Tuesday, February 18, 2014

ড’ৰেমন আৰু জিয়া (অকবত প্ৰকাশিত)

সেইদিনা স্কুল বন্ধ আঠাইছ নৱেম্বৰ,
ৰেমন পুৱাতে আহি ওলাল আমাৰ ঘৰ;
ফোঁপাই জোপাই ঘট ঘটকে পানি গিলাছ খাই,
সুধিলে সি দেশৰ খবৰ গম পাৱনে নাই?
মই কলো এইকেইদিন ওলোৱা নাই ভাই,
পৰীক্ষা আহি আছে, পঢ়া হোৱা নাই।
শুণ তেনে দিও তোক খবৰ গোটেইবোৰ,
যদিহে গেৰাণ্টি দিয় বোলে মূৰ নুঘুৰাই মোৰ
বেনটেনৰ বাপেক যে কমল চন্দ্ৰ বৰা,
কেচুৱা এটা আনিলে তেঁও হস্পিটেলৰ পৰা,

তাকে লৈ গপত ফুলি আছে বেন টেন,
কেচুৱাটোৰ নাম আকৌ বেন ইলেভেন। 
ছোটা ভীমে অংকত বোলে গোল্লা এটাহে পালে,
মাকে তাক কাণত ধৰাই আঁঠু কঢ়াই থলে। 
হাগেমাৰুৰ পেট বেয়া হল কুৰকুৰে খাই,
তেত্ৰিছ বাৰ লেট্ৰিন কৰি,  আছে চেলাইন লৈ।
টমে জেৰীক খেদিব  এৰি বাবাজী হল,
লোভ, মোহ, মাছ, নিগনি সৱ বাদ গল।
হেৰি প'টাৰ আৰু নিনজা হাটুৰিৰ কাজিয়া লাগিলে,
হাটুৰিয়ে হেনো হেৰি পটাৰৰ চচমা ভাঙিলে। 
চিম্বা,  নালা, টিমন, পুম্বাৰ কোনো খবৰ নাই,
হাকুনা মাটাটালৈ যাও বুলিলেই মাৰ উঠে ফাঁই।
বাৰ্বী জনীৰ যিহে ইষ্টাইল দেখিব নোৱাৰো মই,
কাট্ৰিনা কাইফ বুলি ভাৱে নিজকে বুজিছনে তই?
পৰহি তাই লিপষ্টিক লগাই স্কুল গৈছিলে,
বিজ্ঞানৰ চাৰে ছবৰে আগতে ঠিকছে দুচাট দিলে।
বাৰু এতিয়া যাঁও মই বহুত দেৰি হল,
আচল কথাটো তোক দেখোন কোৱাই নহল।
আচলতে মোক তোৰ অংক বহীখন লাগে,
ঘুৰাই দি যামহি মই গধুলিৰ আগে আগে।
হঠাৎ দেখোন গেৰেম কৈ গাজনি মাৰিলে,
চেৰেক কৈ বৰষুণ এচাটিও মুখতে পৰিলে।
খৰমৰকৈ চাই দেখো, মা, চকু টেলেকা কৰি,
এহাতত এটা পানীৰ মগ, এহাতত এচাৰি, 
দিনৰ দিনটো খেলি ফুৰিবি নহলে টিভি চাবি,
আৰু ফুটগধুলিতে পঢ়া টেবুলত বৰশী টোপাবি।
পঢ় বুলিছো বুঢ়ী মাৰক চিনি পোৱা নাই,
নহলে তোৰ ফালিম পিঠি, কোবাই কোবাই।
ধেৎ তেৰিকা তাৰমানে সপোনহে দেখিলোঁ মই,
ইংলিছ কিতাপখন মেলি ললো, ডৰেমন বাই বাই।

No comments:

Post a Comment