Friday, November 25, 2016

অ গৰখীয়া, গৰু নাৰাখ কিয় - এটি গল্পৰ আঁত ধৰি

এইবাৰৰ প্ৰান্তিকত মোৰ ফেচবুকৰ বন্ধু তালিকাত থকা কেইবাজনৰো লেখা ওলাইছে। সুখৰ কথা, ইয়াৰ প্ৰায়সকলেই পোনতে ফেচবুকতে লিখা মেলা কৰিবলৈ আৰম্ভ কৰিছিল। আজিকালি বিভিন্ন কাকত আলোচনীত মোৰ ফেচবুকৰ বন্ধুসকলৰ নাম দেখিলে বৰ আনন্দিত হও!

মাধুৰীমাৰ গল্প এটাও প্ৰকাশ হৈছে বুলি গম পাইছিলো। ব্যস্ততাৰ বাবে তেও কিছুদিন ধৰি লিখামেলা অলপ কমাই দিছে যেন লাগিছিল, গতিকেই আজি পায়েই সেই গল্পটোকে প্ৰথম পঢ়িলো। নাম "অ' গৰখীয়া গৰু নৰখ কিয়?"



আৰম্ভনিতেই মাধুৰীমাৰ বৈশিষ্টমূলক লিখনিৰ সোৱাদ পালো, অকৃত্ৰিম গাঁৱলীয়া পৰিবেশ বৰ্ণনা কৰাত মাধুৰীমা সিদ্ধহস্ত। আন বহুতে গাঁৱৰ বৰ্ণনা দিওতে কিছুমান ভুল দেখা পাও, কিন্তু মাধুৰীমাৰ (অকল এই গল্পটোতে নহয়) গাঁৱৰ দৃশ্যৰাজি ত্ৰুতিহীন আৰু Vivid. চৰিত্ৰবোৰৰ নামাকৰণৰ পৰা আৰম্ভ কৰি, তেওলোকৰ কথা বতৰা, বিৱৰণ আনকি লিখনিৰ 'প্লট'লৈকে, সকলোতে গাঁৱৰ দৃশ্যৰাজী নিখুঁতভাৱে বিদ্যমান হয়।কাহিনী আৰু বৰ্ণনাৰ সৰলতা লেখিকাৰ অন্যতম বৈশিষ্ট।এই গল্পটোটো তাৰ ব্যতিক্ৰম হোৱা নাই। 

অ' গৰখীয়াৰ কথালৈ ঘুৰি আহো। গল্পৰ চাডেন ষ্টাৰ্টে মোৰ মনত (প্ৰথম দুই এশাৰীতে) অনুসন্ধিৎসা জগাই তুলিবলৈ সক্ষম হ'ল, এয়া প্ৰথম সফলতা। মাধুৰীমাৰ গল্পৰ পৰা আশা কৰা মতেই লগে লগে গাঁও এখনৰ সচৰাচৰ দৃশ্যৰাজি আৰু চিৰপৰিচিত সমস্যা এটাৰ মাজলৈ সোমাই গ'লো। মাজে মাজে অন্তৰ্নীহিত হাস্যই মোক গল্পটোৰ মাজত ধৰি ৰাখিলে। লাহে লাহে গল্পটো ক্লাইমেক্সলৈ আগবাঢ়িল।

পিছে সচৰাচৰ ছুটি গল্পত হোৱাৰ দৰে 'চিংগল পইণ্ট' ক্লাইমেক্স নহল ইয়াত। অৱশ্যে ইয়াক ছুটি গল্প বা ছৰ্ট ষ্টৰি বোলাও হোৱা নাই, গল্পহে বুলিছে।
ইয়াৰ পাছতে আকৌ এটা কাহিনী ওলাল, আইতাকে পুতুকণহঁতৰ কামবোৰ গম পায়ো মনে মনে চাই আছিল, তেও বুজালে- উপদেশো দিলে। আচলতে গল্পটো তাতহে শেষ হ'লগৈ। মোৰ হিচাপত সেইখিনি কথা অলপ বেছি দীঘলীয়া হ'ল, আৰু তাত পাঠকৰ কল্পনাৰ বাবে একো বাকী নেথাকিল। গতিকে মই সেই বৰ্ণনাখিনি গল্পৰ পৰিধি ভাঙি সাধুৰ দৰে হল বুলি কব বিছাৰিম। ইচ্ছা কৰিলে লেখিকাই প্ৰচলিত ছুটি গল্পৰ টেকনিক ব্যৱহাৰ এই বৰ্ণনা খিনিৰ কিছু পাঠকৰ কল্পনাৰ বাবে এৰি দিব পাৰিলেহেঁতেন। মাধুৰীমাৰ প্ৰায়বোৰ লেখাতে এই কথাটো মন কৰো।সাধাৰণ ভাৱে ছুটি গল্প পঢ়ি অভ্যস্ত হোৱা পাঠকে এইখিনিত আপত্তি কৰিব পাৰে। বহুদিন ধৰি কথাটো কম কম বুলিও কোৱা হোৱা নাই। 

কিন্তু প্ৰয়োজনীয় কথা হ'ল, সেই সাধুধৰ্মী বৰ্ণনাখিনিয়ে মোক উজুটি নুখুৱালে, সাৱলীল ভাৱেই আগবাঢ়ি গলো।এটা সৰলতাপূৰ্ণ কাহিনীৰ সৰল পৰি-সমাপ্তি ঘটিল। 

এতিয়া আটাইতকৈ দৰকাৰী কথাটোলৈ আহো, মনে বিছৰা ধৰণে গল্পটো প্ৰায় সমাপ্তিত উপস্থিত হোৱাৰ লগে লগেই লেখিকাই এটা নোহোৱা নোপজা কাম কৰিলে- তাত এটা যখ(যক্ষ)ক আনি উপস্থিত কৰিলে। শেষ পেৰেগ্ৰাফত যখৰ উপস্থিতিয়ে মোক আকৌ আন এখন জগতলৈ লৈ গ'ল। এই কথাখিনিয়ে আকৌ মোক গল্পটো আদিৰ পৰা নতুন ধৰণে ভাবিবলৈ বাধ্য কৰিলে। গোটেই গল্পটো আকৌ আন ধৰণে বুজিলো, উপভোগ কৰিলো, আৰু নিলিখা কথাখিনি উপলব্ধি কৰিবলৈ চেষ্ট কৰিলো, যিদৰে সদায় কৰো- ছুটি গল্প পঢ়িলে।কথাখিনিয়ে গল্পটোত আন এক নতুন স্তৰ যোগ কৰিলে।এনে ধৰণে সমাপ্তি কৰা গল্প বৰ সহজে পঢ়িবলৈ পোৱা নেযায়। 

শেষত কও, "অ' গৰখীয়া, গৰু নৰখ কিয়" পঢ়ি বৰ ভাল লাগিল, গতিকে আন আৰু একো নপঢ়াকৈয়ে পোনে পোনে এইখিনি লিখি পেলালো।

বি. দ্ৰ. :- সমালোচনা বুলি কোনেও নপঢ়ে যাতে, এয়া এজন পাঠকৰ ব্যক্তিগত অনুভৱহে। সাহিত্য সমালোচনা কৰিবৰ বয়স অমুকাৰ নৌ হয়চোন এথোন।

No comments:

Post a Comment