Monday, March 23, 2015

মই কবিতাৰ ৰজা

মই কবিতাৰ ৰজা,
কবিতা যে লাগে মোৰ মজা,
বাটে ঘাটে, হাটে বজাৰে
কবিতা লিখি যাও অনবৰত,
তাৰ বাবে কিছু কমিছন পাও,
সেই পইচাৰে ফটিকা খাও
আৰু বেশ্যালয়লৈ যাও!!
কবিতা প্ৰাণ যে মোৰ চৰিত্ৰ,
নৰ্দমাৰ বোকাইয়ো
কৰিব নোৱাৰে তাক কলুষিত !!!

সুন্দৰী নাৰী, ৰূপকুমাৰী, মোৰ প্ৰথম পচণ্ড
কলমেৰে অনায়াসে তেওক কৰি দিও বিবস্ত্ৰ!!
উন্মেষণ কৰো, লেহন কৰো,
দেহৰ গোপন মাধুৰ্য্য,
এয়া মোৰ অধিকাৰ, কবিতাৰ ৰজা হোৱাৰ,
অশ্লীলতাৰ দোষৰ পৰা মই সদায়ে মুক্ত !!

মোৰ টেবুলত, আলনাত, বিচনাত
অনাদৰে পৰি থাকে,
লাখ লাখ অনুৰাগীৰ মৰম আৰু হৃদয়;
কেতিয়াবা মন গ'লে তাৰে এটা
চেলেকি চাও,
বা দলিয়াই পেলাও লগে লগে,
এয়ে মোৰ নিচা, এয়ে মোৰ খেলা!!
কাৰণ মই এক সৃষ্টিশীল কবি,
মোৰ লাগে নিত্য নতুন প্ৰেৰণাৰ উৎস।
সকলো দোষৰ পৰা মই সদায়েই মুক্ত !!


{শ্ৰদ্ধাৰ কবি লিলিমাই কুমাৰলৈ উৎসৰ্গিত }

No comments:

Post a Comment