Tuesday, February 20, 2018

= লেখকৰ ইমেজ=




অসমত আন যিয়েও নহওক, যিখিনি মানুহে লিখা মেলা কৰে, তেওলোকৰ  এটা সুকীয়া সন্মান আছে! আৰু সেইকাৰণেই সাধাৰণ পাঠকে তেওলোকৰ পৰা আশাও বেছিকৈ কৰে। জাতিটোৰে হওক, ব্যক্তিগতই হওক, বিপদৰ সময়ত এই মানুহখিনিয়ে কিবা এটা পথ দেখুৱাব বুলি ভাৱে। আন বৃ্ত্তিত জড়িত লোকসকল বহু অভিজ্ঞ বা পাৰ্গত হলেও, ইমানখিনি সন্মান সহজে নেপায়। সেয়ে হয়তো  অসমৰ প্ৰায়বিলাক প্ৰখ্যাত লোকেই নিজৰ লেখনিৰ মাজেৰে মানুহৰ ওচৰ চাপিবৰ চেষ্টা কৰে, লাগিলে তেও আন কোনো ক্ষেত্ৰৰে লোক হওক।  


অসমীয়া জাতিয়ে প্ৰায় সদায়ে ভুগি থকা সমস্যাবোৰৰ অন্যতম হ’ল লীডাৰশ্বিপ বা নেতৃত্বৰ অভাৱৰ সমস্যাসদায়েই দিকদৰ্শণ দিয়া মানুহৰ অভাৱ, আদৰ্শ হিচাপে লব পৰা মানুহৰ অভাৱ। তাৰ ওপৰিও আজি পৰ্যন্ত অসমত আন আন ক্ষেত্ৰ বিলাকত বিশ্বসভাত প্ৰতিষ্ঠিত লোকৰ সংখ্যা নিচেই সীমিত।  ক্ৰীড়া, শিল্প,  ৰাজনীতি, ব্যৱসায়, বিজ্ঞান, প্ৰশাসন, শিক্ষাব্যৱস্থা আদি  যিকোনো বিষয়তে বিশ্বমানৰ প্ৰতিষ্ঠা লাভ কৰা মানুহৰ সংখ্যা নগন্যই বুলিব লাগিব। অপ্ৰিয় হলেও এই কথাটোৰ সত্যতা অস্বীকাৰ কৰিব নোৱাৰি। আমাৰ মাজৰ পৰা শচীন টেণ্ডুলকাৰ, অমিতাভ বচ্চন বা লতা মাংগেশকাৰ ওলোৱা নাই। ভূপেন হাজৰিকাক বাদ দিলে সৰ্বভাৰতীয় খ্যাতিৰ লগতে অসমত সৰ্বাত্মক জনপ্ৰিয়তা থকা লোকৰ কথা পটকৈ মনত নপৰে। তাৰ কাৰণ হয়তো বহুতো আছে, কিন্তু সেয়া এই আলোচনাৰ বিষয় নহয়।



গতিকে সাধাৰণ মানুহখিনি বা ছাত্ৰ-ছাত্ৰীসকলে আদৰ্শ হিচাপে লবলৈ  পোনতেই আমাৰ প্ৰতিষ্ঠিত লেখক সাহিত্যিক সকলকে বিছাৰে, আন বিশেষ  বিকল্প নায়েই। সাহিত্যিক সকলৰ আন এটা সুবিধাও আছে।  যিহেতু সাহিত্য এক ব্যক্তিগত উপলব্ধিৰ বস্তু, সাহিত্য উপভোগ কৰিবলৈ কাৰো সংগ নেলাগে।  গতিকে গ্ৰন্থৰ যোগেৰে সৃষ্টিহোৱা পাঠক আৰু লেখকৰ এই একান্ত মুহুৰ্তবিলাকত লেখকজনে সহজে পাঠকজনৰ মনোজগতত অৱগাহন কৰিব পাৰে, ৰেখাপাত কৰিব পাৰে, তেওক সুখী পৰিব পাৰে, পথ দেখুৱাব পাৰে। 


আমাৰ সামাজিক মানসিকতাইয়ো এই ক্ষেত্ৰত এক বিশেষ প্ৰভাৱ পেলায়। অসমীয়া মানুহে জুবিন গাৰ্গক প্ৰাণতকৈয়ো ভাল পাব পাৰে, কিন্তু জুবিনক আদৰ্শ হিচাপে লবলৈ কৰবাত যেন অলপ সংকোচ থাকি যায়। ইয়াৰ বাবে কাকো দোষাৰোপ কৰিব নোৱাৰি। যুগ যুগ ধৰি গঢ় লোৱা আমাৰ সামগ্ৰিক মানসিকতা সহজে পৰিৱৰ্তন নহয়। 


কিন্তু আমি যিজন মানুহে লেখনিৰ যোগেদি আমাৰ প্ৰভাৱান্বিত কৰে, সেই মানুহজনো আচলতে কোন? আমি পাঠকে তেওক কেনেকৈ জানো? তেঁৱো এজন মানুহ, তেওৰো সুখ দুখ আছে, সাংসাৰিক জঞ্জাল আছে, সমস্যা আছে, আৰু হয়তো কিবা কিবি বেয়া গুণো আছে। যিজন মানুহক আমি লেখনিৰ মাজেৰে লগ পাও, বাস্তৱতো তেও সেইজন মানুহেই হব বুলি ধৰি লোৱা অনুচিত, আৰু সেইটো হয়তো অসম্ভৱ কথা। কিন্তু  আমাৰ দৰে সাধাৰণ পাঠকৰ বাবে সেয়া অপ্ৰয়োজনীয় কথা। 


যিজন মানুহক আমি লগ পাও, তেওৰ আদৰ্শৰে অনুপ্ৰাণিত হও, আচলতে সেইজন আচল মানুহজনৰ এটা ভাৱমূৰ্তিহে, এটা ইমেজ। সেই ইমেজটোৱেই আমাক লাগে, সেইটোহে সকলোতকৈ গুৰুত্বপূৰ্ণ কথা। তেও আচল মানুহজন নহয়। 


অলপ ব্যক্তিগত কথা কও। মোৰ জীৱনত সকলোতকৈ বেছি প্ৰভাৱ পেলোৱা ব্যক্তিজন হ’ল ড° ভৱেন্দ্ৰনাথ শইকীয়া, পিতৃ-মাতৃ আৰু কেইজন মান শিক্ষকক বাদ দিকেৱল ময়েই নহয়, আমাৰ প্ৰজন্মৰ হয়তো কমেই এনে লোক আছে, যাৰ জীৱনত শইকীয়া চাৰৰ প্ৰভাৱ নাই। আজি চাৰৰ জন্মদিনত তেখেতক শ্ৰদ্ধাৰে সুঁৱৰিছো। 


কৈশোৰ জীৱনৰ সন্ধিক্ষণৰ কঠিন সময়চোৱাতে শইকীয়া চাৰৰ লেখা পঢ়িবলৈ পাইছিলো। প্ৰান্তিকৰ লেখাবোৰ হয়তো অলপ কঠিন আছিল, তেওৰ গল্পবোৰো ভালকৈ অনুধাৱন কৰিব পৰা নাছিলো। কিন্তু সঁ‌ফুৰাৰ ‘আশাকৰো তোমালোক ভালে আছা’ৰ পৰা ‘মহাদুষ্টৰ দুষ্টবুদ্ধি’লৈকে প্ৰতিটো পৃষ্ঠা শইকীয়া চাৰৰ ব্যক্তিত্ব আৰু ভাৱধাৰাৰে  জিলিকি আছিল। কাকো সুধিব নোৱাৰা প্ৰশ্নবোৰ উত্তৰ পাইছিলো  যেন লাগিছিলকেনেবাকৈ এক গতিপথৰ সন্ধান পাইছিলো, আত্মবিশ্বাস বাঢ়িছিল, কিবা এটা কৰাৰ হেঁপাহ জাগিছিল, সাহিত্যৰ প্ৰতি আগ্ৰহ জাগিছিল, ভুত-প্ৰেত বোলা একো বস্তু নাই বুলি দৃঢ় বিশ্বাসে গা কৰি উঠিছিল, আনন্দ কৰিব লাগে বুলি বুজিছিলো। আৰু সেইখিনি আমাৰ বাবে বৰ প্ৰয়োজনীয় বস্তু আছিল। আৰু সেইটো আছিল অসমীয়া জাতিৰ এটা সন্ধিক্ষণ, এক অতি জঁটিল সময়। শইকীয়া চাৰে বহতৰ লগতে মোকো সহায় কৰিছিল, কিছুমান সিদ্ধান্ত লবলৈ উৎসাহ দিছিল। আৰু সেইবাবে মই আজিও তেখেতৰ ওচৰত কৃতজ্ঞ। 


আৰু সেই সান্নিধ্য মই আজিও উপভোগ কৰোঁ, নিজৰ মাজতে কেতিয়াবা তেখেতৰ বিশাল ব্যক্তিত্বৰ ধূলিকণা এটা দেখা পাও। বজাৰত বাঁহৰ খৰাহিটোত ভাল আলু বাচি বেপাৰীক জুখিবলৈ দিওতে যেতিয়া একেবাৰে সঠিককৈ এক কেজি আলু ওলায়, শ্ৰীমতীক দেখুৱাই গৌৰৱ কৰো(শইকীয়া চাৰৰ ‘আন্দাজ কৰিবলৈ চেষ্টা কৰা’ শীৰ্ষক লেখনিটো)।কিবা এটা লিখিবলৈ ল’লে প্ৰথমতে চিন্তা কৰো, শইকীয়া চাৰে কথাটো কেনেকৈ ভাৱিলেহেতেন, কেনেকৈ ক’লেহেতেন। গল্প লিখিলে ....... (ডট ডট) বোৰ কমকৈ দিবলৈ চেষ্টা কৰোঁ। 


কিন্তু মই শইকীয়া চাৰকনো কিমান জানো? আচৰিত ভাৱে মই আজিলৈকে তেখেতক ব্যক্তিগত ভাৱে কেতিয়াও লগ পোৱা নাই, আনকি তেওৰ ভাষণো শুনা নাই। সুবিধা নথকা নহয়, কলেজত পঢ়ই থকা সময়চোৱাত সহজেই তেখেতক লগ কৰিব পাৰিলোহেতেন। আমাৰ লগৰ বহুতেই তেখেতক লগ পাইছে, কথা পাতিছে। কিন্তু মই কেতিয়াও চেষ্টা নকৰিলো। কাৰণ মোৰ ভয় আছিল, যিটো ইমেজ বা ভাৱমূৰ্তি লৈ মই ইমানদিনে জীয়াই আছো, সেই ইমেজটো অলপো হেৰফেৰ হ’লে মোৰ বাবে সহ্যাতীত হ’লহেতেন। শইকীয়া চাৰৰ হয়তো একো ক্ষতি নহ’লহেতেন। মই তেওৰ লক্ষ লক্ষ গুণমুগ্ধৰ এজন মাত্ৰ, কিন্তু মোৰ বহু কষ্ট হ’লহেতেন। বাহ্যিক দিশবোৰৰ কথা নকও, কিন্তু মানসিক ভাৱে মোৰ ক্ষতি হ’লহেতেন। মোৰ বাবে তেওৰ ইমেজটোৱেই যথেষ্ট, আৰু সেইটো লৈয়ে মই থাকিব বিছাৰো। তেও ব্যক্তিগত ভাৱে কেনে মানুহ আছিল, সেইটো জানি বা তেওৰ দোষবোৰৰ বিষয়ে জ্ঞান লাভ প্ৰকৃত সত্য উদ্ঘাটন কৰিবলৈ মোৰ অলপো ইচ্ছা নাই। 


শইকীয়া চাৰৰ কথাখিনি উদাহৰণ হিচাপে ক’লো, মোৰ জীৱনত আৰু তেনে দুই এজন ব্যক্তি আছে। কেতিয়াবা কাৰোবাক ব্যক্তিগত ভাৱে লগো পাইছো। মোৰ সাংঘাটিক ভাৱে প্ৰভাৱান্বিত কৰা উপন্যাসিকা এগৰাকীক প্ৰথমবাৰ লগ পাওতে মই পোনে পোনে কৈছিলো


-  আপোনাক লগ কৰিবলৈ মোৰ একেবাৰে উৎসাহ নাছিল।  মোৰ ভয় লাগিছিল  কিজানি মই যিগৰাকী লেখিকাক বিছাৰি আহিছো, তেওক যদি লগ নেপাও। 


লেখকসকলৰ এই ভাৱমূৰ্তিটো আচলতে লেখকজনতকৈয়ো বেছি গুৰুত্বপূৰ্ণ। আৰু সেইটো ভাৱমূৰ্তি পাঠকৰ মনত সৃষ্টি হয় তেওৰ লেখনিৰ মাজেৰে। আৰু সেই ভাৱমূৰ্তিটোকহে কোনোবাই আদৰ্শৰূপে লয়, সেই চিন্তাধাৰাৰে ভাবিবলৈ বিছাৰে,  আৰু তাৰ পৰা সকলোৰে লাভেই হয়। সমাজখনেও চিন্তা কৰিব পৰা সংবেদনশীল মানুহ কিছুমান পায়, মানুহবোৰেও পথৰ সন্ধান পায়। লেখক সাহিত্যিক সকলক আদৰ্শৰূপে ল’লে সমাজখনৰ উপকাৰ হয়। সাহিত্যই কাকো ধ্বংসৰ মুখলৈ ঠেলি দিব নোৱাৰে। 


কিন্তু এই ব্যৱস্থাটো জীয়াই থাকিবলৈ হ’লে লিখা মেলা কৰা লোকসকলৰ ভাৱমূৰ্তি বা ইমেজটো পাঠকৰ বাবে ভাল হৈ থকা প্ৰয়োজন। কিন্তু সেই দ্বায়িত্ব কেৱল লেখকজনৰ নহয়, মোৰ মতে হয়তো লেখকজনে নিজৰ ভাৱমূৰ্তিটোৰ কথা নিজেই বিশেষ ভালকৈ নেজানে। কাৰণ সেইটো তৈয়াৰ কৰে পাঠকেহে। পাঠকৰ মনৰ কথা লেখকে জনাৰ সুবিধা অতি সীমিত। গতিকে সেই ভাৱমূৰ্তিটো জীয়াই ৰখাৰ কাম আচলতে পাঠক আৰু সমাজখনৰ, লগতে মেডিয়াৰ। নতুনক আদৰ্শ লাগে, লাগে সেয়া এটা “ভাৰ্চুৱেল ইমেজ”ৰেই নহওক কিয়? 


দুই এজন প্ৰভাৱশালী সাহিত্যিকক মেডিয়া আৰু চচিয়েল মেডিয়াই একেৰাহে আক্ৰমণ কৰি তেওলোকৰ ‘প্ৰকৃত সত্য(?)  উন্মোচন কৰাৰ  অহৰহ চেষ্টা কৰি থকা দেখি কথাখিনি লিখিলো। তেওলোকে হয়তো নেজানে, তেওলোকে ইচ্ছাকৃত ভাৱে ধ্বংস কৰা লেখকসকলৰ ইমেজটোৱে আন বহুতো লোকক দিশহাৰা কৰিব। আদৰ্শবিহীন, স্থুল চিন্তাৰ ভোগী মানুহেৰে সমাজখন ভৰি পৰিব। তেতিয়া আকৌ তেওলোকেই দুঃখ কৰিব লাগিব, 


- এসস!! এই নতুন প্ৰজন্ম তেনেই গুছিল। 


*****

No comments:

Post a Comment