Friday, November 25, 2016

== আশাকৰো তোমালোক (১১) ==


মৰমৰ অকণ অকণিহঁত

ভালে আছা নিশ্চয়। মহেঞ্জাদাৰো ফ্লপ হোৱাৰ পাছত মোৰ আৰু চিনেমা তিনেমা কৰিবলৈ মন নোযোৱা হৈছে। চোৱাচোন মই মানুহটোৱেই নাচনি, গতিকে পিৰিয়ড চিনেমা হ’লেও ককালটো এপাক ঘুৰাবলে মন যায় দিয়াচোন। তাতে ৰাইজে বেয়া পালে। 

গতিকে আজিকালি মই ধৰ্ম- কৰ্মত মন দিছো। গতিকে তোমালোক আজি আত্মাৰ কথা কও। মানুহে আদিৰ পৰাই চিন্তা কৰি আহিছে মৃত্যুৰ পাছত কি হয়? কিবা আছেনে মৃত্যুৰ সিপাৰে? সেই প্ৰশ্নটোৰ উত্তৰত হিন্দু দৰ্শনে আমাক তিনিটা বস্তুৰ সমস্তি বুলি কৈছে- দেহ, মন আৰু আত্মা। মৰিলে দেহটো নাইকীয়া হয়, কিন্তু মন আৰু আত্মা থাকে। মনটো ঝেং মাল.. ইয়াত আশা- পাপ- আদি লাগি থাকে, গতিকে আকৌ বেলেগ দেহত জনম লগা লগা হয়। এসময়ত জনমে জনমে পৰাচিত কৰি কৰি আত্মা মনৰ পৰা মুক্ত হয়, আৰু ভগৱানৰ লগত মিলি যায়। তাকে মোক্ষ লাভ কৰা বোলে। 


এই মনটো আত্মাৰ লগত লাগি থকালৈকে, আত্মাইয়ো মনৰ উচতনিত কিছুমান ঝেং লগাই ফুৰে, মনৰ পিঠিত উঠি থকা আত্মাকে আমি ভুত বুলি কও।আত্মা বিলাক বিৰাট ভয়ানক। আত্মা বিলাকে জীৱিত ব্যক্তিৰ দেহাত লম্ভি তেওলোকক নগুৰ নাগটি কৰে। 

তোমালোকে ভুত দেখিছানে? নাই দেখা নিশ্চয়! আচলতে ভুত মালটো নো কি চকুৰে দেখা মানুহ নায়েই বুলিব পাৰি, গতিকে কোনেও ভুতৰ ওপৰত বিশেষ একো তথ্য যোগাৰ কৰিব পৰা নাই। সেইকাৰণে মই তোমালোকৰ বাবে এইখিনি লিখিব খুজিছো। 

প্ৰথমতে মই পুৰুষ আত্মাবিলাকৰ বিষয়ে কও, এই আত্মা বিলাকে সাধাৰণতে গাভৰু ছোৱালীক আক্ৰমণ কৰে। পুৰুষ আত্মা তিনি প্ৰকাৰৰ, চেঙাত্মা, ননত্মা আৰু চচাত্মা। তোমালোকক এই তিনি বিধ আত্মাৰ বিষয়ে বহলাই কম। 

জীৱিত কালত মানুহে পত্নীৰ ভয়ত নিজৰ মনৰ গুপুত আশাবোৰ পুৰ্ণ কৰিব নোৱাৰিলে মৃত্যুৰ পাছত সেইবিলাক #চেঙাত্মা# হয়। চেঙাত্মাৰ পাল্লাত পৰিলে ছোৱালীবিলাকে নকৰা নকৰা কাম কৰে, ৰাতি ৰাতি ফেচবুকত যাৰ তাৰ লগত ইনবক্সিং কৰে, ১৫/২০ টা বয়ফ্ৰেণ্ড ৰাখে, আৰু বহুত কিবা কিবি কৰে। এই চেঙাত্মাৰ পৰা ৰক্ষা পাবলৈ হ’লে আগতীয়াকৈ প্ৰটেকচন হিচাপে বাবাজীৰ তাবিজ মাদুলি আদি পিন্ধিব লাগে। কিন্তু এবাৰ কেনেবাকৈ লম্ভিলে আৰু ইয়াক অঁতৰাব নোৱাৰি। এই আত্মাৰ কৱলত পৰা ছোৱালীবিলাকে সেই পত্নীৰ আদৰ্শ অনুসৰণ কৰি নিজৰ নিজৰ পতিক অত্যচাৰকে ধৰি বিভিন্ন আচাৰ কৰে।
কিছুমান মানুহে সাহসৰ অভাৱ, বা অধিক মাছত বগলী কণা হোৱাৰ দৰে পৰিস্থিতত পৰি, আধা বয়সলৈকে মনৰ আশা মনতে মাৰ নিয়াব লগা হয়, আৰু কেতিয়াবা ৰাইজৰ সমুহীয়া গৰিহণাও খাব লগা হয়। এইসকল লোক মৃত্যুৰ পাছত #ননাত্মা# হয়। এই ননাত্মাই আক্ৰমণ কৰা ছোৱালী বিলাকে এন্ধাৰ ৰাতি, বগা শাৰী পিন্ধি হাতত মমবাতি এডাল লৈ কবৰস্তান, পুৰণি খণ্ডহৰ, জনশূণ্য হাবি বননি আদিত ঘুৰি ফুৰা দেখা যায়। এওলোকে ডেকা ল’ৰাবিলাকক ভুলাই ওচৰলে মাতি তেওলোকৰ তেজ পী খায়।খোৱাত এইবিধ আত্মা এনেয়ো ভাল। এইবিধ আত্মাৰ পৰা হাত সাৰিবলৈ হ’লে তোমালোকে কেতিয়াও ৰাতি ঘৰৰ পৰা বাহিৰলৈ নোলাবা, কেনেবাকে ওলালেও ওপৰত কোৱা বিৱৰণৰ ছোৱালী দেখিলে প্ৰেমত নপৰিবা। 

ননাত্মাই লম্ভিলে ছোৱালীজনীৰ ঘৰৰ মানুহে এৰাতিৰ ভিতৰতে ৩৭৯ কিমি দুৰৰ পুৰণা পুখুৰী এটাৰ পৰা পানী আনি ছোৱালীজনীৰ গাত ধালি দিব লাগে। পিছে পানী আনিবলৈ যাওতে বাটত ননাত্মাই তেওলোকক বৰ হাৰাশাস্তি কৰে। গতিকে সাবধান হৈ যাব লাগে। 

তোমালোকে কেতিয়াবা নিৰ্জন পুৰণি ঘৰ, হাৱেলী আদি দেখিছানে? তেনে এটা হাৱেলীত সোমাই যোৱাৰ পাছত যদি তুমি তাত নিজৰে ছবি এখন ওলমি থকা দেখা তেন্তে তোমাৰ কেনে লাগিব। একো অনুভৱ কৰাৰ আৱশ্যক নাই, কাৰণ তুমি ইতিমধ্যে #চচাত্মাৰ# কৱলত পৰিলা। যি মানুহে চিনাকী সকলো নাৰীকে বাইদেউ, ভণ্টি, মাহীদেউ আদিৰ চকুৰে চাই, আৰু যাৰ চেহেৰাও পোৱালীৰ দৰে হয়, তেওলোকৰ মনত বহুত আশা পুৰণ নোহোৱাকৈ থাকি যায়, এইবিলাকেই পিছত গৈ চচাত্মা হয়গৈ। নিজে গোটেই জীৱনটো কনফিউজ হৈ থকা এই আত্মাবোৰে আনমানুহকো কনফিউজ কৰি ৰং চায়। এই আত্মাবোৰ পিছে বৰ বেছি হিংসুক নহয়। এওলোকৰ কৱলত পৰিলে কেতিয়াবা ভাল ফলাফলো ওলাব পাৰে। মাদুৰাইৰ এজন নিবনুৱা ডেকাই এনে চচাত্মাৰ কৱলত পৰাৰ পাছত তেও পুৰ্বজন্মত ৰাজকুমাৰৰ আলধৰা আছিল বুলি প্ৰমাণ হয় আৰু তেওক সেই ৰাজকুমাৰৰ বংশধৰ সকলে লয়েলিটিৰ চিনস্বৰূপে তেওক ৫০০ টকা উপহাৰ দিয়ে। 

এনে আত্মাৰ কৱলৰ পৰা ৰক্ষা পাবলৈ হ’লে আত্মাৰ জীৱিত অৱস্থাৰ ঘৰটোলৈ গৈ তাত তেওৰ স্মৃতি বিজৰিত হৈ থকা কিবা পুতলা, ডায়েৰী, চিগাৰেট লাইটাৰ আদি জ্বলাই দিলেই হয়। 

আজি বিষয়টো বৰ গুৰুত্বপূৰ্ণ আছিল বাবে অলপ দীঘলীয়াকৈ লিখিলো, ভৱিষ্যতে তোমালোকক নাৰী আত্মাৰ কথা কবৰ মন আছে। 

সকলো কুশলে থাকিবা, হেপ্পী দিৱালী..আশা কৰিছো তোমালোকে সকলোৱে আজি ঝাণ্ডি-মুণ্ডা খেলি লাভৱান হবা। 

ইতি তোমালোকৰ

No comments:

Post a Comment