Saturday, December 13, 2014

শুদ্ধ অসমীয়া ভাষা (অক্টোবৰ-২০১৪, সাহিত্য ডট অৰ্গ আলোচনীত প্ৰকাশিত)

অকবত নেলাগে বাতৰি কাকত, আলোচনীত প্ৰায়ে শুনিবলৈ/ পঢ়িবলৈ পাঁও আজিকালি বোলে কোনেও শুদ্ধ অসমীয়া নকয় বা কব নোৱাৰে। সাধাৰণতে সংবাদ মাধ্যম আৰু নৱ প্ৰজন্মক উদ্দেশ্য কৰিয়েই এনে মন্তব্য বিলাক কৰা হয়। তাকে দেখি শুণি ভাৱিলোঁ, মই নিজে শুদ্ধ অসমীয়া কও নে নকও? 

কথাটো লৈ অলপ চিন্তা চৰ্চা আৰম্ভ কৰিলোঁ। মই চাকৰিৰ কাৰণত প্ৰায়ে হিন্দী আৰু ইংৰাজী ভাষা ব্যৱহাৰ কৰিব লগা হয়, এতিয়া মন কৰিছো মই অসমীয়া কওঁতেও মাজত ইংৰাজী হিন্দী শব্দই ভীৰ কৰেহি। দেবেন দত্ত চাৰে কথা কোৱা শুনিলে বুজি পাঁও মইয়ো এই গৰিহণাৰ পাত্ৰ বজৰুৱা অসমীয়া ভাষাই ব্যৱহাৰ কৰোঁ, লিখোতেই হওক বা কওঁতেই হওক। গতিকে প্ৰথমতেই নিজকে ৰাইজৰ গৰিহণা পোৱাৰ যোগ্য বুলি ঘোষণা কৰি ললোঁ।

এতিয়া মোৰ সমস্যা বিলাকৰ কথা কও

১। প্ৰথমতে উচ্চাৰণ। অসমীয়া ভাষাৰ শুদ্ধ উচ্চাৰণ কেনে হব লাগে? শ, ষ, স এই কেইটাক কি দৰে উচ্চাৰণ কৰিব লাগে? কোনোৱে হ কোনোৱে খ আৰু
আৰু কোনো কোনোৱে শ্লাভ ভাষা বিলাকৰ "ch"(ধৰি লওক সেই উচ্চাৰণটোৰ নাম 'স') দ দৰে উচ্চাৰণ কৰে। পিছে তাৰ মাজত কোনোটো শুদ্ধ? বিদ্যৎ সকলে একেষাৰে কব বোলে 'স'। কথাটো অলপ অচৰপ ময়ো মানো, পিছে এই কথাটো আধিকাৰিক ভাৱে, মানে অফিচিয়েলী ক'ত লিখা আছে? 

ইংৰাজী Dictionary শব্দটো, যাক আমি অভিধান বুলিয়েই কও, এই শব্দটোৱে এনে এখন পুথিৰ কথা বুজায়, যি diction অৰ্থাৎ উচ্চাৰণ শিকায়। ইংৰাজী dictionary বিলাকত সদায় নিৰ্দিষ্ট ভাৱে শব্দটোৰ উচ্চাৰণ লিখা থাকে। পিছে মই কোনো অসমীয়া অভিধানতে এই বস্তুটো দেখা নাই, আৰু যিমানদূৰ জানো, আধিকাৰিক ভাৱে আজিলৈকে কোনেও অসমীয়া ভাষাৰ উচ্চাৰণ নিৰ্দিষ্ট কৰি দিয়া নাই। যদিহে আমাৰ ভাষাটোৰ কোনো নিৰ্দিষ্ট উচ্চাৰণ আজিলৈকে কোনেও ঠিক কৰাই নাই, তেন্তে কিহৰ ভিত্তিত কাৰোবাৰ উচ্চাৰণ ভুল বুলি কোৱা হয়?
আৰু এই কামটো কোনোবাই কৰিবলৈ আগবাঢ়িলেও, আজিৰ পৰিস্থিতিত কেতিয়াবা সৰ্বজনগ্ৰাহী মানক (standard) উচ্চাৰণ গৃহীত হবগৈ নে? অভিধানখনকে কৰিব পৰাগৈ নাইচোন অতদিনে। নানা মুণি নানা মত ফৰ্মুলাতে চলি আছে দুনীয়াখন। 

(জাহ্নু বৰুৱাই "সাগৰলৈ বহু দূৰ" বোলছবি খনৰ নামটো ইংৰাজীত Hkhagoroloi বুলি লিখা মনত আছে।)

২. আধুনিক জীৱন যাত্ৰাত ভাৱ প্ৰকাশৰ কাৰণে আগতকৈ বহু বেছি শব্দৰ প্ৰয়োজন হৈ আহিছে, সামাজিক পৰিবৰ্তনৰ লগে লগে, আৰু তাৰ বাবে প্ৰায় সকলো ভাষাতে শব্দ কমি আহিছে। উদাহৰণ স্বৰূপে আমি আধুনিক কাৰিকৰী বস্তু বিলাক যেনে "blouetooth" এইবিলাক শব্দৰ কোনো অসমীয়া প্ৰতিশব্দ বিছাৰি নেপাও। ইংৰাজীকে ধৰি পৃথিৱীৰ সকলো ভাষাই এই পৰিস্থিতিৰ সন্মুখীন হৈছে। সেয়ে তেঁওলোকে নিতৌ আন আন ভাষাৰ শব্দ গ্ৰহণ কৰিছে আৰু নতুন নতুন শব্দও প্ৰয়োজন মতে সৃষ্টিও কৰিছে। ( Multiplex, এই শব্দটি ইংৰাজীত কেইবছৰমান আগতে সৃষ্টি কৰা হৈছে, কেইবামহলীয়া চিনেমা ঘৰ বুজাবলৈ, আগতে এনেধৰণৰ চিনেমা ঘৰ নাছিল, গতিকে এই শব্দৰ প্ৰয়োজনো নাছিল, এতিয়া দৰকাৰ হ'ল, গতিকে সাজি ল'লে।) গতিকে আজিকালি যদি আজিৰ এই ***ত যোৱা, মৰিবলে নেদেখা, নৱ প্ৰজন্মই অসমীয়াৰ কওতে মাজে মাজে কিবা বিজতৰীয়া শব্দ ব্যৱহাৰ কৰিলে তেঁওলোকৰ কি শাস্তি হব লাগে তাকে নিৰ্ধাৰণ কৰিবৰ হ'ল।

৩। ছাত্ৰ ছাত্ৰীৰ লগত কথা পাতি ভাল পাঁও, কেতিয়াবা সুবিধা পালে সোধো, "তোমালোকে নো সুবিধা থাকিলেও অসমীয়া এৰি হিন্দী বা অলটি কিয় নিৰ্বাচন কৰা?" 

অলটি মানে বিকল্প ইংৰাজী অলটাৰনেটিভ ইংলিছ। উত্তৰবোৰ এনেকুৱা

ক. এচমিজত মাৰ্কচ একেবাৰে নুঠে, কেৰিয়াৰ বেয়া হৈ যায়।

খ. এচমিজ ইমান টান, কোৱাৰ নিচিনাকে লিখিব গ'লে স্পেলিং ৰং হৈ যায়।

গ.  এচমিজ শিকোৱা কিতাপবোৰ বৈদ্য বৰিং, একো ইণ্টাৰেষ্টিং কথা নেথাকে।
ইত্যাদি। অসমীয়া কোৱা বা লিখাৰ ক্ষেত্ৰটো একে কথা, ল'ৰা-ছোৱালীৰ মাজত শুদ্ধকৈ অসমীয়া লিখাৰ আত্মবিশ্বাস নাই, কিবা লিখিম, ভুল হব ৰাইজে গালি পাৰিব, গতিকে নিলিখাই ভাল। কাৰণ শুদ্ধটোনো কি তাকে আজিলৈকে সঠিককৈ নিৰ্ধাৰণ কৰা হোৱা নাই। 

৪.  অসমীয়া ভাষা ব্যৱহাৰকাৰীৰ সংখ্যা দিনক দিনে কমি আহিছে, এনে গতিৰে চলি থাকিলে এদিন হয়তো ভুলে ভালে অসমীয়া কোৱা মানুহো নোহোৱা হব অচিৰেই। গতিকে এতিয়া আমি বেছি আপটাইট ( প্ৰতিশব্দ বিচাৰিয়েই নেপালোঁ) হৈ থাকিলে ভাষাটোৰ মংগল হব জানো? এতিয়া অসমীয়াক জনপ্ৰিয় কৰাৰ প্ৰয়োজনহে অধিক বুলি মোৰ ধাৰণা। জনপ্ৰিয় তেতিয়াহে হব যেতিয়া ভাষাটো সহজ হব লিখিবলৈয়ো, কবলৈয়ো। তাকে নহলে আজিৰ পৃথিৱীত বিকল্পৰ অভাৱ নাই। প্ৰসংগক্ৰমে ব্যক্তিগত কথা এটা কঁও, কেন্দ্ৰীয় চৰকাৰৰ চাকৰিয়াল সকলৰ মাজত হিন্দী ব্যৱহাৰ বঢ়াবলৈ চৰকাৰে আহোপুৰুষাৰ্থ কৰি আছে, আমিও প্ৰশিক্ষণ পাঁও মাজে মাজে। এটা কথা মন কৰিছো, যে তেঁওলোকে বিশুদ্ধ হিন্দীতকৈয়ো সহজ হিন্দীতহে বেছি গুৰুত্ব দিয়ে। কাৰ্যালয়ৰ কামত ভুলে শুদ্ধই হিন্দী লিখিলেও অতিৰিক্ত পইচা পায়, লাভেই লাভ। 

৫। ভাষা শুদ্ধকৈ ৰখাৰ প্ৰয়োজনীয়তা কেতিয়াও নুই কৰিব নোৱাৰি, কিন্তু তাৰ বাবে ভাষাটো ষ্টেণ্ডাৰডাইজ (আকৌ!!!)কৰিব লাগিব, বিজ্ঞানসন্মত ভাৱে। উচ্চাৰণ, বানান, ব্যাকৰণ সকলোৰে সৰ্বজন গৃহীত আৰু মানক থাকিব লাগিব, তাত ভাষাৰ বৈশিষ্ট প্ৰতিফলিত হব লাগিব। তেতিয়াহে আমি ন শিকাৰুক কব পাৰিম, এনেকে ক, এইটোহে শুদ্ধ। সেই বস্তুতো নোহোৱালৈকে আমি কাৰো ভাষা ভুল হৈছে বুলি কোৱাৰ অধিকাৰেই নাই।

৬। ঈ, ঊ,ঋ, ছ, ট, ঠ, ড, ঢ, ণ এইকেইটাৰ লগতে তিনিটা শ,ষ,স ( যিকোনো এটা হ'লেই হ'ল) ৰ অসমীয়াত কোনো প্ৰয়োজন নাই, আৰু এইকেইটাই বানান ভুল কৰাৰ বাবে মূলত: দায়ী। কাৰণ এইকেইটা আখৰে কোনো অসমীয়া উচ্চাৰণ নিৰ্দিষ্ট নকৰে। ( ণত্ব আৰু ষত্ব বিধি?? কিয় লাগে? ইয়াকে দেখুৱাবলৈ নেকি যে, চা আমিও সাধু ভাষা সংস্কৃতৰ কিমান ওচৰ চপা)অন্ধভাৱে আমি সংস্কৃতক অনুকৰণ কৰিবলৈ গৈ ইতিমধ্যে অসমীয়াৰ স্বকীয়তা হেৰুৱাই পেলাইছো, এতিয়া একো কৰিবও নোৱাৰি, গতিকে লেটচ গ' ইজি অন দিজ!! কেনে হব?? 

৭. ভাষাৰ আত্মা থাকে আৰু ই কেৱল বানান বা উচ্চাৰণতে সীমাবদ্ধ নহয়। অসমীয়া ভাষাৰ এটা শুৱলা, মনোমোহা প্ৰকাশভংগী আছে, আমি শব্দ বিলাক কোমলকৈ উচ্চাৰণ কৰো, সংস্কৃতৰ দৰে কঠোৰকৈ নহয়। এনে বহু বৈশিষ্ট আছে, যিবিলাক সংৰক্ষণ কৰিব পাৰিলে অসমীয়া ভাষাত আধাখিনি বিদেশী শব্দ সোমাই পৰিলেও অসমীয়া ভাষা মৰি নেযায়। 

জানো, ওপৰৰ কথা খিনি একে আষাৰতে মানি লব পৰা কথা নহয়, পৰম্পৰাৰ কথা আছে, বহুত কিবা কিবি আছে। মাত্ৰ পাঠকৰ চিন্তাৰ খোৰাক জগাবলৈহে বহুদিনৰ পৰা মনত খু দুৱাই থকা কথা কেইটামান লিখিলোঁ। গৰিহণালৈ বাট চাই আছো।

3 comments:

  1. ফেচবুকত হোৱা আলোচনা খিনি (প্ৰয়োজন আছে বুলি ভাবি সংলগ্ন কৰিলো)

    Bhagat Lal Dutta একেধৰণৰ কথা এখিনি আমাৰ অনেকৰে মাজত খুদুৱাই আছে। আপুনি খোলোচাকৈ লিখি দিয়া বাবে ধন্যবাদ।
    September 22, 2013 at 1:20am · Unlike · 4
    Jyoti Prakash Nath শ, স আৰু ষ ৰ উচ্চাৰণৰ পাৰ্থক্য সচাকৈ নাই নেকি?
    September 22, 2013 at 1:37am · Unlike · 1
    Mridul Kumar Sharmah অভিজিত দা, গৰিহণা পাম বুলি কিয় ভাবি ল’লে বাৰু?? শেষৰ বাক্যটো এৰি দিয়ক দেই৷ এই লেখাটো প্ৰথম খণ্ড বুলি ভাবিলৈ পঢ়িলো আৰু দ্বিতীয় খণ্ডলৈ আগ্ৰহেৰে বাট চাই ৰ’লো৷ ৭. ভাষাৰ আত্মা থাকে আৰু ই কেৱল বানান বা উচ্চাৰণতে সীমাবদ্ধ নহয়। অসমীয়া ভাষাৰ এটা শুৱলা, মনোমোহা প্ৰকাশভংগী আছে, আমি শব্দ বিলাক কোমলকৈ উচ্চাৰণ কৰো, সংস্কৃতৰ দৰে কঠোৰকৈ নহয়। এনে বহু বৈশিষ্ট আছে, যিবিলাক সংৰক্ষণ কৰিব পাৰিলে অসমীয়া ভাষাত আধাখিনি বিদেশী শব্দ সোমাই পৰিলেও অসমীয়া ভাষা মৰি নেযায়।
    September 22, 2013 at 1:40am · Like · 5
    Abhijit Kalita ধন্যবাদ মৃদুল। @ জ্যোতি, আছে যদিও নেজানো, মোক কোনেও শিকোৱা নাই আজিলৈকে।
    September 22, 2013 at 1:43am · Like · 1
    Mridul Kumar Sharmah ধন্যবাদিলে নহ’ব দাদা! দ্বিতীয় খণ্ডটি কেতিয়াকৈ দিব কওক? আমাক লাগব্ই
    September 22, 2013 at 1:50am · Unlike · 1
    Abhijit Kalita বাংলা ভাষাত ইতিমধ্যে সৰলীকৰণৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে বুলি শুণিছো, ই কাৰ আৰু ঈ কাৰ কোনোবা এদাল দিলেই বোলে ৰাইজে গ্ৰহণ কৰে আজিকালি।
    September 22, 2013 at 2:04pm · Like
    উচ্চজিৎ কলিতা বলি>বলী, কুলি>কুলী, সাপ>শাপ, আতা>আটা, বাকি>বাকী,

    ReplyDelete
  2. অতল>অটল, পানী>পাণি, দুলি>ডুলি, চুটি>ছুটী, কাছ>কাচ>কাঁচ, কাণি>কানি>কাণী, কৰি>কৰী>কড়ি, কান>কাণ, কঠা>কথা, কুল>কূল, কেৰাহি>কেৰাহী, খালি>খালী, চাল>ছাল, কুট>কূট, চল>ছল, গিৰি>গিৰী, ঘটি>ঘটী, জান>যান, জিন>জীন>জীণ...See More
    September 22, 2013 at 2:42pm · Unlike · 4
    Abhijit Kalita এইবিলাক শব্দ বাদ দিয়াৰ কথাইউঠিব নোৱাৰে, তেতিয়া ভাষাটোক দুৰ্বল কৰাহে হব। বৰঞ্চ নতুন শব্দ গ্ৰহণ কৰাৰহে পোষকতা কৰিম। বৰ্ণ সংখ্যা কমোৱাৰ কথা নাহে। কিন্তু য'ত পাৰি, য়'ত কোনো মান নিৰ্ধাৰণ কৰা হোৱা নাই, তাত অলপ সহনশীল হোৱাৰ কথাহে কৈছো। অসমীয়া ভাষাৰ বিষদ জ্ঞান নথকা লোকসকলৰ মাজত যিমান পাৰি সৰল আৰু গ্ৰহণযোগ্য মান কিছুমান নিৰ্ধাৰণ কৰি অসমীয়াক জনপ্ৰিয় কৰাৰ চেষ্টা কৰিলেহে ভাল হব।

    মাননীয় উচ্চজিৎ কলিতাৰ মন্তব্যটোৱে মোৰ ওপৰৰ কথাখিনি আকৌ এবাৰ বিচাৰ কৰি চোৱাৰ সুবিধা দিলে। তাৰ বাবে তেখেতক ধন্যবাদ। বিষয়টোৰ ওপৰত বিজ্ঞানসন্মত বিশ্লেষণৰ প্ৰয়োজন আছে।

    অন এ চেকেণ্ড থ'ট ---- "কামাখ্যাত বৰবলী হয়".আৰু "ভীম বৰ বলি লোক আছিল".
    আপোনালোকে ওপৰত লিখা বাক্যদুশাৰী বুজি পালে নে নাই বাৰু?
    September 22, 2013 at 10:32pm · Like · 1
    উচ্চজিৎ কলিতা I went to a Kafe Kofy Day in Kolombo and ordered a Kap of Kul Kofy........এনকৈ ইংৰাজীত লিখিলে বুজি পায়নে, লিখিলে হ'বনে ?? ইংৰাজী ভাষাত এনেকুৱা কমেও ৩০০০ মান শব্দ মইয়ে জানো যিবোৰৰ উচ্চাৰণ আৰু বৰ্ণবিৰোধ যথেষ্ট ৷ বিদেশী ভাষা এটা মূল শুদ্ধ ৰূপত লিখাত একো আপত্তি নকৰা আমিবোৰে বাৰু নিজৰ ভাষাটো সৰলীকৰণৰ নামত কিয় ধ্বংস কৰিব বিচাৰোঁ ।
    September 22, 2013 at 10:38pm · Edited · Unlike · 1
    Abhijit Kalita কথাবোৰ ভাবিহে আছো, একো সিদ্ধান্ত দিয়া চেষ্টা কৰা নাই। গতিকে মাজে মাজে হয়তো নিজকে বিৰোধিতা কৰিছো। মোৰ আশা বিজ্ঞ লোকসকলে এই বিষয়ে অলপ চিন্তা চৰ্চা কৰিব।
    September 22, 2013 at 10:45pm · Edited · Like
    Abhijit Kalita উচ্চজিৎ কলিতা, ডাঙৰীয়া, এনেকে লিখিলে নহব, কাৰণ এই ইংৰাজী বানান বিলাক নিৰ্দিষ্ট কৰা আছে, তাৰ হেৰফেৰ নহয়। আমাৰ এই মান বিলাক প্ৰথমতে নিৰ্ধাৰণ কৰিব লাগিব। কিছুমান ক্ষেত্ৰত এটাতকৈ বেছি বানান মানিও লব লাগিব। Colour - Color, Organisation- Organization, through - thro' , সকলো ভাষাই এনেকুৱা কৰিছে।
    September 22, 2013 at 10:41pm · Like
    Abhijit Kalita মই কিন্তু আপুনি লিখা কথাখিনি বুজি পালো " আপুনি কলম্বোৰ কফি ডে' নামৰ কাফে খনলৈ গৈ একাপ ঠাণ্ডা কফি দিবলে আদেশ দিলে (নে অনুৰোধ কৰিলে??) "
    September 22, 2013 at 10:44pm · Like
    উচ্চজিৎ কলিতা সেইটো আমেৰিকান ইংৰাজী আৰু ব্ৰিটিছ ইংৰাজীৰহে পাৰ্থক্য যেনে Color>Colour. অসমীয়া ভাষাৰ ৰূপ এটায়ে ৷ আকৌ cool বানানটো অতীজৰ পৰা cool লিখে কাৰণেহে এতিয়া কোনেও Kool বা Kul নিলেখে ৷ অসমীয়া ভাষাৰ বানানবোৰ নিৰ্দিষ্ট নকৰা বুলি ভবা ধাৰণাটো ভুল ৷ অসমীয়া ভাষাৰ অধ্...See More
    September 22, 2013 at 11:00pm · Edited · Unlike · 4
    Babul Baishya উচ্চজিৎ কলিতা,
    September 22, 2013 at 11:00pm · Unlike · 1
    Abhijit Kalita অসমীয়া ভাষাৰ যিকেইটা বস্তু আধিকাৰিক ভাৱে নিৰ্দিষ্ট কৰা আছে, সেইকেইটা মানি লোৱাত মোৰ কোনো আপত্তি নাই। বাকী উচ্চাৰণ ইত্যাদিও কোনোবাই নিৰ্দিষ্ট কৰি দিয়ক, মই যিমান পাৰি সিমান কষ্ট কৰি শিকি ল'ম। কেৱল তাৰ বাবে ভাষাটোৰ গতিময়তা (ডাইনামিজম) কোনোবাই ৰূদ্ধ কৰিব বিছাৰিলে মোৰ আপত্তি আছে। এশ বছৰৰ আগতে ব্যৱহাৰ হোৱা আধাখিনি শব্দই আজি ব্যৱহাৰ নহয়, অকল অসমীয়াতে নহয়, পৃথিৱীৰ সকলো ভাষাতে। সাঁচিপতীয়া পুথিৰ বানান বিলাক ৰাইজে ইচ্ছা কৰিলে চাব পাৰে।

    ReplyDelete
  3. September 22, 2013 at 11:02pm · Like
    উচ্চজিৎ কলিতা এইখিনিতে এটা কথা কওঁ, হিন্দী ভাষাৰ ব্যাকৰণমতে জড় বস্তুৰো লিংগভেদ কৰা হয় আৰু হিন্দী নপঢ়াসকলৰ প্ৰায়ে ভুল হয় ৷ পিছে তথাপি কাগজে-কলমে হিন্দী ভাষাটোৰ সেই কালিকা কোনেও বাদ দিয়া নাই ৷ ভাষাৰ কালিকাবোৰ বাদ দিলে ভাষা এটাত কালিমা লাগে ৷
    September 22, 2013 at 11:04pm · Unlike · 3
    উচ্চজিৎ কলিতা ১০০ বছৰ আগৰ ইংৰাজীৰ আৰু আজিৰ ইংৰাজীৰ মূল একো পাৰ্থক্য নাই ৷ নতুন শব্দ সুমোৱা বা সৃষ্টি কৰাৰ লগত শুদ্ধ বানানবোৰ ভুলকৈ লিখা কথাটো সনা-পিটিকা কৰিব নোৱাৰি ৷ ১০০ বছৰ আগৰ কিতাপবোৰ পঢ়ি চাব পাৰে ৷
    September 22, 2013 at 11:06pm · Unlike · 2
    Abhijit Kalita পৰিবৰ্তন জীৱনৰ সকলো ক্ষেত্ৰতে এক আৱশ্যম্ভাৱী প্ৰক্ৰিয়া, কোনো লোকে এই পৰিবৰ্তন আনিবলৈ আগভাগ লয়, কোনোবাই স্বকীয়তা হেৰাই নেযাবলৈ পৰিবৰ্তন প্ৰক্ৰিয়াটোক নিয়ন্ত্ৰণ কৰাৰ চেষ্টা কৰে। প্ৰয়োজন দুয়ুটাৰে আছে। আৰু বিতৰ্ক নকৰোঁ, কাৰণ এই বিষয়ত মোৰ প্ৰয়োজনীয় দক্ষতা নাই। কিন্তু যিসকলৰ আছে, তেঁওলোকে সমস্যা বিলাক দুয়ুদিশৰ পৰা ভাৱি চালে ভাল হব।
    September 22, 2013 at 11:12pm · Like · 1
    Abhijit Kalita আকৌ কৈছো, যিবিলাক কথা শুদ্ধ, সথিক বুলি নিৰ্দিষ্ট কৰা আছে, যিবিলাক কথাত অসমীয়া ভাষাৰ বৈশিষ্ট প্ৰতিফলিত হৈছে, সেইবিলাক আমি মানিবই লাগিব।লগতে বাস্তৱ সমস্যাবোৰো সমাধান হব লাগিব।
    অসমীয়া ভাষাই বৰ্তমান সমাজৰ সকলো প্ৰত্যাহ্বান মষিমূৰ কৰি জীয়াই থাকক, বিকশিত হওক, তাকে বিছাৰো। এই দ্বায়িত্ব কিন্তু আমাৰ।
    1 min · Edited · Like

    ReplyDelete