Friday, November 25, 2016

আশাকৰো তোমালোক (১৩)

মৰমৰ মইনাহঁত, 

বৰ জৰুৰী দৰকাৰতহে মই এই মাজৰাতি তোমালোকলৈ লিখিব লগীয়া হৈছে। তোমালোকে নিশ্চয় লক্ষ্য কৰিছা যে যোৱা কিছুদিন ধৰি গাজাৰীত নকলি "আশাকৰো..." য়ে বজাৰ চানি ধৰিছে। এইবিলাক কামত আমাৰ শত্ৰুভাৱাপন্ন 'পৰোছী' গ্ৰুপৰ হাত থকাৰ সম্ভাৱনা নুই কৰিব নোৱাৰি। এই নকলি "আশাকৰো.." বিলাকে গাজাৰীৰ অৰ্থনীতিত মাধমাৰ সোধাইছে। 

এই ষড়য়ন্ত্ৰ প্ৰতিহত কৰাত তোমালোকেও সহায় কৰিব পাৰা- আজিৰ পৰা তোমালোকে "আশাকৰো..." দেখিলেই একো নোচোৱাকৈ লাইক কমেণ্টেৰে ভৰাই নিদিবা। লাইক কৰাৰ আগতে ISI চিহ্ন আৰু হৃত্ত্বিক ৰৌচনৰ থ্ৰী-ডাইমেনচনেল হলমাৰ্ক লগোৱা ষ্টিকাৰটো চাই লবা। 


গাজাৰী চৰকাৰেও এই বিষয়টো গুৰুত্ব সহকাৰে লৈছে, গতিকে অনতিপলমেই তেওলোকে হঠাৎ এদিন মাজনিশা সকলো "আশাকৰো.." নিষিদ্ধ কৰি দিব পাৰে। তেনে এটা পৰস্থিতি অহাৰ আগতেই মই তোমালোকক তোমালোকৰ জীৱনৰ বাবে প্ৰয়োজনীয় দুটামান কথা কৈ যাব বিচাৰিছো। 

তোমালোকে নিশ্চয় জানা যে মানুহৰ জীৱনৰ অতিকৈ ভয়াবহ সমস্যাবোৰৰ এটা হ'ল ভুতে পোৱা। ভুত লম্ভিলে ভাল ভাল মানুহৰ জীৱন ধ্বংস হৈ যায়, বহুত নগুৰ নাকতি হয়। আনকি কিছুমানৰ মৃত্যুও হয়। আৰু এবাৰ ভুতে পালে সহজে তাক গাৰ পৰা এৰুৱাবও নোৱাৰি। ইয়াৰ প্ৰতিকাৰৰ ব্যৱস্থাবোৰো অতি কঠিন আৰু সেইবিলাক সদায় সফল হবই বুলি নিশ্চিত ভাৱে কব নোৱাৰি। 

কিন্তু তোমালোকে নিশ্চয় শুনিছা- যিকোনো সমস্যাৰ ক্ষেত্ৰতে "প্ৰতিকাৰতকৈ প্ৰতিৰোধেই শ্ৰেয়"। গতিকে মই আজি তোমালোকক ভুতে লম্ভা কেনেকৈ প্ৰতিৰোধ কৰিব পাৰি সেই বিষয়ে দুটামান কথা কম। এই নিয়ম কেইটা মানি চলিলে তোমালোকক সহজে ভুতে ধৰিব নোৱাৰিব। 

১) কেতিয়াবা মাজনিশা যদি তোমালোকৰ হাবিতলীয়া বাটত গাড়ী বেয়া হয়, তেন্তে ওচৰতে থকা ৱালত গছ লতাৰে ছানি ধৰা পুৰণি হাৱেলী আদিলৈ কেতিয়াও নেযাবা, লাগিলে গাড়ীতে শুই থাকিবা। 

২) যদি কিবা কাৰণত নতুন ঘৰ লব লগা হয়, তেনে তোমালোকে দুইফালে দুমাইল মান দূৰলৈকে জনপ্ৰাণী এটাও নথকা, সাগৰৰ পাৰৰ অকলশৰীয়া ঘৰ কেতিয়াও নলবা, আৰু নিজৰ মা-দেউতাকো তেনে কাম কৰাত বাধা দিবা। তেনে ঘৰবোৰত ভুতে বাঁহ লৈ থাকে

৩) যদি তোমাৰ পত্নী, ল'ৰা-ছোৱালী, বা বাটত লগ পোৱা কোনোবা পগলা বা ভীখাৰীয়ে তোমাৰ ঘৰ ভুত আছে বুলি কয়, তুমি বিশ্বাস নকৰাকৈ নেথাকিবা। এই "আজিকালিৰ যুগত কৰ পৰা ভুত ওলাব" বুলি কৰা ধাৰণাটোৰ কাৰণেই সকলোতকৈ বেছি পয়মাল হয়।

৪) তোমালোকৰ যদি পিকনিক কৰিবলে মন যায়, নদীৰ পাৰলে যাবা, পাহাৰৰ ওপৰলে যাবা, কিন্তু ভুলতো ল'ৰা-ছোৱালী এসোপা লগ হৈ এৰাপৰলীয়া মান্ধাতা আমোলৰ ভঙা চিঙা ঘৰ এটালৈ ৰাতি থকাকৈ নেযাবা। আৰু কেনেবাকে যাব লগা হ'লেও তাত থকা টেপ, চিডি আদি নবজাবা, ডায়েৰী আদি নপঢ়িবা, অদ্ভূত ৰূপৰ পুতলা এটা তুলি নানিবা, আৰু গজাল মাৰি বন্ধ কৰি থোৱা দুৱাৰ নুখুলিবা। 

৫) এইটো কথা আগতেও কৈছো আকৌ কও- তোমালোকে যদি কোনোবাই এজনী ছোৱালীয়ে অমাৱশ্যাৰ নিশা বগা শাৰী পিন্ধি, হাতত মমবাতি এডাল লৈ, কবৰস্থান বা গ্ৰেভয়াৰ্ডত, ট্ৰেজিক সুৰৰ গান গাই থকা দেখা: তেন্তে ছোৱালীজনী যিমানেই সুন্দৰী নহওক কিয়, তাইৰ প্ৰেমত নপৰিবা, আৰু তাইৰ পিছে পিছে নেযাবা। তেহেলে তাই বৰষুণতে ভিজি নেথাকক কিয়?

৬) তোমাৰ বা পৰিয়ালৰ কাৰোবাৰ যদি অনুভৱ হয় যে তোমালোকৰ ঘৰত অশৰীৰি আত্মা আছে, লগে লগে আন কাৰোবাৰ ঘৰলৈ, নহ'লে হোটেললৈকে গুচি যাবা। কি হয় চাওচোন বুলি সেই ভুতীয়া পৰিবেশত থাকি যোৱাৰ বাবেই বহু লোকে প্ৰাণ পৰ্যন্ত হেৰুৱাব লগা হৈছে

৭) কেতিয়াবা কাৰোবাৰ ভুতে পালে- জৰা ফুঁকা কৰি আঁতৰোৱাৰ সময়ত তাত উপস্থিত থকা মানুহবোৰৰ চকুবোৰ ভালকৈ মন কৰি থাকিব। ভুত ওলাই যোৱাৰ সময়ত যদি তাৰে কাৰোবাৰ চকু দুটাৰ পৰা উজ্জ্বল সেউজীয়া পোহৰ ওলাই, তেনে বুজিবা, ভুতে গুগলী মাৰিলে। সেইজনৰ গাৰ পৰা ওলাই আকৌ সেউজীয়া চকুৰ জনৰ গাত সোমাল। 

৮) যিদৰে মানুহে ঘৰত পুলিচ, হস্পিটেল আদিৰ নম্বৰ লিখি ৰাখে, তেনেদৰে তোমালোকেও বেজ- জ্ঞানী, কালি-সাধক, পাদ্ৰী, অঘোৰী তান্ত্ৰিক আদিৰ ফোন নম্বৰ হাতে পোৱাকৈ ৰাখিবা। ভুত কেতিয়া আক্ৰমণ কৰে তাৰ একো নিশ্চয়তা নাই।

৯) ভুতৰ পৰা ৰক্ষা পাবলৈ বাংলা ভাষাত কোকা -পণ্ডিতৰ 'অলৌকিক ইন্দ্ৰজাল, 'মন্ত্ৰবলে সিদ্ধি লাভ' আদি মহামূল্যবান গ্ৰন্থ আছে। আজিকালি আমাৰ অসমতো তেনে ধৰণৰ অলৌকিক শক্তি সম্পন্ন আচাৰ্য আদি ওলাইছে। তোমালোকে এইবিলাক পুথি পঢ়িবা, আৰু টিভিত তেওলোকৰ লাইভ প্ৰগ্ৰাম চাবা। 

১০) এইযে হেলুচিনেচন, স্বিজোফ্ৰেনিয়া আদি কিছুমান মানসিক ৰোগ বুলি মানুহে যে কয়, এইবোৰ আচলতে সকলো ভুতৰ কাৰবাৰ। কিছুমান ন্যস্ত স্বাৰ্থৰ লোকে এইবিলাকক দেহাৰ ৰোগ বুলি কৈ চিকিৎসা কৰি পইচা ঘটে। তোমালোকে এইবোৰ কথা সমূলি বিশ্বাস নকৰিবা। তেনে কোনো লোকক দেখা পালে চিধাই বিহলঙনি এসোপাৰে উৰাই ঘুৰাই পিতিবা আৰু গাত গৰম পানী ঢালি দিবা,... চকুত জলকীয়া লগাই দিব পাৰিলে আৰু ভাল। মাৰৰ কোবত যেতিয়ালৈকে ৰোগীৰ গাত লম্ভা ভুতটোৱে - এৰি দে ঔ, মৰিলো ঔ বুলি নিচিঞৰে তেতিয়ালৈকে কোবাই থাকিবা। এসময়ত ভুত আপোনা আপুনি ওলাই যাব। 

কিন্তু ইয়াৰ পাছতো তোমালোকৰ এটা কাম থাকি যায়, এনেদৰে কাৰোবাৰ গাত ভুত লাগিলে বুজিবা যে, ভুত নিজে নিজে লগা নাই, কোনোবা ডাইনীয়েহে তেওৰ গাত ভুত লগাই দিছে। গতিকে তোমালোকে সেই ডাইনীক বিচাৰি উলিয়াই যথোপযুক্ত শাস্তি দিবা। 

আজি আৰু বিশেষ নিলিখো, বহুত দীঘল হ'ল, কিন্তু বহুত কথা কবলৈ থাকিয়েই গ'ল। ভৱিষ্যতে আকৌ কেতিয়াবা কম।
ইতি মৰমেৰে 

তোমালোকৰ

No comments:

Post a Comment