Monday, March 23, 2015

নাৰীমুক্তি

পাতিৰি  ভিনিহিৰ ১১০% সত্য চাহখোৱা গাজাটোৰ আঁত ধৰি

১৫ ডিচেম্বৰ ২০৪২ চন!!!

পতিয়ে পত্নীক চাহ, তামোল, নিউজপেপাৰ, ধুতি আদি খুজি অত্যাচাৰ কৰা সমস্যাটোৰ স্থায়ী সমাধানৰ অৰ্থে আজি সংসদত এখন বিধেয়ক গৃহীত হয়। এই আইন মতে বিয়া পতাৰ লগে লগে সকলো পুৰুষৰ জিভাখন লেজাৰ অস্ত্ৰোপচাৰৰ দ্বাৰা আঁতৰাই পেলোৱা হব। আজি সংসদত শূন্য কালত উপস্থাপন হোৱা বিধেয়ক খন সৰ্বসন্মতিক্ৰমে গৃহিত কৰা হয়। 0.5 % পুৰুষৰ বাবে সংৰক্ষিত আসনৰ সাংসদ শ্ৰীবিনয়ভূষনে বিধেয়ক খনৰ বিৰোধিতা কৰি কিবা কব বিছাৰিছিল যদিও, বাকী 566 গৰাকী মহিলা সাংসদৰ চিঞৰ বাখৰৰ মাজত তেখেতৰ মাত শুনা নগ’ল।

সন্ধিয়া সংবাদ মাধ্যমৰ আগত “লিপষ্টিক আৰু পেডিকিউৰ” বিভাগৰ কেবিনেট মন্ত্ৰী শ্ৰীমতী চেনেহী বেগমে কয় যে এই বিধেয়ক দ্বাৰা মহিলা সকলৰ এক বহুদিনীয়া সমস্যাৰ সমাধান পোৱা গ’ল। 

১২ জানুৱাৰী ২০৪৪ চন।

দেশত অতি ক্ষীপ্ৰতাৰে বৃদ্ধি পোৱা পুৰুষ ভ্ৰুণ হত্যাৰ ঘটনাসমূহত ৰাজ্যিক গৃহমন্ত্ৰী সুষমা সিনহাই উদ্বেগ প্ৰকাশ কৰে। মানৱ সম্পদ বিভাগৰ পৰা প্ৰদান কৰা এক লিখিত বিবৃতিত কোৱা হয় হয় বিংশ শতিকাৰ শেষৰ ফালে হোৱা ব্ৰেইন ড্ৰেইনৰ দৰে, ভাৰতৰ পৰা পুৰুষ ড্ৰেইনৰ ঘটনা বৃদ্ধি পাইছে, ভাৰতৰ ওচৰ পাজৰৰ দেশবোৰে সৰল টাৰ্মচত বিয়া পতাৰ সুবিধা দি এইসকল পুৰুষক আকৰ্ষণ কৰিছে।

১৮ নৱেম্বৰ ২০৪৫ চন

যোৱা দুবছৰ ধৰি ভাৰতত এখনো বিয়া নোহোৱা ঘটনাই আজি গিনিজ বুক অৱ ৰেকৰ্ডচ স্থান লাভ কৰে। লগতে ভাৰত পৃথিৱীৰ ভিতৰতে সকলোতকৈ দ্ৰুতগতিত জনসংখ্যা হ্ৰাস পোৱা দেশ বুলিও পৰিগণিত হয়।

১১ জানুৱাৰী, ২০৫০ চন

আজিকালি সমগ্ৰ দেশতে দেখা গৈছে যৈ কোনো পুৰুষেই বিয়া পাতিবলৈ ইচ্ছা নকৰে। কোনো কোনো পুৰুষে সন্তান বিছাৰিলে ক্লনিং কৰাই লোৱা সুবিধা ইতমধ্যে ভাৰতৰ সকলো প্ৰাথমিক চিকিৎসা কেন্দ্ৰতে উপলব্ধ হৈছে। তথাপিও কিছুমান মানবীয় অনুভূতি জীয়াই ৰখাৰ প্ৰয়োজনীয়তা কথা উপলব্ধি কৰি আজি লিডুৰ জয়ৰামপুৰত এক গাম্ভীৰ্য পূৰ্ণ অনুস্থানত বিশ্বখ্যাত খাৰঘৰীয়া এণ্ড কোম্পানীৰ সহযোগত নিৰ্মান কৰি উলিওৱা “ইৰেজেবল, প্ৰগ্ৰামেবল, ডিচপ’জেবল হট এণ্ট ব্ল’ণ্ড ৱাইফি” নামৰ এটা ৰবট বজাৰলৈ মুকলি কৰি দিয়া হয়। অতি অত্যাধুনিক প্ৰযুক্তিৰে নিৰ্মান কৰি উলিওৱা এই ৰবটে গৰাকীৰ মুড বা মানসিক অৱস্থা স্বয়ংক্ৰিয় ভাৱে অনুমান কৰি সেই মতে নিজৰ চেহেৰা, মাত, ড্ৰেছ, ফিগাৰ আদি সলাই লব পাৰে, আৰু গৰাকী অকলে থাকিব বিছাৰিলে নিজে নিজে স্লীপ ম’ডত গুচি যায়। সম্পুৰ্ণ চ’লাৰ পাৱাৰত চলা এই ৰবটক কোনো ধৰণৰ মেইণ্টেনেন্সৰ প্ৰয়োজন নহয় বুলি কোম্পানীৰ মূখপাত্ৰ কিনাৰাম খাৰঘৰীয়াই সংবাদ মাধ্যমৰ আগত ব্যক্ত কৰে।

No comments:

Post a Comment