Friday, January 11, 2013

প্ৰয়োজন

 প্ৰচণ্ড ভীৰ দোকানখনত, থিয় হোৱাৰ ঠায়েই নাই। প্ৰায়বিলাক গ্ৰাহকেই বিবাহিতা মহিলা, আৰু প্ৰায় সকলোৰে লগতে তেওলোকৰ পতিসকল। শৰ্মাই এবাৰ পুৰুষ কেইজনৰ মুখত চকু ফুৰালে, সকলোৰে মুখৰ ভাৱ ভংগীত কিবা যেন সাদৃশ্য বিছাৰি পাই আমোদ অনুভৱ কৰিলে তেঁও। পূজাৰ বতৰ, তাতে শাৰীৰ দোকান, দোকান নহয় কাপোৰৰ মহাৰণ্য যেন এখন, যেনিয়েই চকু যায় তেনিয়েই শাৰী, ৰং বিৰঙী, বিভিন্ন ডিজাইনৰ শাৰীয়েই শাৰী। একোখন শাৰী বিক্ৰী কৰিবলৈ চেলচমেন কেইজনে কমেও পোন্ধৰখন শাৰী দেখুৱাব লগা হয়, তথাপি তেঁওলোকক বিৰক্ত হোৱা যেন লগা নাই। ৰাতি আকৌ এই গোটেই মেল খাই থকা শাৰীবোৰ জাপিব লাগিব ছাগে তেঁওলোকে..কথাটো ভাবি শৰ্মা মনে মনে অলপ আচৰিত হ’ল। এবাৰ শ্ৰীমতীৰ পিচল শাৰী এখন দুঘণ্টা চেষ্টা কৰিও জাপিব নোৱাৰা কথাটোলে মনত পৰিল।

-“এইখন চোৱাচোন...ডিজাইনটো ইমান আন কমন..ভাল লাগিছে নে ?”

শ্ৰীমতীৰ মাতত শৰ্মা বাস্তবলৈ ঘুৰি আহিল।

- “অঁ, ..অঁ..ভাল লাগিছে..”

- “আৰু এইখন??”

- “এইখনো ঠিকেই আছে..”

- “কোনখন বেছি ভাল লাগিছে ভালকে কোৱানা..”

এতিয়াহে বিপদত পৰিল শৰ্মা। তেঁওৰ চকুৰে বিশেষ একো পাৰ্থক্য দেখা নেপালে । নীলা ৰঙৰ খনৰ দাম অলপ কম হব যেন লাগিছে, ইখনত বহুত বেছি ফুল জালি আছে। দোকানখনত সোমোৱাৰ পৰাই শৰ্মাই আজি হবলগীয়া খৰছৰ মোতামোতি অনুমান এটা কৰিবলৈ চেষ্টা কৰি আছিল, দুই তিনি হেজাৰত সাধাৰণতে ভাল শাৰী এখন পোৱা যায়, পিছে শৰ্মানীৰ আকৌ যি হে চখ, কেনেবাকে চাৰি - পাঁচ হেজাৰ টকীয়া এখন পচণ্ড কৰি পেলালে বাজেট নিমিলিবগৈ। বহুদিনৰ আগৰে পৰা শৰ্মাই শ্ৰীমতীক কৈ আছিল পূজাত কিমান খৰছ কৰিম বুলি ভাবিছে তাৰ হিচাপ এটা দিবলৈ; তাকে লৈ দুদিনমান গৃহকন্দলো নোহোৱা নহয়। শ্ৰীমতীৰ আত্মসন্মানত লাগিল, পূজা বুলি কিবা এটা লব খুজিলেও আগতীয়া এষ্টিমেট লাগে!! শৰ্মাই ভনীয়েকক বিয়া দিওতে এষ্টিমেট কৰিছিলেনে?? আৰু মাকৰ চিকিৎসাৰ সময়ত?? আৰু দোকানত কোনখন শাৰী পচণ্ড হব তিনিমাহ আগতেই কৈ দিব পাৰি নেকি??

- “ কি হেবাংটোৰ নিচিনাকে মুখলে চাই আছা?? কোনখন ভাল লাগিছে কোৱা আকৌ। কিযে মানুহটো, এইকন হেল্প-ও কৰিব নোৱাৰে।”

- “হাঁ..অঁ..নীলা খন লোৱা বুজিছা..সেইখন বেছি ভাল লাগিব”।

- “হয় নেকি?”

শ্ৰীমতীৰ মুখখন সেমেকি যোৱা যেন লাগিল।

- “মোৰ আকৌ এইখনহে বেছি ভাল লাগিছিল”

- লোৱা তেতিয়াহ’লে, তোমাৰ পচণ্ড হলেই হ’ল। কিমান দাম এইখনৰ?

তেতিয়াৰ পৰা সুধিম সুধিম বুলি ভাবি থকা প্ৰশ্নটো সোধাৰ এয়েই উপযুক্ত সময় বুলি ভাবিলে শৰ্মাই। পৰীক্ষাৰ ৰিজাল্টলৈ বাট চাই থকাৰ দৰে অলপ উত্তেজনাও অনুভৱ কৰিলে তেঁও।

- দামটো অলপ বেছি, হবই আৰু ইমান ধুনীয়া হয়নে নহয় কোৱা?

- কিমান নো দামটো?

- আঠহেজাৰ কৈছে। মই কমাম নহয় ৰ’বা।

শৰ্মাৰ উত্তৰলৈ বাট নাচাই, এইবাৰ শৰ্মানী চেলচমেনজনৰ লগত মহা উৎসাহেৰে দৰদাম কৰাত ব্যস্ত হ’ল। অৱশেষত আঠহেজাৰ সাতশ পঞ্চাছ টকীয়া শাৰীখন দুশ পঞ্চাছ টকা কমাই কিনা হলগৈ। শ্ৰীমতীৰ উজ্জল হৈ পৰা মুখখনলৈ চায় শৰ্মাই গণি গণি পইছা কেইটা দিলে।

-“ত্ৰিবেণী শাৰীজ”ত এইখন ন দহ হেজাৰৰ তলত কেতিয়াও নেপাও”। - দোকানৰ পৰা ঘৰলৈ গৈ থাকোতে শ্ৰীমতীয়ে উৎসাহেৰে কৈ গ’ল—“ বহুত সস্তা ইয়াত বুজিছা..মোকটো দেখিলে চেলচমেন কেইটাই ভয়েই কৰে, ফিক্স ৰেট হ’লে কি হব- মই এৰিম নেকি? অৱশ্যে ফিক্স ৰেটৰ দোকানবোৰ ভাল..কোৱালিটি ভাল হয়, ......বহুত থেংকিউ দেই তোমাক....সঁচাকে কৈছো..ইমান ধূনীয়া শাৰীখন...তোমাৰ দিগদাৰ নহয় তো?? ..এইবাৰ পূজাত কিন্তু য়েল্ল' ছিলিত খাম দেই..কিমান দিনৰ পৰা যে তোমাক কৈ আছো......”

শৰ্মাই কব নোৱাৰাকৈয়ে নিজৰ পেটটো লাহেকৈ এবাৰ মোহাৰিলে। দুবছৰ মান ধৰি ওপৰপেটত হৈ থকা বিষটো কিছুদিনৰ পৰা অলপ বেছি হোৱা যেন লাগিছে শৰ্মাৰ। ডাক্তৰৰ ওচৰলে যাবই লাগিব নেকি? আজিকালি আকৌ ডাক্তৰ বুলিলেই দুই তিনি হেজাৰ টকাৰ কথা আহি পৰে নহয়...........................
...
পূজা-চূজা বোৰ যাওক চোন বাৰু.............
××××××××
 

No comments:

Post a Comment