিপ্লৱ কৰে বাতানুকুল কোঠাত সোমাই ফে’চবুকৰ পাতত- বিষয় লাগিলে যিয়েই নহওক কিয়!

আপোনাৰ প্ৰতিটো আপডেট চাই বুজি পোৱা গৈছে যে আপুনি পৃথিৱীত ঘটা যিকোনো ঘটনাতে বাৰে পাঁচি ভুল উলিয়াই তাৰ বিপক্ষে জ্বালাময়ী ভাষাৰে আপডেট দিব পাৰে। আপোনাৰ মতে পৃথিৱীৰ সকলোৱেই ভুল, কেৱল আপোনাৰ বাদে। আৰু আপুনি সেই ভুল বিলাকৰ প্ৰতিবাদ কৰাৰ দ্বায়িত্ব নিজগুণে কান্ধ পাতি লৈছে। আপুনি কোনো নিৰ্দিষ্ট ‘বাদ’ক সমৰ্থন নকৰে, সকলোৰে বিপক্ষে চল চাই কঠীয়া পৰাত আপুনি অনবদ্য। আপুনি সমস্যা সমাধান কৰাত গুৰুত্ব নিদিয়ে, জ্বলা জুইত ঘিউ ঢলাহে আপোনাৰ অভ্যাস।

সকলো কথাকে ঋণাত্মক দৃষ্টিৰে চোৱা বাবে বহুতে আপোনাক ‘moron’ বুলি কব খোজে যদিও আপুনি অশ্লীল গালি গালাজেৰে তেওলোকৰ কণ্ঠ ৰূদ্ধ কৰি দিয়ে।
আপোনাৰ প্ৰফাইলত থকা ফটো বিলাক দেখিলে বুজি পোৱা যায়, আপুনি ব্যক্তিগত জীৱনতো কেনেবাকৈ কৰবাত ‘বিপ্লৱ’, ‘প্ৰতিবাদ’ আদি ধৰণৰ শব্দ শুনিলেই তাত গৈ যেনেতেনে নিজৰ মুৰটো সুমুৱাই লয়গৈ। অৱশ্যে পুলিচৰ মাৰ, জেইল আদি বস্তুবোৰ আপুনি সুকৌশলে ‘এভইড’ কৰে। দিনে ৰাতিয়ে সমাজৰ কাম কৰি থকা আপুনি মানুহজনে জীয়াই থাকিবলৈ চাউলমুঠি কেনেকৈ যোগাৰ কৰে সেই বিষয়ে ছফটৱেৰে বিশেষ একো উত্তৰ দিব নোৱাৰিলে।

No comments:

Post a Comment