Wednesday, January 6, 2016

ছেংমা স্পেচিয়েল

১। পকেটমাৰ জীৱনৰ কাহিনী,

ছেংমাৰ দৰে এক্সপেৰিয়েন্স থকা লোক এই ভূ-ভাৰস্তত কমেই আছে, লাইফত নানা কাম কৰিছে -শিকিছে, সেইকাৰণেই তেখেত আজি খ্যাতিৰ চূড়ান্ত শিখৰত বহি তামোল চোবাই, পিক পেলাই থাকিব পাৰিছে। 

তেখেতেৰ মহান জীৱনৰ এছোৱা কাল তেও গুৱাহাটিত পকেটমাৰ হিচাপেও কটাইছিল। পিছে বেয়া দিন সকলোৰে আহে। এদিন ধুনীয়া ছোৱালী এজনীৰ জীনচৰ বেক পকেটত হাত দিওতেই ধৰা পৰিল, অলপ লপা-থপাও হ’ল, কেচ লাগিল। 


জাজঃ- সাধাৰণ পকেটমাৰ হোৱাহ’লে মই ছমাহ জেললে পঠালোহেঁতেন, কিন্ত আপোনাৰ দৰে মহৎলোকক মই তেনে শাস্তি দিলে, মোক ইতিহাসে ক্ষমা নকৰিব। গতিকে আপোনাক ৫০০ টকা জৰিমণা কৰা হ’ল। জৰিমণা আদায় দিলেই আপুনি যাব পাৰিব। 

ছেংমাঃ- ওৱা, হয়নি আক’? বঅ ভাল পালুং বাউ, পিছে, হেই নহয়, মু হাতত এতিয়া ৩০০ টকাহে আছে আক’.. ৫০০ টকা ক’পা দিংক' .....হেই কঅক বাউ, ১০ মিনিটমানৰ কাৰণে দৰ্শক ৰাইজৰ মাজত পাক এটা মাঈবলে দিয়ক, ৫০০ নেলাগে এহেজা গোটাই দিম,... অঁ!!!!

২। সমাজসেৱা

 তা’পাছত আউ কুনুবাই ভুলতে ছেংমাক আউ তেজপুঅ’ পগলা ফাটেকত ভআ’ই দিলে নহয়।

উপায় নাই, বিধিৰ বিধান বুলি তাকে মানি ছেংমাই আনন্দেৰে জীৱন কটোৱাত লাগিল, লাহে লাহে তাত থকা পাগলী কেইজনীৰ মাজতো বেচ জনপ্ৰিয় হৈ উঠিল। এদিন এনে এটা ঘটনা হ’ল, যি তেওৰ জীৱনেই সলাই পেলালে। 

এদিন ছেংমা আৰু এজন লগৰীয়া ফাটেকৰ পুখুৰীটোৰ পাৰত বহি আছিল, লগৰজন, বুজিছেই নহয়। হঠাত সেইজনে কথা নাই বতৰা নাই, 'মই মৰিয়েই থাকো' বুলি পুখুৰীটোত জাঁপ মাৰি দিলে। আনে বেয়াকে ক’লে কি হব, বিপদৰ সময়তহে আচল বীৰৰ গুন দেখা পোৱা যায়, আৰু ছেঙৰ শিৰাই শিৰাই বীৰৰ ৰক্ত প্ৰৱাহিত। ছেংমাইয়ো লগতে পুখুৰীটোত জাঁপ মাৰি দিলে, আৰু লগৰীয়াজনক অসীম বীৰত্বৰে উদ্ধাৰ কৰি লৈ আহিল।

কৰ্তৃপক্ষই কথাটো গম পালে আৰু নিজৰ ভুল বুজিব পাৰিলে। পিছদিনা সসন্মানে ছেংমাক অফিচলৈ মাতি নি ক’লে

- আমাৰ বৰ ভুল হৈছিল দেই, বেয়া নেপাব, আপুনি যাব পাৰে। পিছে আপোনাক অলপ বেয়া খবৰ এটা দিও, কালি আপুনি যিজন মানুহক পানীৰ পৰা উদ্ধাৰ কৰিছিল, তেও ৰাতি চুইচাইড কৰিলে।

- চুইচাইড?? হাউ ইজ ডেট পছিবল? কেনেকে হ’ল? কি কথা?

- এহ নকব আৰু, ৰাতি গছ এডালত ওলমি দিলে নহয়, কি কৰিব আৰু, পাগল আছিল যে!!

- গছত? অঁ...হা হা হা ............নহয় নহয় আপোনালোকে ভুল কৰিছে, সি নিজে ওলমি দিয়া নাই, মইহে ৰাতিটো বতাহত শুকাই থাকক বুলি তাক গছজোপাত ওলোমাই থৈছো। ..পানীত তিতিছিল যে....

৩। উপহাৰ

ছেং বুঢ়া আৰু ছেঙনী বুঢ়ী ৰোমাণ্টিক (ব’থ ৯০ প্লাছ) হৈ কথা পাতি আছিল, মনত অলপ দুখো আছিল। 

বুঢ়াঃ- হয় দিয়াহে, আমাৰো দিন চমু চাপি আহিল আৰু, কোন দিনা তেৰাই মাতি নিয়ে কি ঠিক?

বুঢ়ীঃ- (হুমুনিয়াহ কাঢ়ি)এৰা, আমি মৰিলে ছাগে সকলোৱে আমাক পাহৰি যাব নহয়? এতিয়াহে এই কেইটাই বৌ, দাদা, , ভাইটি- ভাই বোৱাৰী এইবোৰ চেলাই আছে। চাবা মই কৈছো, মৰাৰ তিনিদিনৰ পাছতে ইঁহতে আমাৰ নামেই পাহৰি যাব, যতচব!!

বুঢ়াঃ- তেনেকে কিয় কোৱা ডাৰ্ল!! মই তোমাৰ অমৰ কৰি ৰাখিম, তুমি সিফলিয়া হোৱাৰ পাছতো তোমাৰ নাম সকলোৰে আগতে জিলিকি থাকিব। 

বুঢ়ীঃ- ৰিয়েলী, আই লাভ ইউ জান!! কেনেকে কৰিবা?

বুঢ়াঃ- ডেটজ মাই লিটল চাৰপ্ৰাইজ, হন, কালি মোৰ লগত শ্বপিঙলৈ ওলাবা। কালি তোমাৰ জন্মদিনো নহয়। 

পিছদিনা দুয়ো বজাৰলৈ ওলাই গ’ল – টু হাৰ চাৰপ্ৰাইজ, বুঢ়াই এজন আৰ্কিটেক্টক লগ ধৰিলে, আৰু বুঢ়ীৰ কাৰণে অতি সুন্দৰ কবৰ এটা ডিজাইন কৰালে, তাৰ ওপৰত দিবলৈ ডাঙৰ মাৰ্বল পাথৰৰ এখন নামফলক কিনি ল’লে, দুৰৰ পৰাই জিলিকি থকা!! লেণ্ডস্কে’প ডিজাইনাৰক আনি কবৰৰ চাৰিওফালে এখন ফুলনিও ফাইনেল কৰিলে, শেষত 99acres.কমৰ পৰা, সুন্দৰ সকলোৰে চকুত পৰা ঠাইত একঠা মাটিও কিনি থ’লে।

বুঢ়াঃ- ডাৰ্ল, চোৱা তোমাৰ মৃত্যুৰ পাছতো, তুমি কেনেকে জিলিকি থাকিবা, কোনেও পাহৰিব নোৱাৰিব তোমাক।

আনন্দত বুঢ়ীৰ চকুপানী ওলাই গ’ল............

সূত্ৰধাৰ- “এহিমতে এক বচ্ছৰ পাৰ হলহ, বুঢ়ীৰ জনমদিন ফিৰি আসলহ” 

পিছে এইবাৰ বুঢ়াই একো গিফ্ট নিদিলে বুঢ়ীক, ......বুঢ়ীয়ে মনত বেয়া পালেও, পাহৰি যোৱা বুলি সোঁৱৰাই দিলে 

বুঢ়ীঃ- আজি মোৰ জন্মদিন, যোৱাবাৰ মোক তুমি ইমান আনন্দ দিলা, এইবাৰ কি দিবা

বুঢ়াঃ- এহ বাদ দিয়াহে, তোমাৰ বয়স হৈছেহে হৈছে, গাত কথা লগা নাই আজিলেকে। একো নিদিও তোমাক এইবাৰ। যোৱাবাৰ ইমান চিন্তা কৰি, পেনচনৰ ধন ভাঙি কৰি গিফ্ট এটা দিলো, এবাৰলেও যদি ইউজ কৰিলাহেঁতেন!! মৰমৰ মোল নুবুজা মানুহক কি উপহাৰ দিম !!!

৪। ৱেইট লছ প্ৰগ্ৰাম 

ছেংৰ বৰ্ধিত পেটটোৰ কাৰণে ছেঙনীৰ চচাইটিত ইজ্জতৰ ধ্বজিয়া উৰি গৈছে, এইবাৰ অৰুণাচল যোৱাৰ আগতে আল্টিমেটাম দি গ’ল- বোলে মই এমাহৰ পিছত আহিম, তেতিয়ালৈকে যদি তোমাৰ ৱেইট ২০ কেজি নকমে, গাৰ্হস্থ্য হিংসা আইনখনৰ নাম শুনিছা নহয়???

আমন-জিমন কৈ কি কৰো নকৰো ভাৱি থাকোতেই টিভিত এড এটা দেখিলে- গাৰাণ্টেড ৱেইট লছ প্ৰগ্ৰাম। এসপ্তাহত ৫ কেজি ৱেইট কমাই দিব নোৱাৰিলে পইচা ৰিটাৰ্ণ। কুৱা যেইচে চলকে প্যাচে কা পাচ হি আ গয়া। লগে লগে নাম এনৰ’ল কৰিলে। 

পিছদিনা ব্ৰহ্মপূৱাতে কলিং বে’ল বাজিল- এণ্ড ল’ বিহ’ল্ড, কোম্পেনীটোৱে ৰাখী ছাৱন্তক পঠাই দিছে। ৰাখীৰ ডিঙিত প্লেকাৰ্ড এখন ওলমি আছে “ মোক যদি ধৰিব পাৰা, মোক কিছ কৰিব পাৰিবা” । ছেঙক দেখাৰ লগে লগে ৰাখী মাৰিলে দৌৰ, ছেঙেও এনে অফাৰ পাই হিতাহিত জ্ঞান পাহৰি মাৰিলে দৌৰ পাছে পাছে, পিছে ধৰিব নোৱাৰেহে নোৱাৰে। এনেকে এসপ্তাহ চলিল, পিছে ৰাখীক ধৰিব নোৱাৰিলেগৈ, যদিও ওজন জুখি চালে- হয় ৫ কেজি কমিল। 

এইবাৰ কোম্পানীয়ে ক’লে- চাৰ আমাৰ এডভান্স কৰ্চটো কৰক, এসপ্তাহত আৰু ৫ কেজি কমাই দিম। নেকি ঔৰ ফুচফুচ- লগে লগে পইচা দি বুকিং কৰি দিলে।
একেধৰণেই পিছদিনা ৫ বজাত কলিং বে’ল – কিৰিৰিৰিংংংংংং..এইবাৰ ৰৈ আছে চানী লিয়ন, বুকুত প্লেকাৰ্ড –“ মোক ধৰা, ধৰিব পাৰিলে কিছটো পাবাই, বাকী তোমাৰ কেপাচিটিৰ ওপৰত”

ছেঙৰ নিজৰ কেপাচিটিৰ ওপৰত প্ৰচণ্ড বিশ্বাস- গতিকে মৌকা এৰি দিয়া নেযায়- পিছে কেছ একেই, এসপ্তাহ দৌৰি দৌৰিও চানীক ধৰিব নোৱাৰিলে। ওজন জুখি গম পালে এইবাৰ ৬ কেজি কমিল। 


পিছদিনা কোম্পানীয়ে আকৌ ফোন কৰিলে- চাৰ, আপোনাৰ কাৰণে এটা এক্সক্লুছিভ পেকেজ আছে, একেসপ্তাহে ১০ কেজি কমি যাব, সেই মানী বেক গেৰাণ্টী। 

নৰ্মেল পেকেজতে ৰাখী চাৱন্ত, চানী লিয়ন, এক্সক্লুছিভ পেকেজত কি ওলাব তাকে ভাবি ছেংমাৰ গা ৰিমঝিমাই গ’ল। পেকেজ ল’লে, আগদিনা ৰাতিয়েই গা পা ধুই, চেণ্ট মাৰি ৰেডী, কেতিয়া ৰাতিপূৱাই, কেতিয়া ৫ টা বাজে, সেই চিন্তাত টোপনিয়েই নাহিল। 

যথাৰীতি একজেক্ট ৫ বজাত কিৰিৰিৰিৰিৰিংংংংংংং

অধৈৰ্য হৈ প্ৰায় জাঁপ মাৰি গৈয়েই দুৱাৰ খুলিলে....

বাহিৰত ধেমা ৰৈ আছে, প্লেকাৰ্ডত লিখা আছে “ বিৰাট মুস্কিলত পৰিছো বে ভাই, টকা দহহেজাৰ দে না, মই অহামাহত ঘুৰাই দিম” 

সপ্তাহটো দৌৰি দৌৰি পলাই ফুৰোতে ছেংমাৰ ওজন ১৮ কেজি কমিল ।

No comments:

Post a Comment