Tuesday, August 23, 2016

মাছ - মাংস

কালি ভাল মাৰ খোৱাৰ পৰা বাছিলো। জাগিৰোডত চাহ একাপ খাও বুলিছিলোহে, তিনিটামান তেজাল ডেকাই আহি মোৰ চাৰ্টৰ কলাৰত ধৰি সুধিলেহে

- ধ্ৰুব কাশ্যপক চিনি পাৱ নেকি তই। তই তাৰ লগৰ নেকি? ফেচবুকত তাৰ লগত কিবা গ্ৰুপত একেলগে আছনেকি? 

মইতো আৰু এনেই চুলি দাড়ি পকোৱা নাই, তাতে ধ্ৰুকাৰ কথা জানোও- গতিকে ক’লো


- "কোন ধ্ৰুৱ? তেনে কোনো জীৱিত বা প্ৰেমিক ব্যক্তিৰ লগত মোৰ চিনাকী নাই। মোৰ ফেচবুক একাউণ্টেই নাই.. মই কি মোৰ খানদানৰ কোনো মানুহৰে ধ্ৰুৱ কাশ্যপ বোলা কোনো মানুহৰ লগত কেতিয়াও পালা পৰা নাই। ফেমিলি ট্ৰী দেখুৱাম নেকি? NRC ও চাই লব পাৰে।" 

যেনেতেনে যেনিবা শান্ত হ’লগৈ - ময়ো তেওলোকক তামোল চালি খুৱাই কথাৰ ওৰ উলিয়ালোগৈ।

কথাটো এনেকুৱা............
সেইদিনা মৰিগাঁও বজাৰত বৰ ভিৰ। ধ্ৰুকাই হেনো ফিটফিটিয়া কাপোৰ পিন্ধি, চান গ্লাছ লগাই, চেণ্ট মাৰি মাছ-মাংসৰ বজাৰ ওলালগৈ। ছাগলী মাংসৰ বেপাৰী এটাক ক’লে 

- “ইচচ,... আৰু ডাঙৰ খাছি নাই? ১৫ কেজি মান চাইজৰ... মোৰ ৩০ কেজি মাংস লাগিছিল, একদম ফাচক্লাছ লাগিব কিন্তু.........নকবি আৰু এই বিয়াৰ বজাৰ কৰি কৰি হাইৰান হৈ গৈছো।“ 

ইমান ডাঙৰ কাষ্টমাৰ পাই বেপাৰীয়ে বৰ সুখ পালে, চাহ অনালে। 

- “হামাৰ হিয়াত যিটো মাংচ পাব, পুৰা মাৰিগাও ঘুমিলে ভি নেপাব, জাগীৰোড মানুহ ভি হামাৰ পৰা মাংচ লৈ যায়। একবাৰ খালে আপনি ৱাপিচ মোৰ হিয়াত আহি থাকিব, বিলাগ কহী ভী নেযাব, ইমান ফাচকিলাচ মাংচ। আপনাৰ পৰা দামতু ভি বিচ ৰুপীয়া কম ৰাখিম- কিনেকা পিচ কৰিব? ছোটা না মিডিয়াম?”

- “মিডিয়াম কৰ বুইছ মিডিয়াম- তই মাংচটো বনা, একদম ভাল কে বনা। মই মাছ চাই আহো।টাইম নাই একদম“
তাৰ পাছত মাছৰ বজাৰত গৈ ভালৰো ভাল কাটলা মাছ চাই ৩০ কেজি পিচ কৰিব দিলে, দামদৰো বহুত কৰিলে। অলপ পাছত ধ্ৰুকা মাংস কাটি থকা বেপাৰীটোৰ ওচৰলৈ আহি ক’লে 

- “ঐ মাংচ ভাই, মোক তিনচ টকা এটা দে না, এই মাছৱালাটোৰ তাত খুচৰা নাই, মহা জঞ্জাল। তই পিছত মিলাই লবি।আৰু জলদি কৰ অলপ...“ 

মাংস বেপাৰীৰ পৰা তিনিখন এশটকীয়া লৈ তেও আকৌ মাছৰ বেপাৰীৰ ওচৰ পালেগৈ।

- “ঐ মাছভাই। তোমৰ লগত দুইচ টকা খুচুৰা হব নেকি? এই মাংচ বেপাৰীটোক দিব লাগে, খুচৰাই নাই চালা মক্কেলৰ হাতত,..কি যে বেপাৰ কৰিব নহয় ইঁহতি। তই পিছত মাছৰ দামৰ লগত মিলাই লবি। চাও ..পিচবোৰ কেনেকুৱা কৰিছ? অঁ ..ঠিক আছে, এক কেজিত বাৰ পিচতকৈ বেছি নকৰিবি কিন্তু, মাথা চাড়া। মাথা বেলেগকৈ বান্ধি দিবি, মুড়িঘণ্ট বনাব লাগিব। চাও দেচোন পইচাতো।“ 

মাছৱালাৰ পৰাও এইদৰে দুশ টকা লৈ ধ্ৰুকা হেনো মনে মনে গুৱাহাটীৰ বাছত উঠি দিলে, তাৰ পৰা নাইট চুপাৰত হাইলাকান্দি। 

দুই বেপাৰীয়ে মাছ মাংস কাটি গধুলিলৈকে বহি থাকিল। এতিয়া চুপাৰী দিছে বোলে..জাগীৰোডত বাছ ৰখাই ৰখাই মানুহ চেক কৰি আছে। ধ্ৰুকাৰ ফেচবুক একাউণ্টতো নজৰ ৰখা হৈছে।

No comments:

Post a Comment