Wednesday, January 6, 2016

অত্যাচাৰী এডমিন

চেংমাই যিদৰে গাজাৰী শাসন কৰে, সেই কথা শুনিলে ৰাইজৰ পেটতে হাত-ভৰি লুকাব বুলি মই আগতে কোৱা নাছিলো, কিন্তু আজি সহ্য কৰিব নোৱাৰি মুখ খুলি দিলোঁ।চচাক এনেকুৱা ব্যৱহাৰ ? যাক কয় “হাইট অৱ একনায়কত্ববাদ”- চেঙে যি কয় সেইটোৱেই হব লাগিব, কোনো এডমিনে অলপ ওজৰ আপত্তি কৰিলেই.........................


চেংমাৰ ১০টা হিংস্ৰ জাৰ্মান শ্বেফাৰ্ড আছে, বলদ গৰুটোৰ সমানকৈ ওখ। ছেংমাই সেই এডমিন জনক কুকুৰ কেইটাৰ মাজলৈ দলিয়াই দিব, কুকুৰকেইটাই নিমিষতে এডমিনক নেফানেফ কৰি পেলাব। ভয়তে কোনেও ছেংমাক বিৰোধিতা নকৰে, কৰিলেই চাফা। 


পিছে কেতিয়াবা তাৰ মাজতো ভুল হৈ যায়, চচাই এদিন সুৰাৰ ৰাগীত মতলীয়া হৈ ৰিণ্টুমইনাক গাজাৰীৰ পৰা বহিষ্কাৰ কৰা কথাটো প্ৰতিবাদ কৰি দিলে নহয়। লাগি গ’ল লেঠা- ছেংমা জকি পকি উঠিল

- হাউ ডেয়াৰ ইউ..হমকো নেহি পেহচানতা...কিতনা আদমী ক' কাটকে দিহিং নৈ মে উটা দিয়া ....ঐ..কোন আছ’ .....কুত্তা লেকে আও..জলদি!!

তেতিয়াহে চচাৰ হুঁচ আহিল, কাওবাও কৰাত লাগিল

- মন্নে মাফ কৰ দিজীয়’...গলতি বন্দেনু হি হুন্দা হেঁ ...মাফি.. .জী হুজুৰ..মাই বাপ!!

-ন’ মাফি-চাফি..চিধা ফাঁচী..-হোৱেৰ ইচ দা ৰচী? 

-অ’কে , খুৱাব বাৰু মোক কুকুৰক..কিন্তু মোক টেন ডেইজ টাইম দিয়ক..জি.এফ. কেইজনীৰ লগত কমচে কম এদিন এদিন কৈ ডে’টিং মাৰি লও। 

নিজৰ যৌৱন কালৰ কথা মনত পেলাই চেংমাই চচাক দহ দিনৰ মোহলত দি দিলে। দহদিনৰ মূৰত চচাক জাৰ্মান শ্বেফাৰ্ডৰ মাজলৈ দলিয়াই দিয়া হ’ল ।

কিন্তু ই কি? কুকুৰ কেইটাই দেখোন চচাৰ ওচৰতে বহি লৈ কুঁ-কুৱাই তাৰ ভৰি চেলেকাত লাগিল। ঘটনা কি? কেনেকে পতালে চচাই কুকুৰকেইটা? 

চচাই ৰাজেশ খান্নাৰ দৰে ভইচ উলিয়াই ক’লে-

-চাওক.. ছেংমা দাদা, যোৱা দহদিন মই এই কুকুৰকেইটাৰ সেৱা কৰিলোঁ, সিহঁতক খোৱা বোৱা দিলো, মৰম কৰিলোঁ। আৰু, ...আৰু....সিহঁতে নিজৰ হিংস্ৰ স্বভাৱ পাহৰি গ’ল। (চেংমাৰ ফালে পিঠি দি, দৰ্শকৰ ফালে অকমান আগুৱাই আহি- মুখত স্পটলাইট) কিন্তু আপুনি? (ড্ৰেমেটিক প'জ) যোৱা দহ বছৰে মই গাজাৰীৰ সেৱা কৰিলোঁ, কিন্তু অকণমান ভুলৰ কাৰণেই আপুনি সকলো পাহৰি গ’ল?(বেক গ্ৰাউণ্ডত কৰুণ মিউজিক) এয়াই কি মানুষেৰ চৰিত্ৰ হওয়া উচিৎ? কওক- উত্তৰ দিয়ক আজি? (মিউজিক অলপ বিপ্লৱী টাইপ) এইয়াই কি মোৰ নিস্বাৰ্থ সেৱাৰ পুৰষ্কাৰ?
>
>
>
>
>
>
অৱশেষত চেংমাই নিজৰ ভুল বুজি পালে- আৰু ইমিডিয়েট সুন্দৰবনৰ পৰা ২০টা ঢেকীয়াপতীয়া বাঘ মগাই আনিলে।

No comments:

Post a Comment