Tuesday, August 23, 2016

ডাৱৰীয়া ডায়েৰী


ডিয়েৰ ডায়েৰী ( এইটো কমন লৈছো দেই, সকলোতে লগাই লব) 

সোমবাৰঃ- আজি দিনটো বৰ বেয়া গ’ল মোৰ, ৰিলায়েন্স ট্ৰেণ্ডজত বজাৰ কৰিব গৈছিলো, ওপৰ মহলালে যোৱা ‘এচকালেটৰ’ খনত দুই ঘণ্টা ৰৈ থাকিব লগা হ’ল। আধা গৈ পাওতেই লাইট গুচি গ’ল আকৌ, কি যে মস্কিল, লাইট নহালৈকে ৰই থাকিলো। 

মংগলবাৰঃ- আজি আকৌ গধুলিতে লাইট গ’ল। কৌৰ বাই ফোন কৰি সুধিছে – বৰ আন্ধাৰ নেকি? মই কেনেকে জানিম আকৌ, মই একো দেখাই পোৱা নাই। 


বুধবাৰঃ- আজি বৰ ভাল লাগি আছে, ছমাহ লাগি এটা জিগ ছ পাজল চল্ভ কৰিলো, আই এম স্মাৰ্ট। পেকেটটোৰ ওপৰত আকৌ 2-4 Years বুলি লিখা আছিলে। বুৰ্বক বোৰক ইমান টাইম লাগেনে?

বৃহস্পতিবাৰঃ- আজি কম্পিউটাৰ ক্লাছত বহুত লাজ পালো। হঠাতে ষ্টুডেণ্ট এটাই সুধি দিলে, - বাইদ’ ইয়াত মেচেজ আহিছে Press Any Key to Continue. মই গোটেই কীবৰ্ডখন পিত পিত কৈ চাইয়ো Any কী টো বিছাৰি নেপালো। 

শুক্ৰবাৰঃ- আজি কিতাপ এখনত সমীক্ষা এটা পঢ়ি বৰ ভয় লাগি আছে, - তাত লিখিছে বোলে মানুহৰ ৯০% এক্সিডেণ্ট ঘৰৰ ওচৰে পাজৰেই হয়। ঘৰটো সলাব লাগিব সোনকালে। 

শণিঃ- আজি পৰোচীক ঠিক শিক্ষা দিলো। সিঁহতৰ ঘৰত কুকুৰ এটাই ৰাতি ইমান ভুকিলে, মোৰ টোপনি ভাঙি গ’ল। কি অভদ্ৰ মানুহ, ওচৰৰ মানুহৰ ডিসতাপ হয় বুলি নেজানে নেকি? খং উঠি ৰাতি তিনিটা বজাত কুকুৰটো আনি মোৰ নিজৰ বাৰান্দাত বান্ধি থলো, সি আৰু জোৰেৰে ভুকি থাকিল- সিহতিও গম পাই গ’ল ... ওচৰৰ ঘৰত কুকুৰে ভুকি থাকিলে মানুহৰ কিমান দিগদাৰ হয়। 

দেওবাৰঃ- আজি আৰাম কৰিলো, দিনত ডমিন'জৰ পৰা পিজা অৰ্ডাৰ কৰি খালো। সি আকৌ সুধিছে, পিজাটো চাৰিটুকুৰা কৰি দিম নে আঠ টুকুৰা? আঠ টুকুৰা পিজা খাবলে মই কিবা ৰাক্ষস নেকি? চাৰিটুকুৰাতে পেট ভৰি গ'ল মোৰ। 

বি. দ্ৰ. :- ইয়াত যিগৰাকী বুদ্ধিমতী আৰু সাহসী নাৰীৰ কথা উল্লেক কৰা হৈছে, গণনা মতে তেওৰ জন্ম ১৭ ডিচেম্বৰত।

No comments:

Post a Comment