Monday, March 23, 2015

বুঢ়ী আইৰ সাধু ৰি-ল’ডেড :--- চিখৰ আৰু জুতি বাই


বহুদিনৰ আগতে স্কাণ্ডিনেভিয়াৰ এখন গাঁৱত এহাল বায়েক ভায়েক বাস কৰিছিল, সিঁহত ইমানেই দুখীয়া আছিল যে সিহঁতৰ ৰলচ ৰয়েছ খনত তেল ভৰাবলেও পইচা নাছিল। ভায়েকে সৰুৰে পৰা চিখৰ খাইছিল কাৰণে তাৰ দাঁত কেইটা ক’লা হৈ গৈছিল, আৰু মানুহে তাক চিখৰ বুলিয়েই মাতিছিল, যদিও তাৰ আচল নাম চিখৰহে আছিল। বায়েকে অকলে অকলে জুতি লগাই ৰান্ধি খাইছিল আৰু চিকেন কাৰী বনালে ভায়েকৰ ভাগত ডিঙি, পাখি আদিহে পৰিছিল । সেইকাৰণে গাঁৱৰ ৰাইজে তাইক খঙতে জুতি বাই বুলি মাতিছিল, আছলতে তাইৰ স্কুলৰ নাম আণ্ডাৰ টেকাৰ হে আছিল। 

এদিন চিখৰে জুতি বাইক ক’লে-

“জুতি বাই, জুতি বাই, কে’ক খাবৰ মন যায়”

সেইসময়ত জুতিবাইয়ে ফেচবুক কৰি আছিল, গতিকে ভায়েকে ধিচতাপ কৰাৰ কাৰণে তাইৰ খং উঠিল আৰু ওচৰতে থকা লাঠি এডালেৰে চিখৰৰ মুৰতে হুটুৰ কৈ মাৰ মাৰি দিলে। চিখৰে মৰমতে লাজে ওভতে মাতি বায়েকক গালি পাৰি বৰচাঙৰ ওৰত উঠি শুই থাকিল। তাৰপাছত বাঘ এটা ওলাই জুতিক খাব খুজিলে, আৰু জুতিয়ে বাঘটোক আই লাভ ইউ বুলি কৈ ভেলেণ্টাইন ডে' বুলি ডিঅ'ডৰেণ্টৰ বটল এটা আৰু ২০০ টকাৰ লাপু সৰকালে।

তাৰ পাছত দুই বাই ভাই মিলি চুনেৰে বনোৱা পিঠা খাই উগাৰ মাৰি অগি এণ্ড দা কক্ৰচ চোৱাত লাগিল।

তাৰপাছত ডাক্তৰে জুতিক ক’লে যে চিখৰৰ এটা অসুখ হৈছে, সি কেইদিন মানৰ ভিতৰতে এটা ফ্ৰিজলৈ পৰিবৰ্তন হৈ যাব। জুতিবাইয়ে সুধিলে- হায় হায় ... তেনেকুৱা হ’লে মোৰ বিয়াত কোনে আখৈ দিব, আৰু মই কেনেকে গম পাম সি ফ্ৰিজ হৈ গ’ল বুলি, কাৰণ বাহিৰৰ পৰা দেখিতো একো ধৰিব নোৱাৰি, সেই এনেই দেখিবলে ফ্ৰিজটোৰ নিচিনাই। তেতিয়া ডাক্তৰে উপায় দি ক’লে বোলে, সি যেতিয়াই মু্খ মেলিব, তুমি চাই থাকিবা। সি ফ্ৰিজ হৈ যোৱাৰ পাছত সি মুখ মেলিলেই ভিতৰত লাইট এটা জ্বলা দেখা পাবা। লাইট জ্বলা দেখিলেই তুমি তাৰ মোবাইলটো চেক কৰিবা আৰু যিমান ছোৱালীৰ নাম্বাৰ দেখা পোৱা চব ডিলিট কৰি দিবা। তেতিয়া সি ফ্ৰিজেই হৈ থাকিব, তোমাৰো জঞ্জাল আঁতৰিব। সেইমতে কাম হ’ল আৰু জুতিয়ে ফু্তিটে নিজৰ ফ্ৰিজটো বিক্ৰী কৰি সেই পইচাৰে গল্ড ফেচিয়েল কৰালে। সেই দুখতে চিখৰে ৰজনীগন্ধা খাবলে ধৰিলে আৰু তাৰ পেটলে যোৱাৰ পাছত ৰজনীগন্ধা পান মচলা গুচি আইচ ক্ৰীম মচলা হৈ গ'ল।

তেতিয়াৰ পৰাই মানুহে গৰু পুহি গাখীৰ খিৰাই খাবলে শিকিলে। আমাৰো কাপোৰ কানি ক’লা হ’ল, আমি গুচি আহিলো।

No comments:

Post a Comment