Tuesday, March 20, 2012

ভ্ৰষ্ট দেৱতা=(ডিচেম্বৰ ২০১২ সংখ্যা সাহিত্য ডট অৰ্গত প্ৰকাশিত)


            হঠাতে তেজ এসোতা মূৰলৈ উজাই যোৱা যেন লাগিল  শ্যামলীৰ | কাণ দুখন গৰম গৰম হৈ গ, নাকৰ পাহিত এটোপ ঘাম বিৰিঙি উঠা যেনো লাগিল তাইৰ | নপঢ়ো নপঢ়ো বুলি ভাবিও, চাবি দিয়া পুতলাৰ দৰে তাই বাতৰিটো পঢ়িব ধৰিলে | কাকত খনৰ দ্বিতীয় পৃষ্ঠাত চপা হৈছে খবৰটো, ছবিৰে সৈতে| কাজিৰঙাৰ বিলাসী ৰিজৰ্টত কম বয়সীয়া ছোৱালীৰ সতে ধৃত  ভাৰত  চৰকাৰৰ উচ্চ পদস্থ বিষয়া | লগতে প্লাবনৰ ছবি, দুজন পুলিচে দুফালৰ পৰা ধৰি আছে| সি ৰুমালেৰে মুখখন লুকুৱাবৰ চেষ্টা কৰিছিল ছাগে | পুলিচ এজনে জোৰকৈ মুখ খন উলিয়াই দিছে|  মুখ খন ঢাকি থাকিলেও তাই তাক ঠিকেই চিনি পালেহেঁতেন | তেনেকুৱা উজ্জল চকু তাৰ বাদে আৰু আন কাৰ থাকিব পাৰে| অলপ বয়সৰ চাপ পৰিছে , কিন্তু  একেই আছে সেই বুদ্ধিদীপ্ত চকুদত জিলিকি থকা তাৰ শুভ্ৰ মুখ, তাৰ জোখতকৈ অলপ বেছি পুৰুষ পুৰুষ লগা ব্যক্তিত্ব | সাংবাদিক জনে বৰ আবেগিক বাবে ৰিপৰ্টিং কৰিছে- শ্যামলীয়ে পঢ়িবৰ চেষ্টা কৰিলে   এই বিলাসী ৰিজৰ্টখনত বিষয়া জনে আগতে বহুবাৰ এনে কাৰ্য্যত লিপ্ত হোৱা স্থানীয় লোকৰ চকুত পৰিছিল| এইবাৰ তেঁও তাত সোমাওতে ওচৰৰ ৰাইজে ৰিজৰ্ট খন বেৰি ধৰে আৰু তেওক ওলাই আহিবলৈ বাধ্য কৰে| তেঁও সেই সময়ত সম্পুৰ্ণ সুৰামত্ত অবস্থাত আছিল , আৰু তেঁও ৰাইজক অশ্লীল ভাষাৰে গালি পাৰিবলৈ আৰম্ভ কৰে | লগে লগে  ৰাইজ উত্তেজিত হৈ  তেওক লপা থপা দিয়াৰ লগতে ৰিজৰ্ট খনৰো যঠেষ্ট ক্ষতিসাধন কৰে| ইতিমধ্যে ৰাইজে পুলিচক খবৰ দিয়াত পুলিচে আহি পৰিস্থিতি নিয়ন্ত্ৰণ কৰে আৰু শ্ৰীপ্লাবন বৰঠাকুৰক জেল হাজোতলৈ প্ৰৰণ কৰে| উল্লেখযোগ্য যেলগত উদ্ধাৰ হোৱা ছোৱালী  জনী এটি দুখীয়া পৰিয়ালৰ আৰু তাতোতকৈ  তাৎপৰ্য্যপুৰ্ণ কথা যে ছোৱালীজনী আপ্ৰাপ্তবয়স্ক; অবশ্যে পুলিচে ছোৱলীজনীকো নিজৰ জিম্মাত লয়|  শ্যামলীৰ ওকালি অহা যেন লাগিল | ছি: | যেনেতেনে তাই বাতৰিতোৰ পিছৰ অংশ পঢ়াৰ চেষ্টা কৰিলে | পুলিচে ইতিমধ্যে অনুসন্ধান কৰি, ছোৱালী জনীক যোগাৰ কৰি দিয়াৰ অভিযোগত  গুৱাহাটীৰ মন্মথ ডেকা নামৰ এজন ঠিকাদাৰকো গ্ৰেপ্তাৰ কৰে| পুলিচৰ জেৰাত সকলো কথা স্বীকাৰ কৰি মন্মথ ডেকাই কয় যে তেও এই বিভাগটোৰ এজন ঠিকাদাৰ হিচাপে কাম পাবৰ কাৰণে ছোৱা্লী জনী যোগাৰ কৰি দিয়াতো সত্য| তেও আৰু কয় যে শ্ৰীবৰঠাকুৰৰ লগত  কাম টো দিয়াৰ বিনিময়ত এনেকুৱা সুবিধা দিব লাগিব বুলি আগৰ পৰাই বুজাপৰা আছিল| তেও আগতেও বহুবাৰ শ্ৰীবৰঠাকুৰক এনে কাম কৰি দিছে বুলিও ডেকাই  নিজৰ স্বীকাৰোক্তিত কয়|  আৰু পঢ়িব নোৱাৰিলে তাই ,তাৰ মানে সি সদায়? কিয় এনে কৰিলে সি?  দুয়ুহাতেৰে মুৰতো খামুছি , স্থানুৰ দৰে বহি ৰল শ্যামলী


            ৰাতিপুৱাটো সাধাৰণতে বৰ ব্যস্ততাৰে পাৰ হয় শ্যামলীৰ, তাই বৰ সোনকালে উঠি ভাল নেপায়, কাৰণ ৰাতি প্ৰায়ে দেৰি হয় শুবলে যাওতে| উঠিয়েই লৰা ছোৱালী দুটাৰ টিফিনৰ পৰা আৰম্ভ কৰি , সমীৰৰ, ব্ৰেকফাস্ট, গা ধোৱা, কাপোৰ কেইটা ৱাছিং মেচিনত দি মেলি দিয়া, ঘৰ টো সাৰি , থাপনাত ধূপ এডাল জলাইহে তাই নিজৰ খোৱাবোৱাৰ কথা চিন্তা কৰে| কাম কৰা মানুহজনী পিছবেলাহে আহে, তাইলৈ বেছি কাম নেথাকেই, তথাপিও মানুহজনী  থাকিলে অলপ সাহসটো থাকে , কিবা কাম থাকি গলে তাই আহি কৰিবহি| মাজে মাজে তাইৰ দুখো লাগে নিজলে, কি কাম বোৰ কৰি সময় নষ্ট কৰি আছে তাই, তাই আচলতে কি কৰি থাকিব লাগিছিলে এতিয়া? এই প্ৰাত্যহিক কামবোৰ কৰি কৰি এদিন বুঢ়ী হৈ মৰি থকিবলৈ জন্ম লৈছিল নেকি তাই?  যি কি নহওক, সমীৰৰ পৰা পিছে কোনো অসুবিধা নাই, তাৰ কোনো দাবীও নাই, আপত্তিও  নাই, তাইক সহায় কৰি দিবলে পালে সি ভালহে পায়;  নিজৰ চাহ জলপান কেইটা নিজে কৰি লোৱাটো সি নিজৰ কাম বুলিয়েই ভাবে| তাইলৈ ৰৈ নেথাকে| নিজৰ দৈনন্দিন কাম কেইটা সুকলমে কৰি যোৱাটোৱেই যেন তাৰ জীৱনৰ একমাত্ৰ উদ্দেশ্য| আচৰিত লাগে তাইৰ , কেনে ধৰণৰ মানুহ সমীৰ; পইচা কেইটামান ঘট, লৰা ছোৱালী জন্ম দে, ঘৰ এটা সাজ , গাড়ী এখন কিন, পেট ভৰাই খা আৰু এদিন মৰি থাক| বচ, কাম সিমানেই | কিন্তু ভাবি লাভ নাই , তাই চিনি পোৱা বা লগ পোৱা প্ৰায় সকলো মানুহেই তেনেকুৱা| মাত্ৰ কিছুমান মানুহেহে জীৱনটো অলপ অৰ্থপুৰ্ণ কৰি তুলিবলৈ চেষ্টা কৰে, জীয়াই থাকিবলৈ কৰিব লগা নুন্যতম  কাম বোৰৰ ওপৰিও, কিবা এটা কৰিব বিছাৰে , নিজৰ মনটোৰ বাবে, সমাজ খনৰবাবে, পৃথিবী খনক কিবা এটা দি যাবৰ বাবে ; যাতে পৃথিবীত জন্ম লোৱাৰ কিবা  অৰ্থ এটা ওলাওক,  সকলো যোগ বিয়োগ শেষ হোৱাৰ পাছত,  শেষ উত্তৰতো শূণ্য নহওক | কিন্তু তেনেকুৱা মানুহ  একেবাৰে কম,  খুব কমেই লগ পোৱা যায় | তাৰে এজন হ;ল শ্যামলী নিজে, তাৰ কাৰণে কোনোবাই তাইক অহংকাৰী বুলি কলেও কোনো আপত্তি নাই| হয়, আজিলৈকে একো ডাঙৰ কাম তাই কৰিব পৰা নাই , কিন্তু আশাও এৰি দিয়া নাই| তাইৰ প্ৰতিভা, তাইৰ কষ্টসহিঞ্চুতা, তাইৰ মনোবলেৰে তাই এদিন নহয় এদিন কিবা এটা কৰিব পাৰিব ; পাৰিব নহয়, পাৰিবই লাগিব| আৰু এজন মানুহ আছিল সি  প্লাবন ; জীয়াই থকাৰ অৰ্থ বিছাৰিবলৈ তাইক যদি কোনোবাই শিকাইছিল, সি প্লাবন | অন্তত: আজি এই বাতৰিটো পঢ়াৰ আগলৈকে | কত গন্দগোল হল বাৰু?
            চহৰ হবলৈ উন্মুখ হৈ থকা গাঁও এখনৰ ছোৱালী তাই , ত চহৰৰ সুবিধা বোৰো আছিল , গাঁৱৰ অকৃত্ৰিমতাও আছিল| দেউতাক অঞ্চলটোৰ সকলোতকৈ পুৰণি হাইস্কুল খনৰ হেডমাস্টৰ হোৱাৰ সুত্ৰে  সৰুৰে পৰা  একধৰণৰ সুকীয়া গুৰুত্ব পাইছিল তাই,সমাজত সকলোৰে পৰা | তাতে মাক দেউতাকৰ একমাত্ৰ সন্তান| তাইক ভাল মানুহ কৰাৰ বাদে মাক দেউতাকৰ কোনো আকাংক্ষা নাছিল ; মৰম আদৰেৰে পুৰ্ণ কৰি দিছিল তাইৰ শৈশব , কৈশোৰ আৰু যৌৱনৰ প্ৰতিতো মুহূৰ্ত | আৰু , তাই সৰুতেই বুজি পাইছিল কথাটো, মাক দেউতাকে যাতে সদায় তাইৰ বাবে গৌৰৱ কৰিব পাৰে তাৰ  বাবে যত্নৰ ত্ৰুতি কৰা নাছিল তাই| পঢ়াশুণা, গান বাজনা, নাচ আভিনয় , খেলা ধুলা, কি কৰা  নাছিল শ্যামলীয়েমানুহে নিজৰ লৰা ছোৱা্লীক তাইৰ উদাহৰণ দেখুৱালে, মাক দেউতাকৰ চকুত গৌৰৱৰ ছাঁ দেখিলে , বাটত খোজ কাঢ়ি যাওতে বদমাছ,  উৎপতীয়া কেইটাই সম্ভ্ৰমেৰে বাট এৰি দিলে, তাইৰ মনত ভৰাই  তুলিছিল  কৰিছিল এক অতুলনীয় পৰিতৃপ্তিয়ে | আৰু মনে মনে সংকল্প লৈছিল , আৰু ওপৰলে যাব লাগিব তাই , আৰু বহুত কিবা কিবি কৰিব লাগিব | সকলোকে দেখুৱাই দিব লাগিব, গাঁৱৰ পৰা আহিও, তাতে এজনী ছোৱালী হৈয়ো , তাই কি কি  কৰিব পাৰে| ইতিমধ্যে কেইবাখনো বাতৰি কাকত, আলোচনীত  তাইৰ কবিতা , প্ৰৱন্ধ নিয়মীয়াকৈ প্ৰকাশ পাবলে আৰম্ভ কৰিছিল | তেতিয়া তাই প্ৰথম বিভাগত মেট্ৰিক পাছ কৰি স্থানীয় কলেজ খনত নাম লগাইছিলহে মাত্ৰ| মাকে দেউতাকে একমাত্ৰ জীয়েকক দুৰত পঢ়িবলে পথোৱাৰ সাহস কৰিব নোৱাৰিলে| তেওলোকে ভালদৰে জানিছিল, লগতে তাইয়ো; যতেই নপঢ়ক, যিয়েই নপঢ়ক, নিজৰ জীবন গঢ়াৰ পথ ইতিমধ্যে আৱিস্কাৰ কৰি লৈছে | তাইৰ মনত পৰিলে হাঁহি উঠে এতিয়া,  হায়াৰ চেকেণ্ডেৰী দ্বিত্বীয় বৰ্ষত থাকোতেই  কেনেকৈ তাই যাব লগা হৈছিল তৰ্ক প্ৰতিযোগীতাৰ বিচাৰক হবলৈ| সৰু ঠাই খনৰ সাধাৰণ মানুহ বোৰৰ কাৰণে যেন তাই আছিল এক অদ্ভুত প্ৰতিভাৰ ভঁড়াল; চাইল্ড প্ৰডিজিলেও তাই লক্ষ্যৰ পৰা বিচলিত হোৱা বিধৰ মানুহ নাছিল , প্ৰতিক্ষণতে তাই মনত ৰাখিছিল, তাইৰ বহুত কাম কৰিব লগা আছে, বহুত কষ্ট কৰিব লগা আছে, এইয়া আৰম্ভনিহে মাত্ৰ|
            আৰু এটা বস্তু আছিল তাইৰ , কেৱল সেই ব্স্তুটো থাকিলেও এটা মোতামোটি ভাল জীৱন কটাব পাৰিলেহেঁতেন শ্যামলীয়ে| গোটেই অঞ্চলটোৰ ভিতৰতে ধুনীয়া ছোৱালী বুলিলে তাইৰ নামটোৱেই প্ৰথমতে আহিছিল ছাগে| বেছি বগা নহলেও আকৰ্ষণীয় গাৰ ৰং, বৈ পৰা চেলাউৰি, জোঙা নাক, লগতে তাইৰ সকলোকে ভুলাব পৰা হাঁহি, সকলোৰে মাজত জিলিকি থাকিব পৰা উচ্চতামাৰ্জিত কথা বতৰা, আৰু কি লাগে| আৰু এনে নহয় যে তাই নিজৰ ৰূপ সম্বন্ধে সচেতন নাছিল| কোনো ক্ষেত্ৰতে পিছ পৰি থকা তাইৰ স্বভাব বিৰূদ্ধ, নিজকে দেখিবলৈ ধুনীয়া কৰি তুলিবলৈয়ো তাই যত্নৰ ত্ৰুতি কৰা নাছিল , তাতে তাইক উৎসাহিত কৰিছিল তাইৰ মাকে| গোটেই অঞ্চলটোৰ ভিতৰত  সদায় লিপস্টিক লগোৱা ছোৱালী তায়েই ছাগে প্ৰথম, চকুত কাজল নলগোৱাকৈ তাইক নিজৰ বাদে কোনেও দেখা পোৱা নাই সেইটো নিশ্চিত| গতিকে তাই এটা সৰু , অলপ ভাললগা সমস্যাৰ সন্মুখীন হৈছিল ...তাইৰ অলেখ প্ৰেমিক বিলাকৰ পৰা | ইমান খিনি বুদ্ধি তাইৰ আছিল যে কেনেকৈ এই বিলাক বস্তু নিজৰ পৰা দুৰ ৰাখিব পাৰি, আধা সংখ্যক টো তাইৰ ওচৰ চাপিবলে কে সাহস কৰা নাছিল , বাকীখিনিক দুৰত ৰাখিবৰ কাৰণে তাইৰ বান্ধৱী বিলাকেই যথেষ্ট আছিল| মাজে মাজে ৰাতি অকলে তাই বিচনাত পৰি পৰি দুই এটা এইজাতীয় প্ৰাণীৰ কথা ভাবিছিল, ওঁঠত খেলি উঠিছিল এটা মিচিকীয়া হাঁহি, ..তুমি কি আৰু মই কি ?? যোৱা.মোৰ বাবে হুমুনিয়াহ কাঢ়ি জীৱনটো বৰবাদ কৰাগৈ.......মোক পাবলে তুমি আৰু বহু কেইটামান জনম ধৰিব লাগিব| সিহঁতৰ নিৰ্বুদ্ধিতা দেখি মাজে মাজে পুতৌ উপজিছিল অলপ, পিছ মুহুৰ্ততে আকৌ নিজকে সম্ভালি লৈছিল তাই|
            এনে এটা সময়তে তাই তাক লগ পাইছিল ; প্লাৱন বৰঠাকুৰ, ৰেলৱেৰ , সিঁহতৰ ঘৰৰ ওচৰতে হব লগা প্ৰজে্ক্টতোত নতুনকৈ জইন কৰা আই এচ বিষয়া, যোৰহাটৰ এটা বিখ্যাৎ পৰিয়ালৰ সন্তান | কিন্তু কেৱল সেয়েই নহয়, প্লাবন আছিল সাহিত্যনুৰাগী, সমাজ সচেতন,  নতুনকে কিবা এটা কৰাৰ উৎসাহ আৰু লগতে সকলো সলনি কৰি দিয়াৰ সাহস থকা এটা লৰা| সি ইংৰাজীতে লিখা মেলা কৰা বুলি সকলোৱে জানিছিল , আৰু অসমৰ ইংৰাজী কাকত কেইখনত তাৰ নামতো ইতিমধ্যে চিনাকী নাম হৈ পৰিছিল | লগতে আছিল তাৰ বংশগত সুপুৰুষ চেহেৰা| আৰু তাইৰ আটাইতকৈ ভাল লগা বুদ্ধিদীপ্ত চকুহাল| মুঠতে তাইৰ বান্ধৱী বিলাকে সপোনতো প্লাবনক লৈ কিবা কল্পনা কৰিবলে ভয় কৰিব সেই বিষয়ে তাই নিশ্চিত| এনিগমেটিক মানুহ এটা| কলেজত কিবা এটা ফাংচন আছিলনবাগত আদৰণি বোধহয়; তালৈকে নিমন্ত্ৰণ কৰা হৈছিল প্লাবনক|  ছাত্ৰ একতা সভাৰ সম্পাদিকা হিচাপে আদৰণি ভাষণ তো শ্যামলীৰ  দ্বায়ি্ত্বত আছিল, গতিকে প্লাবনৰ বিষয়ে অলপ কথা তাই কষ্ট কৰি গোটাই লৈছিল| আগদিনা ৰাতি ভাষণটো সাজু কৰি থাকোতে , তাই বহুতো কথা গম পাইছিল তাৰ বিষয়ে| যিমানে পঢ়িছিল সিমানে আগ্ৰহ বাঢ়ি গৈছিল তাইৰ, ইমান প্ৰতিভা থাকিব পাৰেনে মানুহৰ,ইমান সৌভাগ্যবান হব পাৰেনে ?? যেন ৰূপকথাৰ ৰাজকোঁৱৰহেযলৈকে গৈছে , বিশ্ব জয় কৰি আহিছেভিনি , ভিদি , ভিচি ! জীৱনত প্ৰথমবাৰৰ বাবে  নিজকে দীণ বুলি অনুভৱ কৰিলে শ্যামলীয়ে| দুখ লগা নাছিল কিন্তু তাইৰ,   মনতো ভৰি উঠিছিলআলেকজেণ্ডাৰে পুৰুক লগ পোৱাৰ দৰে | পিছদিনা মিটিঙত বৰ জুখি মাখি কথা কলে তাই, জীৱনত প্ৰথম বাৰৰ বাবে  ভৰি কঁপিছিল, কাৰণ সমুখত বহি আছিল তাইৰ, হয়তো, যৌৱনৰ প্ৰথম প্ৰেম | তালৈ নোচোৱাকে যেনে তেনে ভাষণ সামৰি নামি আহিছিল শ্যামলী, লগৰ কেইজনীয়ে সুধিছিল,
-কি হল তোৰ?
- একো হোৱা নাই, মুৰটো ঘুৰাইছে অলপ”-
 মিছাকৈ কৈ  জিৰণী কোঠাত বহিলেগৈ তাই, তাৰ পৰা স্পষ্টকৈ শুণা যায়, হলঘৰত হৈ থকা মিটিং | লগৰকেইজনীয়ে ইতিমধ্যে  হয়তো প্লাৱনক লৈ অশ্লীল মস্কৰা কৰা আৰম্ভ কৰি দিছে| তেনেতে প্লাবন উঠিল মঞ্চলৈ, তাই কাণ থিয় কৰি ৰ| সম্বোধন কৰিয়েই  গুৰুগম্ভীৰ মাতেৰে সি আৰম্ভ কৰিলে
-       মই আজি যিখিনি কথা কম বুলি ভাবি আহিছিলোঁ, আপোনালোকৰ  শ্যামলী বুঢ়াগোঁহায়ে গোটেই কথা খিনি আগতীয়াকৈ কৈ দিলে, গতিকে মোৰ এতিয়া কবলগীয়া একো নাই;  সকলো নবাগতকে আদৰণি জনালোঁ , আপোনালোক ভাগ্যবান , শ্যামলীৰ দৰে অগ্ৰজ আপোনালোকক বাট দেখুৱাবলৈ এইখন কলেজতে আছে|

            প্ৰথমতে তাই ভুল শুণা বুলি ভাবিছিল , সি সঁচাকৈ তাইৰ কথা কৈছে নেকি?? ইতিমধ্যে ৰীমা আৰু অনসুয়া দৌৰি আহিল তাইৰ ওচৰলে...শ্যামলী !! প্লাবন বোলাটোৱে তোৰ কথা বাৰে বাৰে কৈছে..., পতিলে দেই তোৰ লগত, আহা....কি বস্তু পালি ৰে  তই, .........চা.... তই তালে নেযাও বুলি ভাবিলে ..মোৰ কথাটো উলিয়াবি কিন্তু...নহলে সতিনীকে বনাই লবি... প্লীজ.......তাক দেখিলে ইমান ৰোমান্টিক যেন লাগে...উহহ...বিচনাত কিমান ৰোমান্টিক হব ছাগে...তই বাজীমাৎ কৰি দিলি দেই ....!!!!!!!

            তাই মুহূৰ্তৰ দুৰ্বলতাৰ পৰা নিজকে মুকলি কৰি  হলঘৰলৈ আগবাঢ়ি গ| ইতিমধ্যে মিটিং শেষ হ| চাহ-ভোজনৰ পৰ্ব চলি আছিল| তাই পোনে পোনে গৈ তদাৰক কৰা আৰম্ভ কৰিলে | সাধাৰণ সম্পাদিকা হিচাপে তাইৰ দ্বায়িত্ব পালন কৰাত যাতে কোনো হীনদেৰি নহয় | তাই প্লাবনকো সুধিলে কিবা অসুবিধা হৈছে নেকি?অকণমান আশা এটাও আছিল মনত, প্লাবনে ছাগে তাইক প্ৰশংসা কৰিব, তাতে তাইৰ চেহেৰাকো জানো সি আওকাণ কৰিব পাৰিব| কিন্তু, নুশুধিলে সি, তাৰ চকুত অকণমান জিলিকনি বিচাৰিও শ্যামলী হতাশ হ| সেই মূহুৰ্ততে তাইৰ মনত জন্ম হল এই  জেদ, যি জেদে তাইৰ জীৱনৰ গতি পথ নিৰ্ধাৰণ কৰি আহিল , আজিলৈকে|

            সেইদিনাৰ পাছত, সিঁহতে ইটোৱে সিটোক সঘনাই লগ পাই থকা হল বিভিন্ন কাৰণত| কেইবাবাৰো প্লাৱন সিঁহতৰ ঘৰলেও আহিললাহে লাহে আৰম্ভ হল  ঘন্টাৰ পাছত ঘন্টা  একেলগে কথা পতা | কেতিয়াবা কবিতাৰ কথা, কেতিয়াবা ৰাজনীতিৰ কথা, কেতিয়াবা খেলৰ কথা, আৰু কেতিয়াবা হয়তো জীৱন দৰ্শণৰ কথা | যিমানে প্লাৱনৰ ওচৰ চাপি গ, সিমানে আচৰিত হল তাই, কেনেকে মানুহৰ মনৰ কথা ইমান মিলিব পাৰে | বহুবাৰ ভয়ংকৰ তৰ্কও কৰিলে তাই, কিন্তু প্ৰায়ে তাৰ যুক্তিত হাৰ মানি লব লগা হ| যিমানে হাৰিল, সিমানে  তাৰ প্ৰতি আকৰ্ষণ বাঢ়ি গ|  তাই উপলব্ধি কৰিলে  প্লাবনে, শ্যামলীৰ  দৰে প্ৰতিভাবান ছোৱালী এজনীৰ লগতহে জীৱন কটোৱা উচিৎ, আৰু সেই ছোৱালী জনী তাই নিজেই হবলেও তাইৰ কোনো আপত্তি নাই | দুয়ুটা একে ধৰণৰ মানুহ ...জীৱনক নতুন দৃষ্টিৰে চাব পৰা মানুহ, জীৱনত কিবা কৰি যোৱাৰ হেঁপাহ আৰু প্ৰতিভা থকা মানুহ|

            কিন্তু সমস্যাতো হল  তাতেই, কোনো আগবাঢ়ি নিজকে হেয় কৰা মানুহ নহয়| গতিকে বন্ধুত্বৰ মাজতে সীমাবদ্ধ হৈ থাকিল সিঁহতৰ সম্পৰ্ক | যেতিয়া তাৰ বিয়া ঠিক হোৱা বুলি তাই গম পালে, সাধাৰণ ছোৱালীৰ দৰে ইৰ্ষাত জ্বলি পুৰি নমৰিল শ্যামলীসিহঁত দুইটাৰ বিয়া হোৱা বৰ সম্ভৱ নহয় বুলি তাই আগতেই অনুমান কৰি লব পাৰিছিল , বুঢ়াগোঁহাই আৰু বৰঠাকুৰৰ সমস্যাতো আছেই , তাতে দুয়োটা অদৰকাৰত গন্দগোল গোটাই লোৱা ধৰণৰ মানুহ নহয়, তাৰো ওপৰত দুয়োৰে আত্মসন্মান | কিন্তু তাইৰ সম্পুৰ্ণ বিশ্বাস আছিল সি এদিন নহয় এদিন কবই...উপলব্ধি কৰিব তাইৰ প্ৰয়োজনীয়তা, সাধাৰণ মানুহৰ লগত তাইৰ পাৰ্থক্য | সেইদিনা সি তাইৰ ওচৰলে আহিব, নিজৰ সকলো ইগ পৰিত্যাগ কৰি , হাতযোৰ কৰিব তাইৰ ওচৰত, আৰু সেইদিনাই...শ্যামলীয়ে তাক পৰিপুৰ্ণ কৰি দিব , সাঁচতীয়া সকলো মৰমেৰে..পাৰ ভঙা সকলো আবেগেৰে |  আৰু এই সহচৰ্য্যৰ বাবে দুয়ুটা একেখন ছালৰ তলতে থকাৰ প্ৰয়োজন আছে বা ভবিষ্যতে কেতিয়াবা হব বুলি শ্যামলীয়ে নেভাবে| এনেধৰণৰ চিন্তাই তাইৰ  দৰে মানুহক শোভা নিদিয়ে|

            কিন্তু সেই দিনটো বৰ সোনকালে নাহিল| প্লাৱনো ট্ৰেন্সফাৰ হৈ আঁতৰি গ, বিবাহিত মানুহৰ বহুত সমস্যা থাকে | লাহে লাহে তাৰ লিখা মেলা কমি আহিল,এসময়ত নাইকীয়া হবাতৰি কাকত আলোচনীৰ পাঠকে তাৰ নাম পাহৰিব ধৰিলে| সকলোৱে ভাবিলে, কৰ্মব্যস্ততাৰ বাবে হয়তো সি এইবিলাক কামত সময় দিব নোৱাৰা হ| কিন্তু শ্যামলীয়ে জানে আচল কথা কি?  মানুহক সৃষ্টিৰ বাবে প্ৰেৰণা লাগে, এক অতৃপ্তি লাগে | আৰু এই মূহুৰ্তত প্লাৱনৰ পত্নীয়ে সেই প্ৰেৰণা, সেই অতৃপ্তি  দিব পৰা নাই | সেই বস্তুকেইটা পৃথিবীত  মাত্ৰ এজনী ছোৱালীৰ হাতত আছে, তাই সযতনে লুকুৱাই থৈছেযিদিনা প্লাবনে উপলব্ধি কৰিব , সি তাইৰ ওচৰলে ভিক্ষাৰী হৈ আহিব, আৰু তেতিয়াহে তাই প্লাবনক দিব, তাৰ সৃষ্টিৰ উৎসৰ ঠিকনা !!

            সাধাৰণ দৃষ্টিত প্লাবন আৰু শ্যামলী-প্ৰেমিক প্ৰেমিকা কেতিয়াও  নাছিল , আৰু দুয়ুটাই এই পেনপেনীয়া প্ৰেম জাতীয় বস্তুটোক মনে প্ৰাণে ঘৃণা কৰিছিল| সেইকাৰণে, মাক দেউতাকে তাইৰ বিয়াৰ সম্বন্ধটো লৈ আহোতে তাই বিশেষ উচ্চবাচ্য নকৰিলে | শ্যামলীয়ে জানিছিল তাই হয়তো এই সামাজিক বিবাহ  নামৰ সকলোৱে কৰা কামটো তাইয়ো এদিন কৰিব লাগিবকোনোবা সাধাৰণ মানুহৰ লগতে জীৱনটো কটাবও  লাগিব | হলেও কথা নাই, নিজৰ ভিতৰৰ পৃথিৱীখনত তাই সদায় প্লাৱনৰ লগতে থাকিব, সিয়ো থাকিব তাইৰ লগত , তাইৰ সকলোতকে ভাল বন্ধু আৰু আটাইতকৈ ভয়ংকৰ প্ৰতিদ্বণ্ডী হৈ |
           
             তাইৰ ধাৰণা অমুলক নাছিল | তাইৰ স্বামী সমীৰৰ শিক্ষা-দীক্ষা আৰু জ্ঞান কেৱল তাৰ ডিগ্ৰীটোতে সীমাবদ্ধ , মানুহটো একেবাৰে নিৰহ-নিপানি, অসম চৰকাৰৰ চাকৰীয়াল| জীৱনত মাক-দেউতাক, পত্নী, ৰা ছোৱা্লী আৰু চাকৰীটোৰ বাদে একো সি চিন্তা কৰি পোৱা নাই| চিলেবাচত নথকা এখনো উপন্যাস , এটাও কবিতা সি পঢ়ি পোৱা নাই, বাতৰি কাকত খনো লোকক দেখুৱাই হেডলাইন কেইটাৰ বাদে আৰু বেছি পঢ়া যোৱা বাৰ বছৰে শ্যামলীয়ে দেখা নাই| তাই যেনে আনুমান কৰিছিল থিক তেনে, খাই বৈ জীয়াই থকাৰ বাদে আৰু  একো চিন্তা কৰাৰ ক্ষমতা নথকা সাধাৰণ মানুহ | এনেই সি মানুহটো সকলো ফালৰপৰা ভাল, দেখাই শুণাই , দৰমহাই পাতিয়ে, ব্যৱহাৰ, মৰম চেনেহ , দ্বয়িত্ববোধ; সমীৰ বহুতৰে বাবে আদৰ্শ স্বামী আৰু পিতৃ| কিন্তু তাইৰ বাবে নহয়তাইক মানসিক খোৰাক দিব পৰাকৈ  সমীৰৰ একোৱেই নাই | তাইৰ আগ্ৰহ জন্মোৱা, তাইৰ লগত ফেৰ মাৰি দুআষাৰ কথা পতা তাৰ বাবে সুদূৰ পৰাহততাক হয়তো তাইৰ বাবে  এটা কবিতা শুণাবলে জেদ ধৰিলে,   সি ঘৰ বাৰী এৰি বৈৰাগী হবগৈ , তাৰ বাবে সেইটো ভাবিব নোৱাৰা কথা|

            কিন্তু কথাটো এনেকুৱাও নহয় যে শ্যামলী বৰ দু:খত আছিল, হয়তো তাই আগতীয়াকৈ অনুমান কৰিব পাৰিছিল, সেই বাবে | তাই আজিলৈকে কতো কেতিয়াও হাৰ মনা নাই,প্লাবনৰ ওচৰতো, গতিকে, গৃহিণীৰ ৰূপতো তাই জিকিবই লাগিববিয়াৰ পাছতে, এগৰাকী সফল গৃহিণী হবৰ বাবে তাই সৰ্বশক্তি প্ৰয়োগ কৰিলে | তাই বাবে বৰ টান কাম নহয়, মানুহক কেনেকে ভাল লগাই ৰাখিব লাগে সেই বিষয়ে তাই বহু অভিজ্ঞ মানুহ| তাই কাকো আপত্তি কৰাৰ সুবিধা দিব নিবিছাৰে- নিজৰ মাক দেউতাককো দিয়া নাইসমীৰৰ ট্ৰেন্সফাৰবোৰ, দুটাকৈ কেঁচুৱা, শহুৰেকৰ মৃত্যু, -সকলোতে শ্যামলীয়ে নিজৰ ভাওটো থিকেই দি গ, - ভিতৰত যিয়েই নহওক, বাহিৰত সকলো থিক থাকিব লাগিব, কোনেও তাইলৈ আঙুলি টোৱাব নোৱাৰিব লাগিব  | বাস্তবৰ সন্মুখীন হোৱাৰ সাহস তাইৰ সৰুৰে পৰাই আছিল, আৰু বাস্তবৰ লগত যুঁজি নিজৰ কাম কৰি যোৱাৰ মানসিকতাও | আজি যিদৰে তাই ভালকৈ ৰান্ধিব পাৰে, ৰা ছোৱালী দুটাৰ পঢ়াৰ যতন লব পাৰে, এনে ধৰণৰ কাম কৰি জীৱন কটাম বুলি তাই কেতিয়াও ভবা নাছিল|  হলেও তাইৰ আপত্তি নাই , যি কৰে তাকে পাৰফেক্টকৈ কৰিব লাগিব | আবেগ অনুভুতিৰ কথা পিছত আহিব|

            ভিতৰি ভিতৰি তাই জানে, সমীৰক বা এই জীৱনটোক তাই কেতিয়াও ভাল পাব নোৱাৰে, - আচলতে সমীৰৰ তাইৰ মৰম পোৱাৰ যোগ্যতাই নাই| সকলো কাম তাই যান্ত্ৰিক ভাবেহে কৰি আছে, আৰু তাৰ বাবে তাইৰ কোনো দুঃখবোধো নাই | কাৰণ তাইৰ মৰম আৰু শ্ৰদ্ধাৰ যোগ্য গৰাকী এজনেই আছে পৃথিৱীত , যি তাইৰ দৰে প্ৰতিভাবান , তাইৰ দৰে তেওৰো দুচকুত পৃথিৱীখন সলনি কৰি দিয়াৰ সপোনপ্লাবনৰ প্ৰতি তাইৰ আগ্ৰহ দিনক দিনে বাঢ়িহে গৈছিল এই সময়ছোৱাত | তাই অপেক্ষাত আছিল সেই দিনটোৰ, যিদিনা, প্লাবনে তাইক কব তাৰ মনৰ কথা, তাৰ অপ্ৰাপ্তিৰ কথা, আৰু সেইদিনাৰ পৰাই , এই বান্ধোনবোৰৰ মাজত থাকিও তাই আকৌ হব প্লাবনৰ সৃষ্টিৰ প্ৰেৰণা| আৰু তাইৰ মনৰ মাজত প্লাবনৰ উপস্থিতি ধৰা পেলাব পৰাকৈ সমীৰৰ বুদ্ধি নাই সেই বিষয়ে তাই এশ শতাংশ সুনিশ্চিত |

            কেতিয়াবা তাইৰ সমীৰলৈ পুতৌ ওপজে, যেতিয়া সি তাইক আৰু পৰিয়ালটোক সুখত ৰাখিবলৈ আহোপুৰুষাৰ্থ কৰি থকা দেখে | যেতিয়া দেখে সি তাইৰ সকলো দোষ নেদেখা ভাও ধৰি, তাইৰ ওপৰত একো দাবী নৰখাকৈ, কেৱল কাম কৰি যায়- এনে লাগে তাইৰ যেন সি , তাইক উপাসনাহে কৰিছে, কব নোৱাৰাকৈ  এক তৃপ্তিৰ ভাব জাগি  উঠে মনত | তাইৰ সকলো প্ৰয়োজনৰ খবৰ ৰাখে সি, তাই বেয়া পালে নিজকে সলনি কৰি পেলাই লগে লগে, কেৱল তাইক আনন্দত ৰাখিবৰ কাৰণে| কিন্তু সমীৰৰ প্ৰতি এইবোৰ কৰিবলে একো প্ৰয়োজন বোধ নকৰে তাই | শ্যামলীয়ে জানে, এই সৰু সুৰা কথাবোৰত সময় নষ্ট কৰিবলে তাই জন্ম হোৱা নাই , তাই কিবা ডাঙৰ কাম কৰিব লাগিব, আৰু তাই কৰিবই, মাথো সময় আৰু সুযোগৰ অপেক্ষাত ৰৈ আছে তাই, সকলো শক্তি সঞ্চয় কৰি; যিদিনা তাইৰ লগত থাকিব প্লাবন, তাইৰ প্ৰেৰণা আৰু পথপ্ৰদৰ্শক হৈ|

            কিন্তু আজি সকলো ওলট পালট কৰি গ| এই বাতৰিটো পঢ়াৰ আগমুহূৰ্তলৈকে সকলো ভবা মতেই হৈ আছিল, ঘটনাটোৱে যেন নিস্ব কৰি গল শ্যামলীক| যিটো ভেঁটিৰ ওপৰত ইমান দিনে তাই তিল তিলকৈ জীৱনৰ সৌধ গঢ়ি তুলিছিল , তাই কব নোৱাৰাকৈয়ে  ভেঁটিতো  কেতিয়াবাই  উঁয়ে খাই ফোঁপোলা কৰি পেলালে| আৰু আজি তাচপাতৰ ঘৰৰ দৰে ভাঙি পৰিল তাইৰ সপোন, তাইৰ লক্ষ্য, জীয়াই থকাৰ উদ্দেশ্যকেনেকে হব পাৰে ই, ইমান ভুল হব পাৰেনে তাইৰ হিচাপকোনখিনিত ভুল কৰিলে তাই? প্ৰচণ্ড ঘৃণা ওপজিল নিজৰ ওপৰতে| বেশ্যা যেন লাগিল নিজকে;  যিটো মানুহক দেৱতা বুলি উপাসনা কৰিছিল, যাৰ চকুত  প্ৰতিস্থা লাভ কৰিবলে ইমান দিনে নিজকে সাজু কৰি তুলিছিল,  তাৰ প্ৰকৃত ৰূপটো কল্পনা কৰি থুৱাই দিবলে মন গল তাইৰ | ইমান মূৰ্খ আছিলনে তাই, যে তাৰ সুন্দৰ চেহেৰা আৰু গুৰুগম্ভীৰ কথাৰে লুকুৱাই ৰখা পশুটোক কেতিয়াও দেখা নেপালে !  সি তাইক আগৰে পৰা ছাগে সেই চকুৰেই চাইছিল, যি চকুৰে প্লাবনে লেহন কৰিছিল সেই অকনমানি দুখীয়া ছোৱালীজনীৰ দেহ | আহহ...তেজবোৰ উজাই আহিল তাইৰ ..বুকুখন সোপা মাৰি ধৰা যেন লাগিলএই  লম্পটতোৰ কাৰণেই তাইক নিজকে সাজু কৰি আহিছিল গোটেই জীৱন| তাইৰ নিজৰ সৰু পৰিয়ালটোৰ লগত কেতিয়াও একাত্ম হব  পৰা নাছিল | ছি: | সমীৰৰ মুখখন বাৰে বাৰে তাইৰ মনলৈ আহিল, পাৰিবনে তাই তাৰ সমুখত থিয় হব আজি, কব পাৰিবনে তাইৰ মনৰ সকলো কথা | পাৰিবনে লৰা-ছোৱালী দুটাক সকলো আন্তৰিকতাৰে বুকুত সুমুৱাই লব? বিছনাখনত পৰি ৰল শ্যামলী; ঘৃণা, দুখ , অভিমান, লাজ, খং, সকলোৱে যেন হেঁচি ধৰি উশাহ বন্ধ কৰিবৰ চেষ্টা কৰিলে তাইৰ|
                   
            গেটখন খিটিং কৰি খোলাৰ  শব্দ হ;  সমীৰ আহিছে দুপৰীয়া ভাত খাবলে| প্ৰথমতে বাহিৰতে ভৰি হাত ধুব, তাৰ পাছতহে কলিং বেল বজাব| পৰ্দাৰ কাষেৰে, হয়তো  জীৱনত প্ৰথম বাৰৰ বাবে, তালৈ আগ্ৰহেৰে চালে তাই| শ্যামলীৰ এনে লাগিল যেন সকলো পথ ৰুদ্ধ হৈ যোৱাৰ পাছতোএখন বন্ধ দুৱাৰ  খুলি তাইক আগবঢ়াই লৈ যাবলৈ সমীৰ ৰৈ আছেমগজু নথকা, নিজৰ বাদে একো চিনি নোপোৱা, কবিতা পঢ়িব নজনা, সমীৰ|

No comments:

Post a Comment