Monday, December 18, 2017

=অহেতুক চিন্তা=

পৃথিৱী পৰা ৩৭০০ আলোকবৰ্ষ দূৰত এটা দ্বিতাৰকা (মানে দুটা তৰাক প্ৰদক্ষিণ কৰা) গ্ৰহ এটা আৱিষ্কাৰ হৈছে, গ্ৰহটো সকলো ফালে জীৱনৰ বাবে উপযোগী, কিন্তু ই এটা বায়ৱীয় গ্ৰহহে- মানে বায়ুজাতীয় পদাৰ্থৰে গঠিত। কিন্তু তাৰ উপগ্ৰহবোৰ বসবাসৰ উপযোগী হোৱাৰ পূৰা সম্ভাৱনা আছে...


পিছে কথাটোত মই বৰ উৎসাহ নেপালো, কাৰণ

১। আমি আজি গম পাইছো যদিও, কেছটো ৩৭০০ বছৰৰ আগৰ, ইমানদিনে বা সেইটো কি হ'লগৈ।


২। তালৈ যাও বুলিলেও আমাৰ গতিৰে যাব লাগিলে ভালে কেইলাখ বছৰ লাগিব, ইমান দিন কোন জীয়াই থাকে?

৩। হাবল টেলিস্কোপত দেখা কথাহে, মানে ঠিক চকুৰে দেখা নহয়, এনেই আৰু পোহৰ তৰংগ আদি চাই কৰা অনুমান এটাহে। ইমান দূৰ গৈ আকৌ কথা বতৰাবোৰ নিমিলিলে ঘুৰি অহাও টান হব।

৪। যদি বসবাসৰ উপযোগীয়েই, তেনে তাত জীৱথকাৰ সম্ভাৱনাও আছে। বা ওচৰৰ পাজৰৰ বুদ্ধিমান প্ৰাণীয়ে তাত কলনি সজাৰো চান্স আছে। সিহঁতে আকৌ আমি গ'লে ভাল পাই নে নেপায়।

৫। যোৱা বাটত ব্লেক হ'ল, মহাজাগতিক ধুমুহা আদি থাকিবই নিশ্চয়, সেইবোৰে বা কি খেল দেখুৱাই। কেনেবাকৈ ব্লেকহ'লৰ প্ৰকোপত পৰি সময়বোৰ পিছুৱাই গ'লে মহা পয়মাল হব।

৬। ৩৭০০ আলোকবৰ্ষ বাদেই দিলো, কেনেবাকে এক আলোকবৰ্ষ মান দুৰলে যাব পাৰিলে আৰু তাৰ পৰা পৃথিৱীলৈ চাব পাৰিলে, মই নিজৰ এবছৰৰ আগৰ ৰূপত দেখা পাম, ১০ আলোকবৰ্ষ যাব পাৰিলে মোৰ দৰবছৰৰ আগৰ হেণ্ডচাম চেহেৰাটো... ৫০ মান যাব পাৰিলে দেখোন 'মাৰ-বাপেৰৰ বিয়া' ওলাই যাব।

তাৰ মানে সেইবোৰ নাইকিয়া হৈ যোৱা নাই, কেৱল আমি নেদেখাকৈহে আছো, ..মান অতীত বুলি কোনো বস্তুৱেই নাই... মানে ... ধুৰ..বাদ দিলো......বহুত হ'ল আৰু...

অপ্ৰত্যাশিত ভাৱে অফিচ বন্ধ হ'লে বৰ অসুবিধা। কাম নাইকিয়া হ'লে মগজটোৱে নলগা জেঙাত লাগি থাকিব খোজে।

No comments:

Post a Comment