Tuesday, August 23, 2016

লোকেল দাদা



জনাই জানে, মই মানুহটো অলপ লোকেল গুণ্ডা টাইপ, মানে সই চুপাৰী তুপাৰী লোৱা হেভী গুণ্ডা নহয়, এনেই আৰু খাটি খোৱা ৰিক্সাৱালা, ঠেলাৱালাৰ ওপৰত অলপ মাচল পাৱাৰ দেখুৱাই দুই এটকাৰ সুবিধা লোৱা ধৰণৰ  লোকেল দাদা। 


আজি গধুলি বজাৰত জলকীয়া কিনি আছো, মোৰ আকৌ কেঁচা জলকীয়া দুটা নহলে ভাত মুঠি পেটলে নোসোমায়এপোৱা জুখিবলৈ ক'লো.... কেঁচাই পকাই মিলি ভালে কেইটা উঠিল। দগাৰ ফালতকৈ জলকীয়াৰ ফালটো অলপ ডাওন নোহোৱালৈকে ৰৈ থাকিলো;



তাৰ পাছত মোৰ দাদাগিৰি আৰম্ভ হৈ গ'ল - 


- "ঐ, আৰু চৌদ্ধটা জলকীয়া দে তাত! নহ'লে বুজিছই নহয়" ( চোলাৰ হাতখন অলপ কোঁচাই দেখুৱালো)


বিহাৰী চব্ঝিৱালাই কাও মাও কৰিবলৈ ধৰিলে


- "চাহাব, এনেকুৱা নকৰিব কৃপা কৰি....., আমি কিমান কষ্টেৰে ইমান দুৰৰ পৰা শাক পাচলি আনি আপোনালোকক খুৱাইছো,... আমি নহ'লে আপোনালোকে কৰ পৰা চব্ঝি খালেহেঁতেন? য়ে চবজী বেছকে জো দু ৰুপেয়া মিল যাতা হেঁ উচিচে বাল বাচ্চো কো পাল ৰহে হেঁ... এইচা মত কৰো কিৰপা কৰকে... আমি খাম কি? মোৰ ল'ৰা ছোৱালীৰ শপত চাৰ... আমিওটো আপোনালোকক এটা চাৰ্ভিচেই দি আছো, শাক-পাচলি যোগান ধৰি..."


- "আৰে, চাৰ্ভিচ দিছ বুলি মানিছো তো! সেই কাৰণেই চাৰ্ভিচ টেক্স লগাইছো। দে জলকীয়া কেইটা..."


মোৰ ৰঙা চকু দেখি বেপাৰীয়ে ভয়তে এক্সট্ৰা জলকীয়া কেইটা ভৰাই দিলে- মোক নমস্কাৰ এটাও দিলে। মোৰ মনটো ভাল লাগি গ'ল - 


- "অকে!!! এতিয়া আৰু তিনিটা জলকীয়া দে তাত..."


- "ক্যা চাহাব, টেক্স দে তো দিয়া..."


- "চুপ চাল্লা..বাপেৰক চিনি পোৱা নাই..টেক্স হে দিলি! চেচ(Cess) ক'ত? দে জলদি, এডুকেচন চেচৰ নামত আৰু তিনিটা জলকীয়া দে...."


বেপাৰীয়ে আৰু তিনিটা জলকীয়া দিলে.. মই ক'লো


- "গুড!! কেইটা দিলি? তিনিটা নহয়? অকে- এতিয়া তাত আৰু এটা জলকীয়া দে!"


- "য়ে কিচলিয়ে চাহাব?"


- "আব্বে চন! এডুকেচন চেচ হে দিলি..হায়াৰ এডুকেচন চেচ কোনে দিব?"


তলমুৰকৈ বেপাৰীয়ে আৰু এটা জলকীয়া দিলে। 


- "হব হব, এতিয়া আৰু দুটা জলকীয়া দে তাত.........."


- "ক্যা? ঔৰ দো? ক্যা চাহাব... মেৰে বাল বচ্ছোঁ কো ভুখা মাৰোগে ক্যা?"


- "হেই ...ষ্টপ, য়ু  ননচেন্স! থাপৰ লাগে? এই দুটা 'স্বচ্ছ ভাৰত চেচ' আৰু 'কৃষি কল্যাণ চেচ'
বুজিলি জধামূৰ্খ.. দে ফটাফট ......"


দুখমনেৰে আৰু দুটা জলকীয়া মোনত ভৰাই দি বেপাৰীয়ে ক'লে


- "চাহাব, মোৰ যি লাভ হব লগা আছিল, এতিয়া সেয়া গৈয়ো লোকচানৰ ঘৰত সোমালগৈ। তথাপিও আপুনি কৈছে কাৰণে দিলো আৰু, নিদি আপোনাৰ ঘোঁচা কেইটা খালেহে হব। পিছে চাৰ, এটা কথা কওকচোন...আপোনাক ইমানবোৰ জলকীয়া এক্সট্ৰা দিয়াৰ বাবদ মই কি পাম? কিবা এটাতো পাব লাগে মই ...নহয় জানো চাৰ!!"


- "আৰে পাইছই তো, কি পোৱা নাই? তোৰ মুৰটো যে আজিও ডিঙিত লাগি আছে, এই এক্সট্ৰা জলকীয়া কেইটাৰ কাৰণেই আছে। আৰু শুন!! এটা কাম কৰিবি প্ৰত্যেক তিনিমাহৰ মুৰে মুৰে, তই মোক  কেইটা এক্সট্ৰা জলকীয়া দিলি তাৰ হিচাপ দি থাকিবি! পাক্কা হিচাপ,... চহী কৰি দিবি তলত। চাবি আকৌ .......  হিচাব ভুল হ'লে ... তোৰ এই তেতেৰা দেহাত এডালো  হাৰ্ডি  বাকী নেথাকিব। ... বুজিলি তো?..........."



- "জী হুজুৰ!!মাই-বাপ!!"





No comments:

Post a Comment