Tuesday, March 4, 2014

শগুন

চাৰিওফালে শগুন,
মাজতে মোৰ অৰ্ধগলিত মৃতদেহ

চিনাকী শগুণ, অচিনাকী শগুন,
ধনী ,দুখীয়া,
ক’লা , বগা, তাম বৰণীয়া,
সকলো ধৰণৰ শগুন |



কোনোটো শগুন আকৌ অতিকে আপোন,
কোনোটো পৰ;

কোনোটো বিখ্যাত শগুন, কোনোটো দুমুখীয়া ;

কোনোটোৰ এনে সাজপোচাক,
চিনিবকে নোৱাৰি ।

কিন্তু সকলো বৈচিত্ৰৰ মাজত এটাই এক্য ,
সিঁহত সকলো শগুন ।
আৰু সকলোৰে লক্ষ্য ,
মোৰ দেহ, মোৰ তেজ আৰু মোৰ মাংস।


***

আজি শগুনৰ ভোজন হবলৈ ওলোৱা মোৰ দেহাটো গঢ়িছিল মোৰ আইয়ে;
অশেষ কষ্টৰে, নমাহ যোৰা নিৰলস সাধনাৰে;
মই খাই পেলাইছিলো আইৰ দেহাৰ হিমগ্লবিন  আৰু আইৰণ |
পেটটোৰ বাদে,
সকলো অংগ শুকাই গৈছিল মোৰ দুখুনী আইৰ ।
আৰু তেনেকৈয়ে ,
তিল তিল কৈ গঢ়ি উঠিছিল মোৰ দেহ ;

জন্মৰ পাছত মোৰ দেহাটোৰ ৰখীয়া হলোঁ মই নিজে ।
ভীমকলৰ লুথুৰিৰে আৰম্ভ কৰি তন্দুৰি ছিকেনলৈকে,
সৰ্বোত্তম খাদ্যৰে পৰিপুষ্ট কৰিলো মোৰ দেহ;
অসুখত খালো মোক্ষম এন্টিবায়টিক ।




বিউটি পাৰ্লাৰৰ অভিজ্ঞ নাপিতনি ছোৱালী কেইজনী
আৰু ব্যক্তিগত ফেছন ডিজাইনাৰে সজালে মোৰ দেহ |
আইনাৰ সমূখত থিয় হৈ গালত লগালো
ফৰাছী আফটাৰচেভ ।

তথাপিও মোৰ আছিল এক অকলশৰীয়া সুখ,
নাৰ্চিচাচ হোৱাৰ একান্ত প্ৰাইভেচী |

কিন্তু মৃত্যুৱে বিখ্যাত কৰি তুলিলে মোক,
যোৱা শণিবাৰে ক্লিনিকেলি ডেড বুলি প্ৰমাণপত্ৰ পোৱাৰ পাছত,
মই হৈ পৰিলো অলেখ শগুনৰ নয়নৰ মণি ;
মোৰ দেহাৰ এটি এটি ক্ষুদ্ৰাংগ আজি শগুনৰ সপোন |

এতিয়া ভাবো, শগুন মোতকৈ আনেক গুনে শ্ৰেষ্ঠ,
কাৰণ
প্ৰত্যেক শগুনৰ বাবে স্পষ্ট, 

তাৰ জীৱনৰ লক্ষ্য |

No comments:

Post a Comment