Saturday, December 16, 2017

=মহাপ্ৰস্থানৰ পথেৰে= (বৌদ্ধিক বিচাৰ ই আলোচনীত প্ৰকাশিত)


 মহাভাৰত মোৰ সকলোতকৈ প্ৰিয় মহাকাব্য। ইয়াৰ কাহিনী যিমান শক্তিশালী, সিমানেই (যদি তাতকৈ বেছি নহয়) শক্তিশালী চৰিত্ৰ নিৰ্মাণ আৰু চয়ন। মহাভাৰতত সকলো চৰিত্ৰকে যথোপযুক্ত গুৰুত্ব দিয়া হৈছে,সৰু চৰিত্ৰ এটাকো প্ৰয়োজনীয় সন্মান আৰু সময় দিয়াত কৃপণালি কৰা নাই, প্ৰত্যেকটো সৰু সৰু কাহিনী বা চৰিত্ৰৰেই ভাল বেয়া দুইটা দিশ সফলতাৰে দেখুৱা হৈছে, পাঠকৰ নিজৰ বিচাৰৰ বাবে যথেষ্ট কিছু এৰি দিয়া হৈছে, এয়া হয়তো বহু আধুনিক উপন্যাসতো বিৰল। মহাভাৰত এখন ধৰ্মগ্ৰন্থতো হয়েই, কিন্তু এক সাহিত্য সত্ত্বা (Literary entity) হিচাপেও, মোৰ ব্যক্তিগত বিচাৰত, মহাভাৰতৰ স্থান সকলো পৌৰাণিক সাহিত্যৰ ভিতৰত সকলোতকৈ ওপৰত।

মহাভাৰতৰ মহাপ্ৰস্থান পৰ্ব মোৰ ব্যক্তিগতভাৱে প্ৰিয়তম। এই পৰ্বটোৱে সদায় মোক নিজৰ জীৱনটোৰ সৈতে মই কৰা বিচাৰ অবিচাৰ বিলাকৰ বিষয়ে আকো এবাৰ সুঁৱৰি চাবলৈ সকীয়াই দিয়ে। পাণ্ডৱ সকলে ধৰ্মযুদ্ধ কৰিলে, সেইটো তেওলোকৰ বৈষয়িক কৰ্তব্য আছিল, সততা আৰু সদিচ্ছাৰে কৰিলে, তাৰ বাবে তেওলোকে বহুতো প্ৰচলিত সামাজিক বান্ধোন বা সীমাও অতিক্ৰম কৰিলে। যুঁজত জিকিলে, নিজৰ প্ৰাপ্য বৈষয়িক অধিকাৰ সাব্যস্ত কৰিলে, তাৰ বাবে জীৱনজোৰা ত্যাগো কৰিলে। কিন্তু সকলো পোৱাৰ পাছত হেলাৰঙে সকলো ত্যাগ কৰি আন এক মহৎ অনন্দৰ সন্ধানত মহাপ্ৰস্থান কৰিলে। স্বৰ্গ ডাঙৰ কথা নহয়, কিন্তু স্বৰ্গাৰোহণৰ আকাংক্ষ্যা প্ৰয়োজনীয় বস্তু।


পাণ্ডৱকলৰ মাজত মোৰ সকলোতকৈ অপ্ৰিয় চৰিত্ৰ হ'ল যুধিষ্ঠিৰ। মোৰ সিমানখিনি অধিকাৰ থাকিলে মই যুধিষ্ঠিৰক সুবিধাবাদী, দূৰ্বল আৰু নিজৰ ভাতৃসকলক শোষণ কৰা এক খলনায়কহে বুলিলোহেঁতেন। তাৰ সপক্ষে মোৰ ওচৰত যুক্তিও আছে। মোৰ মতে যুধিষ্ঠিৰে পাশা খেলিবই নেলাগিছিল, দ্ৰৌপদীক পঞ্চপাণ্ডৱৰ মাজত ভগাই লোৱা সিদ্ধান্তটোৰ প্ৰতিবাদ কৰিব লাগিছিল, বস্ত্ৰহৰণৰ দ্ৰৌপদীক ৰক্ষা কৰিব লাগিছিল, নোৱাৰিলে সেই ৰাজসভাতে যুদ্ধ কৰি নিজৰ প্ৰাণ দি দিব লাগিছিল। আৰু বহু উদাহৰণ আছে। মোৰ দৃষ্টিত প্ৰতিবাৰেই যুধিষ্ঠিৰে ভুল কৰি আহিছে, আৰু তেওৰ বীৰ আৰু সৎ ভাতৃসকলৰ বাবেহে প্ৰাণ ৰক্ষা কৰিব পাৰিছে। হয়, তেও বৰ জ্ঞানী লোক আছিল, ঠাণ্ডা মগজুৰে চিন্তা কৰিব পাৰিছিল, সততা আৰু ন্যায়ৰ প্ৰতিমূৰ্তি আছিল (প্ৰশ্নবোধক, মোৰ মতে নাছিল), আৰু বহু ক্ষেত্ৰত ডিপ্লমেটিক আছিল। আনকি মিছাও কৈছিল- অশ্বত্থামা হত কিন্তু ইতি গজ।

কিন্তু সোঁশৰীৰে স্বৰ্গলাভ তেওৰহে হ'ল! তাৰ অৰ্থ হিন্দু জীৱন দৰ্শন মতে ডিপ্ল'মেটিক আৰু দুৰ্বল মানুহবোৰহে শ্ৰেষ্ঠ নেকি? যুধিষ্ঠিৰে ব্যক্তিগত ভাৱে নিৰ্ধাৰণ কৰা কৰ্তব্যৰ বাবে আত্মোসৰ্গা দিয়া বাকী পাণ্ডৱ আৰু দ্ৰৌপদীৰ সৰু সুৰা দোষবোৰ মাৰ্জনীয় নহয়, কিন্তু যুধিষ্ঠিৰে নিজৰ আমোদ আৰু জেদৰ বাবে পাশা খেলি সকলোকে বিপদৰ মাজলৈ ঠেলি দিয়া মাৰ্জনীয়?

(যুধিষ্ঠিৰৰ এনে ব্যৱহাৰৰ সপক্ষে বহু যুক্তি আছে, প্ৰায়বোৰ মই পঢ়িছো, কিন্তু যুক্তিবাদী মনটোৱে মানি লবলৈ টান পায়)

এই প্ৰশ্নটোৰ বাবেই মই বাৰে বাৰে মহাপ্ৰস্থান পৰ্বলৈ ঘুৰি যাও। অসমীয়া মহাভাৰতত মহাপ্ৰস্থানৰ বৰ্ণনা অতি সীমিত। কিছু বছৰৰ পৰা এই বিষয়টো সম্পৰ্কে যিমান পাৰি তথ্য গোটাবলৈ চেষ্টা কৰি আহিছো। কিন্তু শেষৰ ফালে এনেকুৱা এটা অৱস্থা হ'লগৈ, এই প্ৰশ্নটোতকৈয়ো মহাপ্ৰস্থান কেনেকৈ হৈছিল, কোন বাটে গৈছিল পাণ্ডৱ, ক'ত কাৰ মৃত্য হৈছিল, এইবোৰ কথাই বেছি গুৰুত্ব পোৱা আৰম্ভ কৰিলে। এই ইচ্ছাটোৱে এদিন Passion ৰ ৰূপ ল'লেগৈ।

পিছে মই উত্তৰ নেপালোঁ, তথ্যৰ বিভ্ৰান্তিয়ে মোক দিশহাৰা কৰিলে। হেজাৰ বৰ গুগল চাৰ্চেও মোক সন্তুষ্ট কৰিব নোৱাৰিলে। মোৰ ইচ্ছা আছিল, মহাপ্ৰস্থানৰ পথটো আজিৰ সময়ৰ মানচিত্ৰ বিচাৰি উলিওৱা, কেইবা বছৰ চেষ্টাইয়ো সফলতা দিব পৰা নাছিল।

কিন্ত উত্তৰ হাততে আছিল, হিন্দু তীৰ্থযাত্ৰী সকলে সেই পথেৰে আজি শ শ বছৰ ধৰি ভ্ৰমণ কৰি আহিছে। মইহে কথাবোৰ বিছাৰি উলিয়াব পৰা নাছিলো।

আজি এটা সূত্ৰ পালো, আৰু সেই সূত্ৰটোৰ পম খেদি, মোৰ প্ৰশ্নৰ উত্তৰ নেপালেও এটা কাম কৰিব পাৰিলো। পাণ্ডৱসকলৰ হিমালয় যাত্ৰা আৰু তেওলোকৰ মৃত্যুৰ স্থানবিলাক আজি মেপত আঁকিব পাৰিলো। কিমান শুদ্ধ নেজানো, কিন্তু হেজাৰ বছৰ ধৰি তীৰ্থযাত্ৰী সকলে ইয়াকে বিশ্বাস কৰি আহিছে। সেইটো কম গুৰত্বপূৰ্ণ কথা নহয়।

এইখিনিতে মোৰ অনুসন্ধানত থাকিযোৱা এটা ডাঙৰ ভুলৰ কথা কৈ থও, মই সকলো অধ্যয়নতে 'মহাপ্ৰস্থান' শব্দটোৰ পৰা আৰম্ভ কৰিছিলো। কিন্তু মহাপ্ৰস্থান এটা বহুত বেছি বৃহৎ বিষয়, কিন্তু মই আচলতে জানিব বিছৰিছিলো পাণ্ডৱসকলৰ মৃত্যুৰ স্থান সম্পৰ্কেহে। শেষত গৈ কেনেবাকৈ 'স্বৰ্গাৰোহণ' শব্দটোৰ পৰা অনুসন্ধান আৰম্ভ কৰাতহে মই বিছৰা উত্তৰ দুটামান পালোগৈ।

মহাপ্ৰস্থানৰ আৰম্ভনিতে পাণ্ডৱসকলে দক্ষিণলৈ যাত্ৰা কৰিছিল, লৱণ সাগৰ আৰু দ্বাৰকা দৰ্শণ কৰি তেওলোকে আকৌ উত্তৰমূৱা হৈছিল। শ্ৰীকৃষ্ণৰ লীলাভূমি দ্বাৰকা সাগৰৰ তলত লীণ যোৱা দৃশ্য তেওলোকে প্ৰত্যক্ষ কৰিছিল। আৰু লোক বিশ্বাসমতে তেওলোক বদ্ৰীনাথ ধামৰ ফালে গৈছিল। তাৰ পৰাই আৰম্ভ হৈছিল, এজন এজনকৈ পাণ্ডৱৰ মৃত্যুত কাহিনী- স্বৰ্গাৰোহণ পৰ্ব।

বদ্ৰীনাথৰ পৰা উত্তৰমূৱা হৈ ৪ কিলোমিটাৰ মান গ'লে মানাগাঁও বুলি এখন গাও পোৱা যায়। ভাৰত তিব্বত সীমান্তৰ সেই অঞ্চলৰ শেষ গাঁও। আজিকালি এই মানাগাঁৱলৈ গাড়ী যাব পৰা বাট আছে।মানাগাঁৱৰ পৰা ট্ৰেকিং আৰম্ভ হয়। জনবিশ্বাস মতে এই মানাগাঁৱতে দ্ৰৌপদীয়ে প্ৰাণত্যাগ কৰিছিল। স্বৰ্গাৰোহণ পৰ্বৰ আৰম্ভনি, বিশ্বাসমতে পক্ষপাতৰ দোষেৰে দোষী মানুহ এই মানাগাঁৱতকৈ আগবাঢ়িব নোৱাৰে।

মানাগাঁও পোৱাৰ আগতেই আছে ব্যাস গুহা। তাতে বহি হেনো ব্যাস মুণিয়ে মহাভাৰত মুখেৰে কৈ গৈছিল আৰু গণেশে লিখি গৈছিল। ইয়াৰো এটা সুন্দৰ কাহিনী আছে, গণেশে চৰ্ত দিছিল, তেওক একেৰাহে কৈ যাব লাগিব। মাজত যতি পৰিলে তেও আৰু আগলৈ নিলিখে। তাৰ পৰিত্ৰাণ পাবলৈ ব্যাসদেৱেও চৰ্ত দিলে- যে গণেশে প্ৰত্যেকটো কথা নিজে বুজিহে লিখিব পাৰিব। আৰু তেও মাজে মাজে একো একোটা কঠিন শ্লোক ভৰাই দিলে- যাতে চিন্তা কৰিবলৈ অলপ সময় পায়। এই কঠিন শ্লোক বিলাকক মহাভাৰতৰ গাঁঠি বুলি কয়।

মানাগাঁৱৰ পৰা পশ্চিমমূৱা হৈ সাত কিলোমিটাৰ মান আগবাঢ়িলে লক্ষ্মীবন নামৰ এখন পাহাৰীয়া উদ্যান পোৱা যায়। লক্ষ্মীবনতে নকুলৰ মৃত্যু হৈছিল। নকুলে নিজকে ৰূপৱান বুলি গৌৰৱ কৰিছিল। তিনিজনৰ কণিষ্ঠ পাণ্ডৱৰ মৃত্যু হৈছিল অহংকাৰৰ বাবে, হয়তো ইয়াৰ ভিতৰত ৰূপৰ অহংকাৰ সকলোতকৈ ডাঙৰ পাপ। কাৰণটো ভাৱি পালো মই এইবুলি- ৰূপ তো আন কাৰোবাৰ দান। নিজে একো বিশেষ কৰিব লগা নাই তাত। জেনেটিক কাৰণ, পৰিবেশ আদিৰ কাৰণেহে মানুহ ৰূপবান/ৰূপৱতী হয়। বাকী অহংকাৰ বাবে পতন হোৱা পাণ্ডৱ কেইজনে অন্ততঃ নিজে কিবা প্ৰচেষ্টা কৰিছিল, তাৰ বাবেহে তেওলোকে এই অহংকাৰ কৰিব পৰা হৈছিল।সহদেৱ জ্ঞানী হৈছিল অধ্যয়ন কৰি, অৰ্জুন অনুশীলন কৰি। কিন্তু নকুলে কি কৰছিল? তেও জেনেটিক ভাৱেই হয়তো সুন্দৰ আছিল, আজিত দিনত হ'লে বৰ বেছি বিউটি পাৰ্লাৰ বা জিমলৈ গৈছিল । গতিকেই ৰূপৰ অহংকাৰ নিতান্তই নিম্ন স্তৰৰ।

লক্ষ্মীবনৰ উত্তৰকা‍ষে অলকাপুৰী, কুবেৰৰ সাম্ৰাজ্য। ৰাৱণে হেনো নিজ ভাতৃ কুবেৰৰ পুষ্পক ৰথখন ইয়াৰ পৰাই কাঢ়ি নিছিল। (কোনো কোনোৱে লক্ষ্মীবনৰ ওচৰতে থকা আনন্দবন বোলা স্থানতহে নকুলৰ মৃত্যু হৈছিল বুলি বিশ্বাস কৰে)

লক্ষ্মীবনৰ পৰা অলপ দক্ষিণ-পশ্চিম মূৱাকৈ আগুৱাই গ'লে দুটা গ্লেচিয়াৰৰ মিলনস্থলী পোৱা যায়, তাৰে বাওফালৰটো স্বৰ্গাৰোহিণী গ্লেচিয়াৰ- তাৰ কাষেৰেই স্বৰ্গাৰোহণৰ পথ। এইখিনি ঠাইক অলকানন্দা নদীৰ উৎপত্তিস্থল বুলিও জনা যায়। স্বৰ্গাৰোহিণী গ্লেচিয়াৰৰ পথ ধৰি আগুৱাই গ'লে সহস্ৰধাৰা নামেৰে এলানি জলপ্ৰপাত পোৱা যায়। শীতকালত এই ধাৰাবিলাক গোট মাৰি থাকে। ইয়াতেই সহদেৱৰ স্বৰ্গযাত্ৰাৰ সমাপ্তি ঘটিছিল। দোষ আছিল জ্ঞানৰ অহংকাৰ।

সহস্ৰধাৰাৰ পাছত বাট অতি ভয়ংকৰ হৈ পৰে, শুকাই থকা গ্লেচিয়াৰ বোৰতে প্ৰকাণ্ড ফাঁট বা ক্ৰেভাছ, ক্ষণে ক্ষণে মৃত্যুৰ আশংকা। কিন্তু স্বৰ্গাৰোহণৰ পথত জানো মৃত্যুভয়ৰ কিবা অৰ্থ আছে?
সহস্ৰধাৰাৰ পৰা চাৰি পাঁচ কিলোমিটাৰ আগুৱাই গ'লেই এখন ঘুৰণীয়া আকৃতিৰ সমতল পোৱা যায়, ইয়াৰ নাম চক্ৰতীৰ্থ। পুৰাণত উল্লেখ থকা মতে এই মধ্যম পাণ্ডৱ অৰ্জুন এই চক্ৰতীৰ্থৰ পৰা আগুৱাব পৰা নাছিল, নিজকে শ্ৰেষ্ঠ ধনুৰ্ধৰ বীৰ বুলি হোৱা অহংকাৰৰ পাপত পতন হৈছিল অৰ্জুনৰ।

চক্ৰতীৰ্থৰ পৰা পথ আৰু দুৰ্গম আৰু থিয় হৈ পৰে, এই বাটতে গ্লেচিয়াৰটো পাৰ হৈ সিফাললৈ যাব লাগে, পানী নথকা সময়তো ইয়াৰ থকা শিলবোৰ স্থিৰ নহয়, গতিশীল। একেৰাহে ওপৰলৈ গৈ থকা পথটোত যাত্ৰীৰ অৱস্থা শোচনীয় হৈ পৰে, হাই অলটিটিউড চিকনেছেও আমনি দিয়ে। কিন্তু এইদৰে প্ৰায় তিনিকিলোমিটাৰ যোৱাৰ পাছতে সকলোৰে দেহ মন সজীৱ হৈ পৰে, কাৰণ ইয়াতে আছে সতোপন্থ হ্ৰদ। কেৱল বৰফ গলা পানীৰে হোৱা এই হ্ৰদৰ পানী সাংঘাটিক ভাৱে নিৰ্মল। লোক বিশ্বাস মতে এই হ্ৰদত খেৰ কুটা এডাল পৰিলেও বনৰীয়া চৰায়ে উঠাই লৈ যায়। ইয়াতে হেনো প্ৰতি একাদশীৰ দিনা মাজৰাতি ব্ৰহ্মা, বিষ্ণু আৰু মহেশ্বৰে একেলগে স্নান কৰে।

এই সতোপন্থ হ্ৰদতে শেষ হৈছিল ভীমৰ স্বৰ্গাৰোহণৰ প্ৰচেষ্টা, পাপ আছিল খাদ্যৰ প্ৰতি অত্যধিক লোভ। ইয়াতেই অকলশৰীয়া হৈ পৰিছিল যুধিষ্ঠিৰ, মহাভাৰতৰ নায়ক আৰু মোৰ মতে খলনায়ক। একেবাৰে অকলশৰীয়া নহয়, লগত আছিল কুকুৰৰ ৰূপধৰি ধৰ্মৰাজ যম।

আজিকালি ট্ৰেক কৰিবলৈ যোৱাসকল ইয়াৰ পৰাই ঘুৰি আহে। ইয়াৰ আগলৈ যোৱাৰ অনুমতি নাই। কোনো সাধু সন্ত আৰু অলপ আগুৱাই যায়, তাত চন্দ্ৰকুণ্ড আৰু সূৰ্যকুণ্ড নামে দুটা সৰু কুণ্ড আছে। আৰু অলপ পাছতেই আছে তুষাৰাবৃত স্বৰ্গাৰোহিনী গ্লেচিয়াৰৰ উৎপত্তি স্থল, পৃষ্ঠপটত 6252 মিটাৰ উচ্চতাৰ স্বৰ্গাৰোহিণী শৃংগ। প্ৰায় এশ কিমি দূৰত থকা শৃংগটো কিন্তু একেবাৰে ওচৰতে থকা যেন লাগে।

এই স্থানতেই নামি আহিছিল দেৱৰাজ ইন্দ্ৰৰ ৰথ, আৰু শেষ দুটামান পৰীক্ষা লৈ যুধিষ্ঠিৰক সো-শৰীৰে লৈ গৈছিল স্বৰ্গলৈ। দেৱতাৰ স্থানলৈ উন্নীত হৈছিল যুধিষ্ঠিৰ। কাৰণ পাপ-পূণ্য, ভাল-বেয়া বিচাৰ কৰাৰ দ্বায়িত্ব মোৰ হাতত নাছিল
পাণ্ডৱ সকলৰ মৃত্যৰ স্থানসমূহ(বৰ্তমানৰ নাম বিলাক)

দ্ৰৌপদী - মানাগাও

নকুল – লক্ষ্মীবন/ আনন্দবন


সহদেৱ – সহস্ৰধাৰা


অৰ্জুন – চক্ৰতীৰ্থ


ভীম- সতোপন্থ (সৎ আৰু পন্থ বা পথৰ দুটা শব্দ মিলি সতোপন্থ) 


চন্দ্ৰকুণ্ড


সূৰ্যকুণ্ড


স্বৰ্গাৰোহিণী - ইন্দ্ৰৰথ নামি অহা স্থান


বি দ্ৰ. :- মই ইয়ালৈ যামেই যাম, মোৰ দৰে কোনোবা অহৌবলীয়া এটাৰ সংগ লাগে।:-)

মানচিত্ৰৰ কোৱালিটি অলপ বেয়া হ'ল, ভালকৈ এখন বনাই আছো।
চন্দন প্ৰকাশলৈ কৃতজ্ঞতাৰে




‌ফেচবুকত আলোচনা :- 


বৰ ভাল লাগিল। নতুন কথা জানিলোঁ।

যুধিষ্ঠিৰ 'ধৰ্মভীৰু' আছিল। মোৰ মতে দুৰ্বল নাছিল। পঞ্চপাণ্ডৱৰ ভিতৰত কেৱল যুধিষ্ঠিৰৰ হে এগৰাকী পত্নী(পাঞ্চালী) আছিল। বাকী সকলোৱে দ্বিতীয় তৃতীয় বিবাহ কৰাইছিল। অৱশ্যে অৰ্জুনৰ বিয়াৰ আঁৰত বহুতো ৰাজনৈতিক সমীকৰণ আছিল। (দ্ৰষ্টব্য: প্ৰকাশ ঝাহ্'ৰ 'ৰাজনীতি) আৰু পাশা নেখেলা হ'লে, দ্ৰৌপদীক লাঞ্চিত হ'বলৈ নিদিয়া হ'লে 'মহাভাৰত' নামৰ মহাকাব্যখন ৰচনাই নহ'ল হয়। বিখ্যাত কুৰুক্ষেত্ৰ যুদ্ধ নহ'ল হয়। 'গীতা' ৰচনা নহ'ল হয়। কৃষ্ণ নামৰ চৰিত্ৰটোৰ কোনো প্ৰাধান্য নাথাকিল হয়।

আপোনাৰ লেখাটোৱে কিন্তু নতুন চিন্তাৰ খোৰাক দিলে।
অধিক প্ৰতিক্ৰিয়া দেখুৱাওক

এইবোৰ যুক্তি আছেই, আৰু মহাভৰতৰ যুদ্ধত কৌৰৱৰ মৃত্যুও প্ৰয়োজনীয় আছিল। অধৰ্মক আঁতৰাই ধৰ্মক প্ৰতিষ্ঠ কৰিবলৈ এইখিনি কনফ্লিক্টৰ প্ৰয়োজন আছিল। সকলোবোৰ হয়তো সেইকালৰ দৃষ্টিত ভাল কামেই আছিল। সকলো জানিলেও যুধিষ্ঠিৰৰ চৰিত্ৰই মোক প্ৰভাৱান্বিত নকৰে। হয়তো দোষ মোৰ দৃষ্টিভংগীৰ। কিন্তু এখন কাব্য হিচাপে নায়কক বিৰূদ্ধে মোক উচতাব পৰাতো মহাভাৰতৰে সফলতা! 

সকলো মানুহেই ভাল আৰু বেয়া সংমিশ্ৰণ। তাৰ মাজতেই কিছুমান আদৰ্শ চলাই যাব পৰা মানুহবোৰেই হয়তো স্বৰ্গৰ অধিকাৰী হবগৈ পাৰে।

ভাল লাগিল তোমাৰ কথাখিনি। আলোচনাতো আগবঢ়াই নিব পাৰি।



আপুনি কোৱা 'ডিপ্লমেচি'টো চৰিত্ৰটোত আছিল। সেইটো ঠিক কথা। 'আদৰ্শেৰে স্থিতপ্ৰজ্ঞ'ৰ জীৱনটোৱেই আটাইতকৈ জটিল কাম। ময়ূৰ বৰা চাৰে কোনোবা এঠাইত লিখা পঢ়িছিলোঁ… ডিপ্লমেচিটোও একধৰণৰ ভণ্ডামিয়েই। এই মিলি চলা কথাটো জটিল ডিপ্লমেচিক কাবু কৰিব নোৱাৰালৈকে। ডেপ্লমেটিক মানে ভণ্ড, নম্ৰ বা বিনয়ী নহয়। কিন্তু সেইযুগত ডিপ্লমেটিক মানে নম্ৰ বা বিনয়ী আছিল ছাগে। এতিয়া বিনয়তকৈ স্পষ্টবাদিতাক আমি অধিক গুৰুত্ব দিও। কৌৰৱৰ ক্ষেত্ৰতো একে কথা। সম্প্ৰতি ৰছনা হোৱা হ'লে কৌৰৱৰ ছলনাক বহলাই দেখুওৱা হ'লহেঁতেন, সেইযুগৰ বাবে 'অধৰ্ম'ক মৃত্যুদণ্ডৰে নাশেই কৰি দিয়া হ'ল। সেয়ে বোধহয় নিৰ্ভয়া কাণ্ডৰ অপৰাধী ফাঁচী হোৱাটো 'ঐতিহাসিক ৰায়' আখ্যা দিয়া হ'ল। কথাবোৰ গণ্ডগোলীয়া। মোৰ মতে বেয়াৰো ভালখিনি প্ৰশসাং কৰিব লাগে। 'শব্দ ব্ৰহ্ম' অথাৎ ভাল ভাল কৰি থাকিলে বেয়াও ভাল হৈ যায় বুলি মোৰ বিশ্বাস। আপুনিও বোধহয় এই কথাষাৰৰ পক্ষপাতী। কাৰণ আপুনি লিখিছে যে মৃত্যুদণ্ড কৌৰৱৰ বাবে চৰম শাস্তি হ'ল, যিটো হ'ব নালাগিছিল। 

কিন্তু লেখাটোৰ মোক আকৰ্ষিত কৰা কথাখিনি 'মহাপ্ৰস্থান'ৰহে। এইযে ঠাইখিনি আপুনি উলিয়াই পেলালে। চমৎকাৰ।

Pranjyoti Dpknath বাকী খিনি কথা এখন সফল উপন্যাস বুলি ধৰিলে বুজাত সহজ হয়। কিন্তু মহাপ্ৰস্থান আনবোৰতকৈ পৃথক। এই যে বৈষয়িক শুদ্ধ ভুল, আদৰ্শ, দ্বায়িত্ব, কৰ্তব্য এইবোৰৰ ওপৰতো আন কিবা আছে, (স্বৰ্গই হব লাগিব বুলি কথা নাই) সেই কথাটো নিজকে সোঁৱৰাই থকা দৰকাৰ-আজিৰ য়ুগত আৰু বেছি দৰকাৰ। পাপ বা ভুল খিনিৰ কথা বাদেই দিলো- কিন্তু শুদ্ধ ভুলি ভাবি কৰি থকাখিনিয়েও আচলতে জীৱন পৰিপুৰ্ণ কৰিব নোৱাৰে- সেয়াই মহাপ্ৰস্থানৰ শিক্ষা।


এখন সফল উপন্যাস বুলি ধৰিলে বুজাত সহজ হয়। কিন্তু মহাপ্ৰস্থান আনবোৰতকৈ পৃথক। এই যে বৈষয়িক শুদ্ধ ভুল, আদৰ্শ, দ্বায়িত্ব, কৰ্তব্য এইবোৰৰ ওপৰতো আন কিবা আছে, (স্বৰ্গই হব লাগিব বুলি কথা নাই)
সেই কথাটো নিজকে সোঁৱৰাই থকা দৰকাৰ-আজিৰ য়ুগত আৰু বেছি দৰকাৰ।

এইকথাখিনিৰ স'তে একমত।

পাপ বা ভুল খিনিৰ কথা বাদেই দিলো- কিন্তু শুদ্ধ ভুলি ভাবি কৰি থকাখিনিয়েও আচলতে জিৱন পৰিপুৰ্ণ কৰিব নোৱাৰে- সেয়াই মাহাপ্ৰস্থানৰ শিক্ষা।

এই এষাৰ বাক্যকে টানি নি দীঘলীয়া বাক-বিতণ্ডা এখন কৰিব পাৰি।
Pranjyoti DP Nath জীয়াই থাকিলে, শৰীৰে টানিলে এনে ৰোমাঞ্চকৰ যাত্ৰা মোৰো কৰাৰ ইচ্ছা। এই জনমত পিছে নহ'বগৈ। অহা জনমত নিশ্চয় কৰিম।


যুধিষ্ঠিৰৰ পিছে আৰু এগৰাকী পত্নী আছে!!! Pranjyoti Dpknath


মই নাছিল বুলিয়েই পাইছো Manaswinee Mahanta


শৈৱ্য সম্প্ৰদায়ৰ ৰজা গোৱসানাৰ জীয়েক দেৱিকা যুধিষ্ঠিৰৰ পত্নী আছিল। তেওঁলোকৰ ল'ৰাটোৰ নাম আছিল য়ুধেয়।



তথ্যসূত্ৰ কি বাৰু?


দেৱদত্ত পাটনায়কৰ কিতাপ, মূল মহাভাৰত আৰু epic channelত পাটনায়কৰ দেৱলোক ৱিথ দেৱদত্ত পাটনায়ক চিনেমা।


এইটো এতিয়া কিমানদূৰ সত্যনিৰ্ভৰ মই নাজানিম। মই যিমানদূৰ জানিছিলোঁ, যুধিষ্ঠিৰৰ স্বৰ্গাৰোহনৰ এইটোও এটা মূল কাৰণ আছিল যে তেওঁ একপত্নী আছিল।


ময়ো নেজানিছিলো যুধিষ্ঠিৰৰ আৰু এগৰাকী পত্নী আছিল বুলি। কিন্তু নেটত খুছৰি চাওতে কিবা কিবি পালো।


https://anothermahabharata.wordpress.com/.../suhani-2nd.../



শৈব্য সম্প্ৰদায়ৰ লোকসকলে এতিয়াও নিজকে যুধিষ্ঠিৰৰ শহুৰৰ ঘৰ বুলি চিনাকি দিয়ে। এইসম্পৰ্কত মই অসমীয়া ৰামায়ণী সাহিত্য শীৰ্ষক কিতাপৰ কাৰণে সাহিত্য অকাদেমী বঁ‌টা প্ৰাপক আৰু বিশিষ্টা বৈষ্ণৱ সাহিত্যিক কেশদা মহন্তক সোধোতেও যুধিষ্ঠিৰৰ আৰু এগৰাকী পত্নী আছিল বুলিয়েই পাইছিলোঁ। আৰু স্বৰ্গপ্ৰাপ্তিৰ কাৰণে সেই সময়ত বহু পত্নী থকা কথাটোৱে বাধাৰ সৃষ্টি নকৰিলেহেঁ‌তেন। কাৰণ সেয়া সেইসময়ৰ সমাজ ব্যৱস্থাত অৰ্থাত্ ধৰ্মত বৈধ আছিল। পাশা খেলাটোও বৈধ আছিল। প্ৰ্সংগ : সংকৃত্যায়নৰ from Volga to Ganga দ্ৰষ্টব্য


Abhijit Kalitaদাদা, শৈব্য সম্প্ৰ্দায়ৰ লোকসকল খেনোৰ মতে হিমাচলী, খেনোৰ মতে মধ্য প্ৰ্দেশৰ। মানে দুয়ো পক্ষই দাবী কৰে।


শত সহস্ৰ পত্নী থকাটো ক্ষত্ৰিয় বীৰ এজনৰ বাবে বীৰত্বৰ পৰিচায়ক। তথাপি যুধিষ্ঠিৰৰ নাছিল। এইটো এটা সৱল যুক্তি হ'ব পাৰে। পাটনায়কৰ কিতাপখন মই পঢ়া নাই। ইন্টাৰনেটৰ তথ্যৰ ওপৰত বিশেষ ভৰসা কৰিব নোৱাৰি। কিন্তু 'কেশদা মহন্তইও একেষাৰ কথা তোমাক কৈছিল।' __ এইটো কথা গুৰুত্বপূৰ্ণ মোৰ বাবে। গতিকে আছিল বুলিয়েই ধৰিলোঁ।


আচলতে মহাভাৰতৰ বিভিন্ন ক্ষেত্ৰীয় সংস্কৰণ বিলাকত উপ কাহিনীবিলাক সলনি হৈ থাকে, কাৰণ অনুবাদকে নিজৰ লোক কথা, বিশ্বাস আদিও সুমুৱাই দিয়ে। তেনে অনুবাদবিলাকৰ কথা মানিবলৈ কঠিন। কিন্তু মূল ব্যাসৰ মাহাভাৰতত কি আছে সেইটো জানিবলৈ মন থাকিল।


সেইটো হয়।


actually Yudhisthira was never ever my favourite! Hence during one of my 'bixodgaars' with 'emaan khini calibre'o naasil. nijar ghaini ejani gotaai loba paraakaio', her son corrected me that Yudhisthira had a wife, to which she agreed and second her son's point. I discovered the name much later although.

Abhijit Kalita মই ক'ৰাত দেৱিকাৰ কথা পাইছো, কিন্তু যিবোৰ তথ্যসূত্ৰ দিয়া আছে, সেইবোৰত বিছাৰি পোৱা নাই এতিয়ালৈকে। চাওচোন আৰু অলপ খুছৰি।


যুধিষ্ঠিৰ স্থিতপ্ৰজ্ঞ আছিল। অৰ্জুন ,ভীম বা আন কোনোৱেই নাছিল। ভীষ্ম আৰু কৃষ্ণৰ বাহিৰে। কিন্তু ব্যাসৰ শৰ যেতিয়া কৃষ্ণৰ ভৰিত লাগিল তেতিয়া তেওঁ হেনো 'আস্' বুলি কৈছিল। সেয়ে পিছত মানুহ হৈ জন্ম ল'লে। মীথ আৰু।


মূল ব্যাসৰ মহাভাৰতত য়ূধেয়ৰ বিষয়ে আছে; কিন্তু তেওঁ‌ দ্ৰৌপদীৰ পুতেক হ'ব নোৱাৰে। কাৰণ দ্ৰৌপদীৰ প্ৰতিজন পাণ্ডৱৰ পৰা এজনকৈহে পুতেক আছে আৰু যুধিষ্ঠিৰ-দ্ৰৌপদীৰ পুতেকৰ নাম প্ৰতিবিন্ধ্য।


Gender and Narrative in the Mahabharata
edited by Simon Brodbeck, Brian Black,

এইখনত পালো, দেৱিকাৰ আৰু য়ুধেয়ৰ নাম মূল মহাভাৰতত আছে।


Monalisha Saikia 

ৰোমাঞ্চকৰ ! কিন্তু স্বৰ্গৰ বাসনা মোৰ নাই । মই এই নৰকৰ কীট কিন্তু আপোনাৰ এই স্বৰ্গযাত্ৰাৰ ৰোমাঞ্চকৰ কাহিনী পঢ়িমেই পঢ়িম

Faruque Aziz 
স্বৰ্গাৰোহণৰ এই স্থানসমূহ মই কাল্পনিক বুলি ভাবিছিলোঁ। ইমান এটা সুন্দৰ লিখনী ধন্যবাদ দিয়া বাবে লেখকক ধন্যবাদ।

Nivedita Baruah 

Mur khura ejon Army't asile...tekhete horu thakute amak kahini koy...tetiyarei pora explore lorar gupon hopun eta puhi thoisu...ketiya ba purna hobogoi...


এনে এটা অভিজ্ঞতাৰে এখন কিতাপ লিখিলে অসমীয়া সাহিত্যলৈ এটা সুন্দৰ অৱদান হ'ব , মই ভাবোঁ ।
কুসুমাঞ্জলি শৰ্মা

মহাভাৰতৰ কথা ভাবিলে মই সদায় আচৰিত হওঁ ___আপোনাৰ লিখনিটো পঢ়ি অভিভূত হ'লোঁ । সুন্দৰ লিখনি এটা পঢ়িবলৈ দিয়া বাবে অশেষ ধন্যবাদ





Till now , I thought amongst the five brothers Sahdev fell first.
Also one point I don't understand why Draupadi followed the five brothers. With danger lurking on the way, she should have been in the middle


অভিজিত, বৰ প্ৰয়োজনীয় আহিলা এটা পালো । কিন্তু আপোনাৰ মতে মহাভাৰতৰ ভিত্তি সম্পূৰ্ণ কাল্পনিক নে কিছু পাৰ্থিৱ ঘটনাৰ চৰিত্ৰক মোহনীয় ভাৱে দিয়া লিখিত ৰূপ, এয়া হে জানিবলৈ মন যায়।

দুয়ো ক্ষেত্ৰতে যুদ্ধ বা সংহাৰৰ আৰম্ভণিৰ বাবে যুধিষ্ঠিৰ নামৰ চৰিত্ৰৰ থকা প্ৰয়োজনৰ বাবে সৃষ্টি কৰা হৈছিল ।

স্বৰ্গাৰোহণ হিমালয়ৰ দুৰ্গম অঞ্চললৈ যোৱাটোৱে বুজাইছিল মানে স্বৰ্গৰ অৱস্থান সেইপিনেই... পৃথিৱীতে

স্বৰ্গাৰোহণৰ প্ৰস্তুতি মানে ইচ্ছামৃত্যুৰ বাবে আগবাঢ়ি যোৱা ।


Rita Chowdhury

Bohudinor murot xupathyo aru tothyo xomreeddho lekha eta porhilu. Aru bistritobhabe likhiba. Thanks Abhijit.

Abhijit Kalita 

বাইদেউ, আপোনাৰ মন্তব্য মোৰ বাবে আশীৰ্বাদ স্বৰূপ। মই বহুত তথ্য ইতিমধ্যে গোটাইছো। এখন কিতাপ কৰিবৰ বৰ ইচ্ছা আছে। আপোনালোকৰ আশীৰ্বাদ থাকিলে হবগৈ। বহুত ধন্যবাদ।


Back with a bang !!!
ইমান সুন্দৰ বিশ্লেষণ,অভিভূত👍👍👍
বিভিন্নজনৰ মন্তব্যৰ পৰা এইটো বুজিছো যে আপোনাৰ সহযাত্ৰী পঞ্চাচোৰ্দ্ধত হ'ব ৷ শ্যামলী লোহিতৰ অভিজ্ঞ অভিযাত্ৰীসকলৰ সহযাত্ৰী হোৱাৰ আশা তেতিয়াৰেপৰা পুহি ৰাখিছো ৷ সময় সুবিধা মিলিলে আমি দুজনো অহৌবলীয়া হ'ম🙋🙋🙋
যোগাযোগ কৰিম...


পঢ়ি পঢ়ি ভাগৰ আৰু আমনি নলগা ইয়াকে কয়।খুব ভাল লাগিল।দোষ্টি কৰিব বিচাৰো আপোনাৰ লগত।আৰু বহুত জানিব পাৰিম।



এটা সময়ত মহাভাৰতখনে প্ৰায়ে মোক যেনিয়ে তেনিয়ে টানি লৈ ফুৰিছিল। আজিকালি কমিল। আপোনাৰ লেখাটো পঢ়ি আপোনালৈ হিংসা লাগিছে।
বাৰু এই ভ্ৰমণটোৰ পাছত যিখন কিতাপ ওলাব তাৰ প্ৰথম দহ কপিৰ ভিতৰত একপি মোক লাগিবই।।
দ্বিতীয়তে ভ্ৰমণটোৰ পৰা ঘুৰি অহাৰ পাছত গোটেইকেইজন আমাৰ ঘৰত সোমাব লাগিব। ভাত এসাঁজ খাবলৈ।

My heartfelt thanks to you Abhijit for your research work and your magnanimity to share it to all in FB.It is a master piece crafted by you with reasoning n lucid expression followed by studies.I am enlightened thoroughly from your update.Thnx.Complete your mission to make it in the Book format.Keep it up dear.Thanks once again.

সুন্দৰ ৷ দুৰ্গম, বিপদ সংকুল যাত্ৰাই আমাকো আকৰ্ষন কৰে, কিন্তু সচা কথা কও -মোৰ দম নাই ৷ ফিজিকেল ফিটনেচো কমিছে লাহে লাহে ৷ কেতিয়াবা হেলিকপ্টাৰেৰে চাই আহিব পাৰিলেই হল আৰু, পিচে ওপৰৰ পৰা একো দেখা নাপাও জানো

যাহক, যুধিস্থিৰৰ কথাখিনি লৈ একমত ৷ মহাভাৰত খন এখন বাস্তৱক মিলাই লিখা কাল্পনিক গ্ৰন্থ, কিন্তু ব্যসদেৱো তোমাৰ দৰে টেলেন্টেত মানুহ আছিল বুলি মই চিওৰ!



বহুত ভাল লাগিল পঢ়ি। এনেও হিমালয় যোৱাৰ মোৰ ইচ্ছা আছে, আপুনি আৰু বঢ়াই দিলে। ইমান সুন্দৰ বিশ্লেষণ , পঢ়ি যাবলৈ মন নোহোৱাটোহে অস্বাভাৱিক।



হাভাৰত খন এনে এখন মহাকাব্য যাক বিশ্লেষণ কৰি ইতি পেলোৱা কাৰোৰে বাবে সহজ সাধ্য নহয়।এয়া মোৰ অনুভৱ।সমাজৰ প্ৰতিটো ৰেহ ৰূপ ইয়াৰ উপমাতে চালি জাৰি চাব পাৰো।যেনেকৈ ধানটোৱে প্ৰতি কনটো মানুহটোৱে প্ৰতি মনটোৰ সাদৃশ্যতাৰে।abosolute বুলি দেখোন একোকে কব নোৱাৰো।সেই খিনিতেই ভগৱান বুলি কিবা এটাক বিশ্বাস কৰিবলৈ বাধ্য হৈ পৰো।শলাগ লৱলগীয়া পদক্ষেপ,,, মহাপ্ৰস্থানৰ পথটিক অনুসৰন কৰি চিত্ৰপটেৰে অঙ্কিত কৰিব খোজা এই প্ৰয়াসক।সেই হিন্দি চিনেমাত পোৱা ডাইলগ টোক বৰ বিশ্বাস কৰো,,, য'ত আশাশুধীয়া প্ৰচেষ্টাত লক্ষ্যক চুব পাৰে বুলি কোৱা হৈছে।আপ্লুত হলো উপস্থাপনটিত আৰু মনে পুহি ৰখা স্বৰ্গপথক স্বমহিমাৰে এবাৰ জুমি চোৱাৰ প্ৰচেষ্টাত।শুভেচ্ছা থাকিল,,, অন্তৰৰ পৰা,,, উদ্দেশ্যই বাস্তৱ চুৱাৰ,,!!! চেলুট অভিজিত কলিতা।


আপোনাৰ লিখাটো পঢ়ি বৰ ভাল লাগিল মই পৌৰাণিকা নামৰ এখন কিতাপৰ কাম কৰি আছো এই বিষয়ে অলপ জানো যুধিস্ঠিৰ মোৰ মতে এক সুবিধা বাদী চৰিএ মহাভাৰতৰ মোৰ প্ৰিয় চৰিএ কৃষ্ণ আৰু কৰ্ণ

No comments:

Post a Comment