Sunday, July 19, 2015

মোৰ আসক্তিৰ বৰষুণ, translation of Agniswar Mitra's update " My fascination with rain:"

ভাই বন্ধু Agni ৰ এটা ষ্টেটাছ আপডটে মনটো কিবা কিবি কৰি দিলে, ইংৰাজীত দিয়া অগ্নিৰ আপডেটটো অসমীয়ালে অনুবাদ কৰিবলে চেষ্টা এটা নচলাই থাকিব নোৱাৰিলোঁ, 

মোৰ আসক্তিৰ বৰষুণ

ধুবুৰীত কটোৱা মোৰ সৰুকালটো, বন্ধুবোৰ আৰু বহুতো স্মৃতি আজিও সেউজীয়া আৰু তাৰে কিছু জোখতকৈ অলপ বেছি বৰ্ষাসিক্ত। গৌৰীপুৰ ফিল্ডৰ গোৰোহা ডুবা পানীত বোকা খচকা আৰু বৰষুণৰ বতৰত চিলড্ৰেন পাৰ্কৰ সন্ধিয়াবোৰ মোৰ সোঁৱৰণিৰ কেচুৱাকাল। অহহ,..... ক্ষমা কৰিব, সেইবোৰ আচলতে একোখন ফুটবল খেলহে আছিল, বৰ্ষামূখৰ সন্ধিয়াৰ। নদীৰ পাৰৰ লখনদাৰ দোকানৰ একাপ একাপ গৰম ৰঙা চাহত সশব্দে চুমুক মাৰি কৰা গেমপ্লেন আৰু... লগতে প্ৰেমপ্লেন, স্মৃতিৰ ক’লা বগা ফ্ৰেমৰ পৰা পোনে পোনে তুলি অনা একো একোখন জীৱন্ত ছবি। একেটা চিগাৰেটৰে ভাগ বিছাৰি, বৰষুণত জুৰুলি জুপুৰিহৈ আঁহত গছজোপাৰ তলত জুম বন্ধা, মোৰ বাবে বন্ধুত্বৰ সৰ্বোত্তম উপলব্ধি। 


বৰষুণৰ মাজেৰে, পানীৰে ভৰা পথাৰৰ মাজৰ পকা বাটটোৰে তীব্ৰবেগেৰে চাইকেল চলাই আহি, পিছফালৰ ভগা খিৰিকীখনেৰে ক্লাছৰূমত জাপ মাৰি সোমালোঁ, ঘণ্টা পৰাৰ এক মুহূৰ্ত আগতে প্ৰথম বেঞ্চত বহী এখন দলিয়াই দি নিজৰ স্থান সুৰক্ষিত কৰিলো। সেই ৰাজ কাপুৰৰ “আৱাৰা হুঁ” ক্ষণবোৰ, এনে বদমাছি বোৰ কৰি উঠাৰ পাছৰ সন্দিগ্ধ, উৎসুক, আৰু অলপ অলপ ভয়ৰ ছাঁ পৰা কিশোৰ মুখবোৰ, মোৰ মুকলিমূৰীয়া দিনবোৰৰ অমলিন একোখন স্থিৰচিত্ৰ। 

কলেজত পঢ়ি থকাৰ সময়লৈয়ে বৰষুণৰ সৈতে মোৰ প্ৰেম দুৰ্বাৰ গতিত চলি থাকিল, পিছে তাৰ পাছত লাহে লাহে সেই উৎসাহ সাগৰত ভাঁটা আহিল। তাৰ বাবে ধন্যবাদ দিব লাগিব কেৰিয়াৰ নামৰ সেই নিগনি দৌৰ আৰু মহানাগৰিকৰ জীৱনধাৰাক। লাহেকৈ সংসাৰ হ’ল, আৰু মোৰ জীৱনটোৰ অংশীদাৰ এজন বাঢ়ি যোৱা বাবে দেশ-কালৰ নিয়ম নীতি (মানে গৃহমন্ত্ৰীৰ) মানি চলিব লগা অৱস্থা এটা আহি পৰিল । তথাপিও, মাজে মাজে, লোকচক্ষুৰ আঁৰত, মই মোৰ প্ৰথম প্ৰেমিকাৰ লগত অহেতুক অভিসাৰ কৰিবলে নিত্যনতুন কৌশল উদ্ভাৱন কৰি থাকিলো, যেনে ধৰক, দেওবাৰে বৰষুণত তিতি তিতি বিয়েৰ এবটল লৈ বাইকখন ধোৱা, অফিচৰ টেনচন বুলি কৈ দবাপিটা বৰষুণত ছাদৰ ওপৰত পায়চাৰি কৰা। 

বৰষুণ আৰু মোৰ প্ৰেম আচলতে একপক্ষীয় নহয় যেনেই লাগে, কাৰণ মই আজিলৈকে বৰষুণত তিতাৰ বাবে পানীলগা জ্বৰত ভোগা নাই, টাচ্ছ উড! বৰষুণত খোজ কঢ়াতকৈয়ো ভাল লাগে বাইক চলাই, পিছে আজিকালি গুৱাহাটিত বৰষুণত তিতি বাইক চলোৱাৰ আমেজ লোৱা বৰ সুবিধাজনক কথা নহয়, হিতাহিত জ্ঞানৰ অক্ষয় ভাণ্ডাৰ, ছুমাখাৰৰ দৰে গাড়ী চলাব জনা, ধনীৰো ধনী আও ধনী মানুহবিলাকৰ প্ৰকোপত মোৰ সেই অভিপ্সাক সমাধি দিব লগা হ’ল। তথাপিও সুবিধা পালেই মই মোৰ বাইকখনত উঠি গাল দুখনত বৰষুণৰ টোপালবোৰৰ আঘাত উপলব্ধি কৰিবলৈ চেষ্টা কৰো।আকৌ এবাৰ জী লও মোৰ অভিসাৰী জীৱন !

চাওচোন, কিমান দিন এই পৰকীয়া প্ৰেম চলাই থাকিব পাৰোঁ.................

Agni's original Facebook update

My fascination with rain:



I have wonderful memories of growing up in Dhubri with friends and some of them are absolutely drenched in rains. The mudslinging in ankle deep water in Gauripur Field and Children’s park during the rains are memories which are as permanent as me. Oh sorry. Those were actually football games played during the rainy afternoons. Those small glasses of hot tea at Lakkhan Da’s shop by the riverside while discussing game or prem (love) strategies are moments straight out of the monochrome frames. Those huddles under the trees while raining to share a cigarette were moments of undiluted friendship.

Those moments of cycling in the rain to school and entering the classroom through the broken back window to keep a copy on the first desk much before the school timing just to occupy it. That Raj Kapoor moment and those curious, prying yet frightful expressions on those adolescent faces during one such trespassing. I can never forget those wonderful and carefree days.
I carried on with my love affair with rains through college but the intensity of love lessened after graduation. Thanks to a city life and the rate race of life called career. As family life crept in, laws of the land (read home) changed as a second adjudicator joined the scene. Still found ways to manufacture moments of closeness, like washing the bike in the rain while drinking beer or just loitering on the rooftop while raining citing fictional tensions of office.

The love between us seems to be mutual. As I have never catch a cold because of getting drenched in the rain. Touch wood. Riding in the rains in Guwahati is no more a clean and safe proposition, thanks to the affluent citizens with excellent driving skills and common sense. But still can’t resist the gentle pricks of the rain drops on my cheeks while riding. Let’s see, how long the love affair continues..........

লিখনিটোৰ সম্পৰ্কে ফেচবুকত কেইটামান মন্তব্য :
Bijoy Mahanta বৰষুনত বাইক চলাই খুব ভালপাও মই।ডাঙৰ বৰষুনত ড্ৰাইভ কৰোতে গ্লাচ অকনমান খুলি দুই এটোপাল পানী গাত পৰিবলে দিও

Trishna Borgohain  
বৰষুণ প্ৰেমৰ বহুত শতৰু .....বৰষুণৰ দুবাহুত আলিঙ্গনৰ আমেজ লৈ থাকোঁতে সদাযে পাহৰি গৈছিলোঁ বাহিৰত তিতি থকা কাপোৰবোৰৰ কথা.মায়ে কৈছিল "এই ছোবালীজনীৰ একো কথাই গাত নালাগিল" এতিযাও ."..এই মানুহজনী...."
আস...কিমান কঠিন এই প্ৰেম বচাই ৰখা...

No comments:

Post a Comment