Sunday, July 19, 2015

ভাল কবিতা বনাম বেয়া কবিতা

বন্ধুবৰ মেৰিলীন দত্তৰ বাতৰি কাকতত প্ৰকাশ পোৱা ফেচবুকৰ কবিতা সম্পৰ্কীয় লেখাটো পঢ়িলো। সকলো কথাতে একমত হব নোৱাৰিলেও, ভাল লাগিল, এক নিৰপেক্ষ বিশ্লেষন কৰাৰ প্ৰচেষ্টা কৰা বাবে। মই কবি নহয়, কিন্তু মাজে মাজে কবিতা পঢ়ো, ভাল লাগিলে ভাল লাগিছে বুলি কও, নেলাগিলেও, লাইক এটা মাৰি থৈ দিও, কবিতা লিখা জনে উৎসাহ পাওক বুলি। কাৰণ আনৰ কবিতাক বেয়া বুলি কবলৈ মোৰ অধিকাৰেই নাই, অৱশ্যে মেৰিলীনৰ দৰে বন্ধুৰ কবিতা হ'লে পোনপটীয়াকৈ কৈ দিও, যি ভাৱো। যিজন লোকৰ লগত কেইটামান মূহুৰ্ত কটোৱাৰ সুবিধা পোৱা বাবে, মই এনেদৰে ভাবিবলে বাধ্য হ'লো সেইজন হ'ল হীৰুদা, কলেজৰ আলোচনীৰ বাবে তেখেতৰ এটা সাক্ষাৎকাৰ লবলৈ গৈ মোৰ এইকণ সৌভাগ্য হৈছিল। মাত্ৰ কেইঘণ্টা মানৰ সেই সান্নিধ্যই মোক কবিতাৰ বিষয়ে এনেদৰে ভাবিবলৈ সুবিধা দিলে। 


১। কবিতা বা যিকোনো কলাৰ সংজ্ঞা নিৰ্ধাৰণ কৰা কঠিনেই নহয়, আচলতে বৰ দৰকাৰী কামো নহয়। কাৰণ সংজ্ঞাই সৃষ্টিশীলতাক সীমিত কৰি পেলাব পাৰে। সৃষ্টিশীলতাৰ প্ৰয়োজনতেই আধুনিক কবিতাই মিত্ৰাক্ষ ছন্দ বা ছনেট, পদ্য আদিৰ গন্দীৰ পৰা নিজকে মুক্ত কৰিলে। তথাপিও দুই এটা গাইডলাইন বা নীতি থকা প্ৰয়োজন । আজিকালি আধুনিক কলাৰ জগতখনত ডিকনচট্ৰাকচনৰ গুৰুত্ব অপৰিসীম, ভাঙিবলৈহে নিয়ম বোৰ লাগে। কিন্তু তাৰ বাবে, বিজ্ঞানৰ দৰে সৰ্বসন্মত সংজ্ঞা নিৰ্ধাৰণ কৰিবলে যোৱাতো এক অপ্ৰয়োজনীয় আৰু অহেতুক প্ৰয়াস। 

২। এজন লিখকে (কবি হওক বা নহওক) কবিতা এটা আচলতে নিজৰ বাবেহে লিখে, নিজৰ আনন্দৰ বাবে, (মই ইয়াত শ্বায়েৰীৰ দৰে পাৰ্ফৰমিং কবিতা বিলাকক বাদ দিছো), নিজৰ কিবা এটা অনুভুতিক শব্দৰে বান্ধিবৰ বাবে, আৰু ইয়াত সাধাৰণতে পোনপটীয়া প্ৰকাশভংগীক এৰি চলা যায়, শব্দৰে খেলা কৰি বাস্তৱ পৃথিৱীৰ কথা এটা এক ৰহস্যময়তাৰে প্ৰকাশ কৰা হয় । কবিতা এটা লিখি লিখকজনে এক অনিৰ্বচনীয় সুখ অনুভৱ কৰে, আৰু সেয়েই কবিতাৰ আটাইটকৈ ডাঙৰ উপলব্ধি। পিছে সকলোৰে নিজস্ব ক্ষমতা আৰু শব্দৰ ওপৰত নিয়ন্ত্ৰণ একে নোহোৱা বাবে, কেতিয়াবা তাৰে কোনোবোৰ অ‌ফিচিয়েলী কবিতা হয়, প্ৰায়বোৰেই নহয়। 

৩। ইয়াৰ পাছতহে তাৰে কিছুমান কবিতা পাঠকৰ ওচৰ পাইগৈ, বিভিন্ন মাধ্যমেৰে, তাৰ ভিতৰত ফেচবুকো এটা। পাঠক এজনে যেতিয়া আনে লিখা কবিতা এটা পঢ়ে, তেওৰ পক্ষে কবিতাতো লিখাৰ সময়ত লিখকজনৰ মানসিক অৱস্থা অনুধাৱন কৰা সম্ভৱ নহয়, গতিকে তেও নিজৰ মানসিক অৱস্থা আৰু পৰিপক্কতাৰ ওপৰত ভিত্তি কৰিহে কবিতাটো গ্ৰহণ কৰাৰ চেষ্টা কৰে।এইখিনিতে হীৰুদাই কোৱা কথাটো মনত পৰে, কবিতাৰ দূৰ্বোধ্যতা সম্পৰ্কে- কবিতা বা যিকোনো কলা, বুজাতকৈয়ো উপলব্ধি বা অনুভূতিৰ হে বস্তু, নিউটন গতিৰ দ্বিতীয় সূত্ৰ নহয় যে একেবাৰে শুব্ধকৈ আৰু পাত পাতকৈ নুবুজিলেই ফলাফল শূণ্য। আৰু সেই পাঠকৰ উপলব্ধিটো লিখকজনৰ লিখাৰ সময়ত হোৱা উপলব্ধিৰ লগত একে হবই লাগিব বুলি কোনো কথা নাই। পাঠক জনে কবিতাটো পঢ়ি থকাৰ সময়ত যদি তেওৰ মনোজগতত কিবা আলোড়ন উঠে, তেন্তে সেইটো পাঠকজনৰ বাবে জীৱন্ত কবিতা, যদি নুঠে, তেন্তে মৃত। অৱশ্যে মোৰ বাবে মৃত কবিতা এটাও আনজনৰ বাবে জীৱন্ত হব পাৰে, কাৰণ গোটেই বস্তুটো আচলতে পাঠকজনৰ ওপৰতে নিৰ্ভৰ কৰে। 

৪। কিছুমান লিখকে চিউড' কবিতা লিখে, ব্যৱসায়িক প্ৰয়োজনত, মানে নিজস্ব একো অনুভূতি নোহোৱাকৈয়ে কবিতা ৰান্ধে, পিছে তেনে কবিতা এটাও কোনো পাঠকৰ জীৱনৰ প্ৰিয়তম কবিতা হৈ পৰিব পাৰে। আচলতে হৈয়েই থাকে। সেয়ে এজন বিখ্যাৎ প্ৰতিষ্ঠিত কবিৰ সকলো কবিতাই এজন বিশেষ পাঠকৰ বাবে জীৱন্ত বা ভাল কবিতা হব লাগিব বুলি কোনো নিয়ম নাই। 

৫। আপুনি ফেচবুক বা আলোচনীত পোৱা কোনোবা এটা কবিতা অতি নিকৃষ্ট যেন লাগিব পাৰে। কিন্তু তাত আপোনৰ কৰিব লগা বিশেষ নাই, কাৰণ আন কোনোবাই হয়তো সেইটো কবিতা সাংঘাটিক ভালো পাব পাৰে। ধৰক, ঘৰত বহি টিভি চাই থাকোতে আপোনাৰ জুবিনৰ তপিনা গানটো শুনিলে কানমূৰ ৰঙা পৰি যাব পাৰে, কিন্তু শেহনিশা বন্ধ-বান্ধৱৰ লগত অলপ ফুৰ্তি ফাৰ্তা কৰি বিহু ফাংচন চাই থাকোতে সেই গানটোৱেই আপোনাৰ পৃথিৱীৰ শ্ৰেষ্ঠ গান যেন লাগিব । গতিকে কবিতা এটা পঢ়ি আপোনাৰ যদি বেয়া লাগিছে, বা অন্তৰত কোনো ভাৱৰ উন্মীলন হোৱা নাই, তেন্তে সেইটো আপোনাৰ বাবে মৃত কবিতা। আপুনি এটা কামেই কৰিব পাৰে...নপঢ়িব কবিতাটো । বচ হৈ গ'ল। 

৬। প্ৰতিষ্ঠিত কবি কাক কয়? যি সকল কবিতা লিখকে সংখ্যাগৰিষ্ঠ পাঠকৰ মনোজগত স্পৰ্শ কৰিব পাৰে, বহু লোকৰ বাবে কবিতাটো জীৱন্ত কবিতা হৈ পৰে, তেওলোকেই জনপ্ৰিয় কবি। কিন্তু তেনে বহু জনপ্ৰিয় কবিয়ে কেতিয়াবা সৰু সুৰা নিম্নস্তৰৰ ভাৱধাৰাৰ বশৱৰ্তী হৈ আনক নিৰুৎসাহ কৰিবলে চেষ্টা কৰা পৰিলক্ষিত হয়। আচলতে সৃষ্টিশীলতাৰ ফালৰ পৰা এজন কবিৰ, আন এজনৰ লগত কোনো প্ৰতিযোগীতাই হব নোৱাৰে, যদি হয়, তেন্তে সি কেৱল ব্যৱসায়িক কাৰণতহে হব পাৰে। 

৭। ফেচবুকত কবিতা লিখাসকলে আচলতে সৰ্বসাধাৰণ পাঠকৰ বাবে নহয়, নিজৰ কেইজন মান বন্ধুৰ বাবেহে কবিতাটো প্ৰকাশ কৰে, কেৱল ফেচবুকত কবিতা লিখি কোনেও বিখ্যাত কবি হোৱাৰ বাঞ্ছা নেৰাখে...গোটেই কথাটোৱেই একেবাৰে ব্যক্তিগত কথা। তাত প্ৰতিষ্ঠিত অগ্ৰজ সকলে মূৰ ঘমোৱাৰ কোনো আৱশ্যক নাই। অৱশ্যে কিছু লোকে ফেচবুকত কবিতা লিখি হকে বিহকে মানুহক টেক কৰা কথাটো অতি বিৰক্তকৰ, তাত কোনো দ্বিমত নাই। পিছে এই টেগিং কৰা কামটোৰ লগত অসমীয়া আধুনিক কবিতাৰ ভৱিষ্যত সাঙোৰ খুৱাই পেলোৱাতো অপৰিপক্কতাই বুলিব লাগিব। মই মোৰ ৱালত এটা অতি নিকৃষ্ট প্ৰেমৰ কবিতা লিখিলো, কেইটামান বন্ধুৱে লাইক দিলে, কেইটামানে কিহৰ ট্ৰেজেডী বুলি শুধিলে, কেইটামানে তোৰ মাথাটো লিখিছ বুলি ক'লে, দুজনী সুন্দৰীয়ে দাদা আপোনাৰ কবিতাটো ভাল লাগিল বুলি ইনবক্স কৰিলে, দুঘণ্টা পাছত সকলোৱে পাহৰি গ'ল !!! এই সৰু ব্যক্তিগত কথাটোৰ পৰানো অসমীয়া কবিতাৰ ভৱিষ্যত কেনেকৈ অন্ধাকাৰলৈ নিক্ষেপ হ'ল? 

৮। অসমত বহু দিনৰ আগৰপৰাই কবিতা পঢ়াতকৈ লিখা মানুহৰ সংখ্যা প্ৰয়োজনতকৈ বেছি, এইটো বৰ অপ্ৰিয় সত্য। পিছে ফেচবুকত লিখিবলে লোৱাৰ পৰা আন নহলেও এটা ভাল কাম হৈছে, ইণ্টাৰনেটত অসমীয়া সমল বাঢ়িছে, সেইটো এই সময়ৰ অতি প্ৰয়োজনীয় কাম। যিটো কাম অসমীয়া সহিত্যৰ স্বয়ম্ভূ কাণ্ডাৰী কিছুমানে নিজৰ অজ্ঞানতাৰ বাবে, একেবাৰে অৱজ্ঞা কৰি, ভাষাটোক এক অনিশ্চিত ভৱিষ্যতৰ মাজলৈ ঠেলি দিছে। 


বি. দ্ৰ. :- মোৰ জীৱনৰ কেইবাটাও প্ৰিয় কবিতা মই ফেচবুকতে পঢ়িছো। 


লিখাটোৰ ওপৰত ফেচবুকত কেইটিমান মন্তব্যঃChandrama Kalita কথাখিনি ভাল লাগিল।‌ গোটেইখিনি কথাৰ সৈতে একমত হ'ব পাৰি।‌ মানুহবোৰে মিছাতে হাল্লা কৰি থকাৰ প্ৰয়োজন নাই বুলি ভাবো।‌ কবিতা কবিৰ একান্ত ব্যক্তিগত ভাৱবিলাক কলাৰূপে প্ৰকাশ কৰাৰ চমৎকাৰী কৌশল বুলি ভাবো।‌ কবিতা লিখো বুলি শাৰী কিছুমান সজাই দিলেই সি কবিতা হৈ নুঠে।‌ অন্তৰৰ উপলব্ধিবোৰ শব্দৰে সজাই তুলিলেহে সেয়া কবিৰ কবিতা হয়।‌ পঢ়োতাই একাত্ম হ'ব পাৰিলে সেই কবিতাই আনৰো সমাদৰ পায়।‌

Diganta Bordoloi

সচৰাচৰ ফেচবুকত লিখা ইমান দীঘলীয়া কথা মই পঢ়ি শেষ কৰিবলৈ বৰ টান পাওঁ । আপোনাৰ কথাখিনি কিন্তু ধৈৰ্য সহকাৰে পঢ়িলোঁ । সুন্দৰ ।
 


Jaysree M. Gogoi 

দত্ত ডাঙৰীয়াই কি লিখিছে মই এতিয়াও দেখা বা পঢ়া নাই । তেওঁ মোৰো বন্ধু , আপোনি মোৰ বন্ধু নহয় যদিও পোষ্ট টো public হোৱাৰ বাবে পঢ়িলো , আৰু আপোনাৰ চিন্তাৰ সৈতে পূৰ্ণ সমৰ্থন প্ৰকাশ কৰিলো । যদিওবা মোৰ কবিতাৰ জ্ঞান শূণ্য ৰ ঘৰত , সাহিত্যৰ ছাত্ৰী হিচাবে আৰু পঢ়ি ভালপাওঁ বাবেই পঢ়ো । ভাল লাগিল আপোনাৰ কথা খিনি ।

সুন্দৰ ।মোৰ মনৰ কথাখিনি আপোনাৰ লিখনিত পাই ভাল লাগিল। ধন্যবাদ
 

No comments:

Post a Comment